আমাৰ চৌপাশে বাস কৰা খালী চকুৰে নেদেখা ক্ষুদ্ৰ অণুজীৱৰ পৰা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ বৈচিত্ৰ্যতাকে জৈৱ-বৈচিত্ৰ্য বুলি কোৱা হয়। পৰিৱেশত থকা এই বিভিন্ন জীৱকূলে ইটোৱে সিটোৰ লগত এক সমন্বয় সৃষ্টি কৰি জীয়াই থাকে নতুবা জীৱবোৰ পৰষ্পৰ নিভৰশীল হয়। যেতিয়া এই বিভিন্ন জীৱৰ মাজত সু-সম্পৰ্ক বজাই ৰখাৰ পৰিৱেশ বিৰাজমান হৈ থাকে তেনে পৰিৱেশ সন্তুলিত অৱস্থাত থাকে। যদি কিবা কাৰণত জীৱসমূহৰ জীয়াই থকাৰ অনুকূল বাতাবৰণ বিনষ্ট হয় তেতিয়াই পৰিৱেশ লাহে লাহে বিনষ্ট হৈ পৰে যাৰ ফলত জীৱসমূহ বৰ্তি থাকিবলৈ কঠিন হৈ পৰে অথাৎ জৈৱ-বৈচিত্ৰ্যত ব্যাঘাত জন্মে। বৰ্তমান পৰিৱেশ বিজ্ঞানী আৰু সচেতন নাগৰিকৰ মাজত বেচিকৈ আলোচ্য বিষয়টো হৈছে জৈৱ-বৈচিত্ৰ ধ্বংস বা হ্ৰাস। দিনক দিনে বাঢ়ি অহা জনসংখ্যা, নগৰীকৰণ, বনাঞ্চল ধ্বংসকৰণ, দ্ৰুত উদ্যোগিকৰণ আদি বিষয়বোৰে দ্ৰুত হাৰত জীৱৰ বৈচিত্ৰতাত আঘাত সানিছে। বায়ু, মাটি, পানী, তেজষ্ক্ৰিয় বিকিৰণ, শব্দ প্ৰদূষণ আদিৰ ঘটনবোৰে সমগ্র জীৱকূলৰ বাবে ভয়াবহ ভৱিষ্যতৰ ইংগিত দিছে। ইতিমধ্যে বহু জীৱ পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিছে, বহু বিলুপ্তিৰ পথত।
Monday, 31 May 2021
আমাৰ চৌপাশ
বৈজ্ঞানিক পদ্ধতিৰে কৃষি আৰু স্বাৱলম্বন
মানৱ সভ্যতা বিকাশৰ মূল ভেটি হ'ল কৃষি। এসময়ত অঘৰী জীৱন-যাপন কৰা মানুহ জাতিটোৱে খাদ্যৰ সন্ধানত এঠাইৰ পৰা অন্য এঠাইলৈ টলৌ টলৌ কৈ ঘূৰি ফুৰিছিল। কেইবছৰমান বাস কৰা পাছত আকৌ খাদ্যৰ সন্ধানত নতুন ঠাই বিছাৰি ঘূৰি ফুৰিছিল। এইদৰে এঠাইৰ পৰা অন্য এঠাইলৈ প্ৰব্ৰজন হৈ থকাটো সেই সময়ত এটা স্বাভাৱিক প্ৰক্ৰিয়া আছিল। সংৰক্ষিত বোলা নিজা খাদ্যভড়াল নাছিল বা তেনে উদ্যোশ্যত কৃষি কৰ্ম কৰিব পৰা অৱস্থা লৈ মানুহৰ মানসিক বিকাশ হোৱা নাছিল। বৰ্তমান বনৰীয়া প্ৰাণীবোৰৰ দৰেই মানুহো আছিল এক প্ৰাণী। কিন্তু কালক্ৰমত মানুহৰ বুদ্ধিমত্তা আৰু ইয়াৰ ব্যৱহাৰ আৰম্ভ হ'ল। চিকাৰ কৰি জীৱন নিবাহ কৰা সময়তে চিকাৰৰ বিভিন্ন অস্ত-শস্ত বনাই ব্যৱহাৰ কৰিব পৰা হ'ল। ঠিক তেনেকৈ এদিন একে ঠাইতে কেইবাবছৰ থাকিব পৰাকৈ ফল-মূল জাতীয় শস্ৰ, দৰকাৰী বন্যপ্ৰাণী আদি নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিল। এইদৰে হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰাৰ পাছত মানৱ সভ্যতাই আজিৰ এই পৰ্য্যায়ত উপনীত হ'ল। এতিয়া পৃথিৱীৰ চোকে-কোণে মানুহৰ জয়যাত্ৰা আমাৰ সেই পূৰ্বপুৰুষ সকলৰ প্ৰচেষ্টাৰ ফল। বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিত এতিয়া পৃথিৱীখন মানুহেৰে ভৰি পৰিল। এসময়ত মানুহৰ জনসংখ্যা বৃদ্ধি হোৱাটো সুভলক্ষণ বুলিয়েই গণ্য কৰা হৈছিল, কিন্তু বৰ্তমান বদ্ধিত জনসংখ্যাই মানুহৰ বসতিপ্ৰধান পৃথিৱীখন সংকুচিত কৰি পেলাইছে যত অদূৰ ভৱিষ্যতে এক বিষম পৰিস্থিতি উদ্ভৱ হোৱা দিশত মানুহৰ পৃথিৱী। এই সকলো পৰিস্থিতিৰ ভিতৰত এটা ডাঙৰ সমস্যা হ'ব খাদ্য অভাৱ। খাদ্য অবিহনে কোনো জীৱই থাকিব নোৱাৰে আৰু যিটো এদিন সত্য বুলি প্ৰমাণিত হ'ব বা এতিয়া পৃথিৱীৰ বহু দেশতেই খাদ্যৰ অভাৱত মানুহৰ মৃত্যু হোৱা খবৰ পায়েই থাকো।
লাইফ অফ এ ভূমিপুত্ৰ: এ ট্ৰেজিক ষ্ট'ৰি
২০১৪ চনতে একথামান মাটি কিনিছিলো। দখলদাৰীৰ পৰা কিনি দখল কৰিলো। ভাৱিছিলো কৰ্মসূত্ৰে যতেই নাথাকো নিজৰ চহৰখনত এটা পজা সাজি মাজে সময়ে নিজৰ ঘৰ বুলি যাম, থাকিম। বুঢ়া হৈ চৰকাৰে অকামিলা বুলি অব্যাহতি দিয়াৰ পাছত জীৱনৰ শেষৰ দিনটোলৈকে নিজৰ মাটিতে নিজৰ ঘৰ সাজি থাকিম, আপোন পৰিয়াল, বন্ধু-বান্ধৱসকলৰ সৈতে সময় কটাম।
--দিন বাগৰিল। অফিচত গ'লেই কেৰানী পৰ্য্যায়ৰ কৰ্মচাৰীজনে ফাইলৰ শেষতীয়া খবৰটো জনায় কয়---
কয়---আপোনালোকৰ ফাইলটো পাছ হোৱা নাই। লোকেল কৰ্ট তেতিয়াৰ পৰাই হোৱা নাই।
আকৌ যাওঁ, একেই উত্তৰ। খং উঠে, উভতি আহোঁ নিৰাশ হৈ, বুকুত এটা ক্ষোভ জমা কৰি।
এদিন গম পালোঁ ফাইলটো সচিবালয়লৈ গৈছে। মনটো ভাল লাগি গ'ল। মনত ঠাহ খাই থকা কলীয়া ডাৱৰৰ টুকুৰাবোৰ এচপৰা এচপৰা কৈ আতৰি যাবলৈ ধৰিলে। সৰু মানুহ। সৰু সৰু সপোন। দেখা সপোনটোৰ অলপ জোনাকী আভা দেখিলেই মনটো নাচি উঠে। কল্পনাত উটি ভাহি যোৱাৰ মানুহ। মোৰ কল্পনাৰ ফেহুজাল ভাঙি কৰ্ণ পৰ্দাত লাগিল-
--ক'লে, ফাইলটো কেতিয়া আহে নাজানো। আপুনি যদি ত্ৰিশ-পয়ত্ৰিশ মান খৰচ কৰি নিজেই কৰি আনিলে সোনকালে হ'ব। এয়া অভিজ্ঞ অফিচৰ কেৰানী পৰ্য্যায়ৰ চাটৰিয়ালে কোৱা কথা।
--মোৰ বিশ্বাস নহ'ল। দূৰ্নীতিমুক্ত, প্ৰদূষণ মুক্ত আৰু বিদেশী মুক্ত চৰকাৰ এখন থাকোতে এয়া কেনেকৈ সম্ভৱ! দুৰ্নীতিৰ বজাৰত ধন লোৱাটো যিদৰে দায়ী তেনেকৈ দিয়াওতো সমানেই দায়ী। মনত নিজকে অবান্তৰ সান্তনা দি বহি থাকিলোঁ। অগাধ বিশ্বাস চৰকাৰখনলৈ, এদিনটো হ'বই।
দিন বাগৰিল, চুটিত ঘৰলৈ গ'লে খবৰ লৈ থাকিলোঁ আৰু একে উত্তৰবোৰ লৈ তিক্ত অভিজ্ঞতাৰ ভড়ালটো মেটমৰা কৰি গ'লো।
--এদিন অফিচত গৈ খবৰ পালোঁ ফাইলটো আহি পালে। কাণত কেঞা আঙুলি খুচৰি চফা কৰি আকৌ শুনিবলৈ চেষ্টা কৰিলোঁ-- ঠিকেতো শুনিছোঁ নে? ফাইল আহি পালে মানে ইতিমধ্যে কেইবামাহো হৈছে। আনন্দতে কলো দিয়ক তেতিয়াহ'লে কি কি কৰিবলগীয়া আছে। মনটো ৰঙীণ হৈ পৰিল। কামটো হৈ আহিলেই ঘৰ সাজিম। বেংকৰ পৰা হাউচিং লোন ল'ম। চাৰিকোঠীয়া ঘৰ বনাম। আগফালে এখন সৰু ফুলনি, এখন সৰু শাকনি বাৰী।
--ক্ষণিকৰ বাবে মনত ঠাহ খাই থকা সপোনবোৰ উগাৰি অহাদি উকলি আহিবলৈ ধৰিলে।
ফাইলটো খুলি দেখুৱালে এইখিনি নথি- পত্ৰ খিনি যোগাৰ কৰিব লাগিব। সকলো দিয়াৰ পাছত ফাইলটো পুনৰ সচিবালয় পঠিওৱা হ'ব। আজিকালি নগৰত মাটি ল'লে সচিবালয়ৰ পৰা হৈ আহে। সকলো যদি ঠিক ঠাকে থাকে এইবাৰ হৈ আহিব। কেতিয়ালৈ আহিব ক'ব নোৱাৰোঁ। ক্ষণিকৰ বাবে মনত ঠাহ খাই থকা সপোনবোৰ উগাৰি অহাদি উকলি আহিবলৈ ধৰিলে।
লগা নথি-পত্ৰবোৰনো কি চালোঁ- প্ৰায় বিলাক ইতিমধ্যে জমা কৰা আছে। মাত্ৰ মাটিখিনিত ৰৈ নিজৰ ফটো একপি দিব লাগে। তেনেই সহজ।
--কলো ফটোতো দি দিম, বাকীবোৰটো আছেই।
-নাই, ট্টেছ মেপ আকৌ দিব লাগিব। মানে মাটিখিনিৰ জোখ মাখ কৰি তৈয়াৰ কৰা মাটিটুকুৰাৰ নক্সা।
-এইখন দিয়া আছেই, আকৌ কিয় দিব লাগে?
--লাগিব, আমাৰ ফাইলত নাই। মণ্ডলৰ অফিচৰ পৰা আনিব লাগিব। ফটোকপি হ'লেও হ'ব।
মণ্ডল অফিচত গৈ খবৰ ললোঁ। অত্যন্ত ব্যস্ত মণ্ডলবোৰ। এবাৰ দুবাৰ মাতিলে শুনিয়েই নাপায়। কাম কৰোতে কৰোতে ইতিমধ্যে কাণকেইখনো বিকল হৈছে যেন লাগিছে। জোৰকৈ কলো।
-হেৰি শুনিছে, আপোনাকে কলো। এনেকুৱা কথা।
এককোটি টকীয়া মূল্যৰ কথাষাৰ কলে- মই সেই লাটৰ মণ্ডল নহয়।
-তেন্তে কোন? আকৌ নিমাত। এজন চিনাকি চিনাকি লগা মণ্ডলৰ ওচৰলৈ গলো, কথাটো কলো। মানুহ জন দেখুৱাই দিলে। মানুহজন নতুনকৈ চাকৰিত জইন কৰিছে চাগে। বয়সত সৰু। স্মাৰ্ট যেন লাগিল। পাংকচুৱেল যেনো লাগিল। কামটো হ'ব পাৰে বুলি মনতে বিশ্বাস এটা উপজিল।
-হেৰি, বোলো- এনেকুৱা সমস্যা হৈছে। অলপ চাই দিয়কচোন!
কলে সেই মেপখন কৰ্টৰ অমুকতহে পাব।
কলো, মোক তাৰপৰাইহে পঠিয়াইছে, ইয়াতে পোৱা যাব বুলি।
--নাই, ইতিমধ্যে ফাইলৰ লগত জমা দিয়া হৈছে, সেই ফাইলৰ লগতে থাকিব।
তেওঁ লোকে তাত নাই, আপোনালোকৰ লগতে আছে বুলি কলে।
নাই নাপাব, তাৰপৰাই ল'ব লাগিব।
-যদি নাপাওঁ কি কৰিম!
--আকৌ বনাব লাগিব।
-কেনেকৈ?
--অলপ খৰচ কৰিব লাগিব।
আকৌ খংটো আহি চুলিৰ আগ পালে। নতুন প্ৰজন্মৰ মণ্ডল, ভাৱিছিলো কণ্ডল নাথাকিব। কিন্তু পাৰ্থক্য নাই।
কি কৰোঁ। আক্ৰমণকে কৰি দিওঁ নেকি? নাই আইন হাতত তুলি ল'ব নোৱাৰি।
দিন বাগৰিল, মোৰো ব্যস্ততা বাঢ়িল। জীৱন-যাত্ৰাৰ তালিকাত নতুন নতুন কামৰ সংযোজন হ'ল। চুটি কমিল। আহ জাহ কমিল। নিজৰ মাটিত, নিজৰ ঠাইৰ আপোন মানুহৰ লগত থকা আশাৰ চাকিটো ধিমিকি ধিমিকি কৈ জ্বলা দেখিছোঁ। ভূমিপুত্ৰ হৈও এটুকুৰা মাটি নিজৰ নামত চৰকাৰী খাটাত লিখাব নোৱাৰা অসুখ এটাই বুকুৰ কোনোবা একোণত মচিব নোৱাৰাকৈ দাগ কাটি গ'ল।
মিজোৰামৰ দিনলিপি
যোৱা ২০ ফেব্ৰুৱাৰীৰ ২০১৮ ৰ পৰা বিশেষ কামত আমাৰ অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ৩০ জনীয়া দল এটাই বিশ্ববিদ্যালয়ত বাহৰ পাতি আছোহি । আমাৰ বিশেষ কাৰ্যসূচীৰ অন্তগত ভ্ৰমণমূলক অধ্যয়ন কৰিবলৈ যাওঁতেে আমাক কিছু কথা ভাৱিবলৈ বাধ্য কৰাইছে । যদিও মোৰ মিজোৰাম সম্পকে কিছু ধাৰণা আগৰে পৰা আছে তথাপি বৰ্তমানৰ বৃত্তি আৰু কাৰ্যসূচীৰ সৈতে জড়িত কিছু কাম কৰিবলৈ যাওঁতে আৰু বহুতো কথা জনাৰ সুবিধা পাইছো । যোৱা ২০ তাৰিখৰ পৰা আজি দিনটোলৈকে মিজোৰাম বিশ্ববিদ্যালয়ৰ অতিথিশালাত থাকি আয়োজক সমতিৰ আতিথ্য আৰু পৰিচালনাৰ যি অভিজ্ঞতা হৈছে সেইয়া অতুলনীয় । তাৰোপৰি চাৰিও ফালে গছ-গছনিৰে আৱৰি থকা সীমাহীন সেউজীয়াৰে আৱৰা মিজোৰামত ডাৱৰে লুকা ভাকু খেলে । ঘৰবোৰ কেতিয়াবা ডাৱৰৰ বুকুত হেৰাই যায় । নিমিষতে এই ঠাইবোৰ যেন বিলীন হৈ যায় ইপাৰ সিপাৰ নমনা বিশাল ৰহস্যময় সাগৰৰ মাজত । ঘৰবোৰ যেন হৈ পৰে সাগৰৰ তলিৰ মণি মুকুতা । ক্ষণিকতে আকৌ চেগুণ গছৰ ফাঁকেৰে দিবাকৰে পোহৰৰ বান মাৰি ডাৱৰবোৰ খেদি খেদি ঘৰবোৰ উদ্ধাৰ কৰেহি । উখ উখ থিয় পাহাৰবোৰৰ গাতে সাবতি থকা চৰাই বাহঁটোৰ দৰে লগা ঘৰবোৰ আকৌ জিলিকি উঠে । কেতিয়াবা দিনটোতে দুই তিনিবাৰ এইদৰে লুকা ভাকু খেলে ডাৱৰ আৰু সীমাহীন সেউজীয়াই । ঘৰবোৰ যেন কোনো খনিকৰে কোনোবা প্ৰাচীন দেৱালয়ত খোদিত কৰি থৈ যোৱা চিহ্নহে--দূৰৈৰ পৰা চালে এনে যেন লাগে ।
মিজু সকলৰ ইতিহাস অতি পুৰণি । ইতিহাসৰ বুকুত এই জাতিৰ বিস্তৃত সমল বিচাৰি নেপালেও ইতিহাসে ঢুকি পোৱা তথ্যৰে য়থেষ্ট কথা জানিব পাৰি । অতি প্ৰাচীন কালত বিভিন্ন সময়ত শক্ৰপক্ষৰ সৈতে যুজঁ বাগৰ কৰি আজি এই সময়ত উপস্থিত হৈছে মিজুসকল । সোতৰ শতিকাতে ব্ৰক্ষ্মদেশৰ পৰা আহি ভাৰতৰ ভূ-খণ্ডত নিজকে প্ৰতিষ্ঠা কৰি নিজৰ পৰম্পৰা, কৃষ্টি আৰু আধ্যাত্মিক ভাৱধাৰক বিশ্বদৰবাৰত বিলাই দিব পৰা এই জাতিটোৰ উত্তৰণৰ বাট ইমান মসৃণ নহয় । বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আৰু প্ৰতিকূল পৰিৱেশৰ লগত যুজঁ বাগৰ কৰা এই জাতিটোৰ ইতিহাস বিষাদে ভৰা হ'লেও বৰ্ণময় । জীৱন সংগ্ৰামত বাসস্থানৰ বাবে অন্যতম নিৰাপদ স্থান হিচাপে বাছি লৈছিল পাহাৰৰ উচ্চতম অংশ । এই অংশৰ পৰা শক্ৰক আক্ৰমণ কৰিবলৈ সুবিধাজনক বুলি বিবেচনা কৰিছিল । সেই হেতুকে মিজোৰামৰ সকলো চহৰ পাহাৰৰ শীষৰত অৱস্থিত ।শিক্ষা হ'ল মানৱ সভ্যতা বিকাশৰ অন্যতম আহিলা । শিক্ষা অবিহনে কোনো জাতি, সমাজ বা দেশ আগবাঢ়ি যাব নোৱাৰে । মিজোৰাম এখন শিক্ষিত ৰাজ্য । বিশাল ভাৰতৰ্বষত মিজোৰাম শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত এখন । শিক্ষাই পৰিবৰ্তন আনে । শিক্ষাই এখন সমাজৰ শ্ৰী-চেহেৰা সলাই দিব পাৰে । শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰিমুখী হোৱা অনুচিত । শিক্ষাই বিশৃঙ্খলতাক সজাই শৃঙ্খলিত কৰে । শিক্ষাই মানৱ জীৱন সঠিক ৰূপত সজাই কমোদ্যমী হ'বলৈ শিকায় । ৯০% তশৈ বেছি শিক্ষিত লোক থকা মিজোৰামত তাৰ প্ৰভাৱ দেখা যায় ।
কামৰ সৰু বৰ নাই । উচ্চ শিক্ষাই কেৱল উচ্চ পৰ্য্যায়ৰ কাম কৰিবলৈকে নকয় । সৰু কামবোৰকো কেনেদৰে উচ্চ মানেৰে কৰিব পাৰি তাৰ সন্ধানহে দিয়ে । মোৰ বোধেৰে মিজুৰামত এই পৰিৱেশ সতে পৰিলক্ষিত হয় । ডেকা গাভৰু সকলে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ বাবে ঘৰতে বহি থকা বা নিজকে নিবনুৱা বুলি সাত সাবতি বহি থকা বিধৰ নহয় । মিজোৰামৰ বহতো সৰু বৰ দুকান, হোটেল বা ব্যৱসায়ত শিক্ষিত লোক দেখা যায় । প্ৰায়ে ইংৰাজীত কথা বতৰা পাতিব পাৰে । এই ফালৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বিশেষ অসুবিধা নহয় । টেক্সি বা অটোত উঠিলে চৰকাৰে বান্ধি দিয়া মূল্যতহে ভাৰা লয় । এই খিনিতে আমাৰ অসমৰ কথা মনত পৰি গল । অটো বা টেক্সি এখন ভাৰা কৰি অসমতো যাব পাৰি । কিন্তু সেই বৃত্তিৰ সৈতে জড়িত লোকসকলৰ অসততাৰ কাৰণে বেছি ধন ভৰা ভয় মনত উদয় হয়, গাড়ী এখন ভাড়া যাবলৈ মনত শংকা জাগে । এই পৰিৱেশ মিজোৰামত সততে দেখা নাযায় । মিজুসকল অত্যন্ত কৰ্মী বুলি কব নোৱাৰি কিন্তু যি খিনি কৰে সেইয়া নিয়াৰিকৈ কৰে, স্বাভলম্বী হয় । সেয়ে মিজোৰামৰ জনমূৰি আয় ভাৰতৰ গড় জনমূৰি আয়তকৈ বেছি । নিৱনুৱা সমস্যাই সমগ্ৰ দেশতে ভয়াৱহ সমস্যা ৰূপ লোৱা সময়ত মিজোৰামে কিন্তু শংকিত হোৱা নাই । কাৰণ সৰু-বৰ বেপাৰ বাণিজ্য, চৰকাৰী আৰু বেচৰকাৰী প্ৰায়বোৰ কৰ্মক্ষেত্ৰতেই মিজুসকলেই নিয়োজিত । পদবীক লৈ ইয়াত সামাজিক স্থিতি নাই । মিজোসকল সৰু-বৰ, ধনী-দুখীয়া, উচ্চ-নীচ আদি ভেদা ভেদক প্ৰশ্ৰয় নিদিয়ে । সেইবাবে সকলোৱে জীৱিকাৰ কাৰণে যি কোনো কাম কৰিবলৈ বেয়া নাপায় । উচ্চ শিক্ষিত ডেকা গাভৰুৰ হাততেই ৰাজ্য খনৰ ব্যৱসায় আৰু অৰ্থনীতি নিভৰ কৰে । গাড়ী চালকৰ পৰা মুচি, নাপিত, চানাৱালা, হোটেল বয়ৰ পৰা মালিক আদি সকলোবোৰ মিজুসকলেই কৰে । গতিকে অন্য ৰাজ্যৰ পৰা বহিৰাগত আহি এইখিনি কাম কৰিবলৈ কাৰোৱেই সুবিধা নাই । এই দিশসমূহ অসমৰ দৰে ৰাজ্য সমূহৰ নিৱনুৱাসকলে ভৱাহ'লে হয়তো আন্দোলন কৰিব লগা নহ'লহেতেন । মিষ্টি যোগালী, নাপিত, মুচি, চানাৱালা, ঠেলাৱালা আদি কামবোৰ বহি ৰাজ্য বা বাংলাদেশীয়ে সুবিধা নাপালেহেতেন ।
এজোপা গছৰ বাবেই কাল হ’ল তাৰ
মাক-বাপেকৰ আলসৰ লাড়ু, বুকুৰ আপোন, কলিজাৰ আধা ল'ৰাটো মেট্ৰিক পাছ কৰি চহৰৰ ভাল কলেজত পঢ়িবলৈ গ'ল। জীৱনত প্ৰথমবাৰৰ বাবে মাক-দেউতাক অবিহনে ওলাই যাবলগীয়া হোৱা কথাটোত সি কেতিয়াও মানি লোৱা নাছিল। ওচৰৰ কলেজ এখনতে নাম লগাই ভালকৈ পঢ়ি ভাল মানুহ হোৱাৰ বহু প্ৰতিশ্ৰুতি দিছিল। কিন্তু দেউতাক নাচোৰবান্দা। চহৰত গৈ সেই নামি-দামী কলেজখনত পঢ়িবই লাগিব।
Sunday, 30 May 2021
বিশ্ব ধপাতমুক্ত দিৱসৰ পণ
ধপাত যে স্থাস্থ্যৰ বাবে ক্ষতিকাৰক সেই কথা ধপাতৰ পৰা তৈয়াৰী দ্ৰব্যবিধৰ ওপৰৰ খোলাটোতে লিখা থাকে। আৰু বিভিন্ন গণ মাধ্যম, ৰাজহুৱা ঠাই আদিত সতকতামূলক জাননীও দিয়াথাকে। তথাপি কিন্তু গৰিষ্ঠ সংখ্যকলোকে ইয়াক আওকাণ কৰি ধপাত খায়।
ধপাতৰ পৰা ১০০ তকৈও অধিক ৰোগ হয়। কেন্সাৰেই কেৱল ধপাতৰ পৰা হোৱা ৰোগ নহয়। হৃদ ৰোগ, উচ্চ ৰক্তচাপ, বদহজম, নিশকতীয়া ছাল, ক্ষণকায়ী দেহৰ গঠন, নিছিগা কাহ, কিডনিৰ বিফলতা আদি অনেক ৰোগ।
উন্নত ৰাজ্যসমূহত ধপাত নিমূলৰ বাবে চৰকাৰে ধায্য কৰা সকলো বিধি জনসাধাৰণে মানি চলে। জনসাধাৰণেও ইয়াৰ ক্ষয়-ক্ষতি কথা জানি ধপাত সেৱনৰ পৰা বিৰত থাকে।
ধপাত এৰিবলৈ তেনেই সহজ। লাগে মাত্ৰ দৃঢ় সংকল্প। নিজকে ব্যস্ত ৰখাটোও ধপাতৰ পৰা বাছি থকাৰ এক মন্ত্ৰ। ধপাতৰ পৰা পোৱা নিচাৰ উন্মাদনাৰ বিপৰীতে ইয়াৰ পৰা হোৱা ক্ষতিকাৰক দিশবোৰ সদায় আওৰাব লাগে। প্ৰয়োজন হ'লে ধপাতৰ পৰা হোৱা ৰোগ, ৰোগৰ লক্ষণ, কেন্সাৰ ৰোগীৰ বিপয্যস্ত ফটো চকুৰে দেখাকৈ ঘৰত লগাই থ'ব লাগে। মনত উদ্বেগ, দু-ভাৱনা, হতাশ আহিলে নিজৰ আপোন লোক, বন্ধু, ঘৰৰ মানুহ বা আত্মীয় কুতুম্বৰ লগত আলোচনা কৰিব লাগে।
আহক আমি সংকল্প লওঁ আমি সকলোৱে ধপাত সেৱনৰ পৰা বিৰত থাকো আৰু আনকো এনে বিষাক্ত দ্ৰব্য সেবনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাওঁ।
Sunday, 21 February 2021
দিনটোৰ আৰম্ভণি মন্ত্ৰ
যিদৰে দিনটোৰ প্ৰখৰ ৰ’দত ওলাবলৈ ৰাতিপুৱাৰ কোমল ৰ’দকনৰ প্ৰয়োজন, দিনটোৰ কাম আৰম্ভ কৰিবলৈ পুৱাতে কিছু খাদ্যৰ প্ৰয়োজন, ঠিক তেনেকৈ দিনটো সফল আৰু ফলপ্ৰসু কৰি তুলিবলৈ নিতৌ আমি কেইটামান কথা প্ৰতি গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। জীৱনটো সফল কৰি তুলিবলৈ প্ৰতিদিনে এটি এটিকৈ সৰু সৰু কামবোৰ কৰি যোৱাৰ প্ৰয়োজন-
১। দিনটো কৃতজ্ঞতা ভৰা এটা মানসিতাৰে আৰম্ভা কৰা- যোৱা নিশাটো কালিৰ শেষ নিশা আছিল
আৰু আজি পুৱা বিৰিঙি উঠা মোৰ মিঠা হাহিঁটো
কালি কৰা ভাল কামৰে ফল। আজি যিখিনি পালো কালি লগ পোৱা সকলো মানুহৰ উ९সাহ, প্ৰেৰণা আৰু সহায়ৰ ফল—তোমাৰ হৃদয়খন
কৃতজ্ঞতাৰে উপচাই দিয়া, মন ভাল লাগি যাব, নতুন কৰাৰ উদ্যম বাঢ়িব। পুৱা শুই উঠি
কেৱল ম’বাইল, লেপটপ, টেবলেট, চাৰ্জ কৰিলে নহব, চাৰ্জ কৰিব লাগিব আমাৰ মন মগজু আৰু হৃদয়ক। ধনাত্মক চিন্তশীল
ব্যক্তিৰ মাজতে ধনাত্মক কামবোৰ হয়। ধনাত্মক চিন্তা চৰ্চাই আমাৰ মানসিকতা, বিবেগ,
আবেগ আদি সকলো শক্তিশালী কৰে।
২। ধনাত্মক লক্ষ্যৰ বাবে প্ৰস্তাৱ লোৱা- কোনো মানুহ এশ শতাংশ শুদ্ধ নহয়। কিন্তু সকলো মানুহেই যথেষ্ট
শুদ্ধ, ভাল; যদিওব অতি শুদ্ধ,
অতি ভাল নহ’বও
পাৰে। আমি বেয়াখিনি এৰি ভাল কথাবোৰে আগুৱাই যাব লাগিব। এদিন ভালৰ পৰিমাণ বাঢ়ি গৈ
অতি ভাল হ’ব।
শুদ্ধ পথেৰে আগুৱাব লাগিব, এদিন সকলো পথ শুদ্ধ হ’ব। দিনটো ধনাত্মক কথা, চিন্তা, কামেৰে আগবাঢ়িব লাগে, ঋণাত্মক
সকলো বাদ দিব লাগে। যেতিয়া কেৱল ঋণাত্মক কথাবোৰকে ভাৱি থকা হয়, আলোচনা কৰা হয়-
তেতিয়া আনৰ প্ৰতি ঋণাত্মক চিন্তাই ভৰি পৰে, আনৰ দোষবোৰ বিচাৰি থাকোতেই সময়বোৰ পাৰ
হৈ যায়। নিজৰ অমূল্য সময়বোৰ নষ্ট হয়। গতিকে ঋণাত্মক চিন্তা-চৰ্চা পৰিহাৰ কৰি
আগবাঢ়িব লাগে।
৩। নিজৰ কৰ্ম-আচনিক বিশ্বাস কৰা- কৰ্মই ধৰ্ম। এই মহান বাক্যশাৰীক সাৰোগত কৰি বিশ্বাসেৰে আগবাঢ়িব
লাগে। আজিৰ দিনটোত কি অমূল্য বস্তুক মই প্ৰাধান্য দিছো সেইটো পাবলৈ বিশ্বাস আৰু
সততাৰে আগবাঢ়িব লাগিব। আজি দিনটো কেনেকৈ মই সফল কৰিম তাৰ আচনি তৈয়াৰ কৰি কৰ্মত
বিশ্বাসেৰে আগবাঢ়িলে লক্ষ্যত উপনীত হ’ব পাৰি।
৪। আজি কৰা সৰু সৰু কামবোৰেই সফলতাৰ মণি-মুকুতা - খৰালি শুকাই থকা ঘৰৰ কাষৰ পুখুৰীটো যিদৰে বৰষুণৰ অলপ অলপ
পানীৰে এদিন পৰিপূৰ্ণ হৈ পৰে, ঠিক তেনেকৈ আজি কৰা এটি এটি সৰু সৰু ভাল কামেৰে এদিন
জীৱনটো পৰিপূৰ্ণ কৰি তুলিব। গতিকে ভাল কাম সৰু বুলি পেলাই নথৈ আজিয়েই কৰিবলৈ
সংকল্পবদ্ধ হ’ব
লাগে। সৰু সৰু কামবোৰ নকৰাকৈ ডাঙৰ কামবোৰ কৰিব পৰা নাযায়।
৫। আনৰ প্ৰতি সহায়- আমাৰ সমাজত আমাতকৈও দুৰৱস্থাত থকা অনেক মানুহ আছে। কোনোবা
ভোকাতুৰ, কোনোবা নিসংঙ্গ, কোনোবা সৰ্বহাৰা আদি। কোনোবা আমাৰ দৈনন্দিন জীৱন যাত্ৰাত
প্ৰতিদন্দী, কোনোবা হিংসাপৰায়ণ আদি। কিন্তু আমি মানুহ হিচাপে এই সকলোৰে প্ৰতি
সহানুভূতি, মৰম আৰু কিছু ত্যাগী মনোভাৱ থকা উচিত। আনক দিলেহে নিজেও আনৰ পৰা পায়।
পৰাপক্ষত সাৰ্মথ্য অনুসৰি পবিত্ৰ মনেৰে আনক দিব পাৰিলে মন প্ৰফুল্লিত হৈ পৰে।
আমি মনত ৰখা
উচিত যে প্ৰতিটো পুৱাই যথেষ্ট প্ৰত্যাহ্বান বা সম্ভাৱনা লৈ আহে আৰু প্ৰতি দিনৰ
অন্তত আমাক কিছু দি যায়- আমি কেৱল ইয়াক উপলদ্ধি কৰি চাব লাগে।
Tuesday, 31 March 2020
Saturday, 4 January 2020
নবৰ্বষৰ পৰিকল্পনা
দুখীয়া মানুহৰ প্ৰভু জুবিন গাৰ্গ
মই স্বাথৰ্পৰ হ'ব পাৰিলোঁহেঁতেন। বোম্বেত থাকি, পইচা ঘটি ঢেৰ গান গাই নাম কৰিব পাৰিলোঁহেঁতেন। কিন্তু মোৰ অসমৰ জনগণৰ প্ৰতি এটা দায়িত্ব আছে। ...