পৰিৱেশ সংৰক্ষণত শিক্ষাথী আৰু শিক্ষানুষ্ঠানসমূহৰ ভূমিকা (প্ৰকাশৰ বাবে পঠিওৱা হৈছে)
জয়ন্ত সোনোৱাল
বিজ্ঞানৰ নতুন নতুন আৱিস্কাৰে মানুহৰ
জীৱন ধাৰণৰ
পদ্ধতি সহজ আৰু আৰামদায়ক কৰি তুলিছে । মানুহৰ মগজুত উদ্ভৱ হোৱা চিন্তা-চৰ্চা আৰু তাৰ বাস্তৱিক প্ৰয়োগে মানুহৰ জীৱন যিমান পাৰি সিমান সহজ কৰি তুলিবলৈ সক্ষম হৈছে । এসময়ত হাজাৰ হাজাৰ কি.মি. ৰ্দৈঘ্যৰ বাট কেইবা দিন বা মাহ ধৰি খোজকাঢ়ি অতিক্ৰম কৰি যাব লগা হৈছিল । মানুহৰ নিজৰ বুদ্ধিমত্ৰাৰে এতিয়া কম সময়তে গোটেই পৃথিৱীখন চলাথ কৰিব পৰা হ'ল । শীত, তাপ, বতাহ, বৰষুণ, বিজুলী ধেৰেকণি আদিৰ সৈতে যুজঁ বাগৰ কৰি জীয়াই থকাৰ বাবে সংগ্ৰাম কৰা মানুহে
আজি সহজেই সেই
প্ৰাকৃতিক ঘটনা-পৰিঘটনাবোৰ মোকাবিলা কৰি এক নিৰাপদ
বাসভুমি সৃষ্টিৰে নিজকে সুৰক্ষিত কৰি তুলিছে । গৰম হ'লে ঠাণ্ডা, ঠাণ্ডা হ'লে গৰম, ডাঙৰ অট্ৰালিকাত উঠিবলৈ লিফ্ট, ভ্ৰণৰ বাবে
বাহন, দূৰ-দূৰণিৰ আত্মীয়ৰ লগত ফ'নিন যোগাযোগ আদি অভূতপূৰ্ব উদ্ভাৱনে মানুহে
পৃথিৱীৰ সকলো জীৱকে পিছ পেলাই বহুদূৰ আগুৱাই আহিল । মানুহে নিজৰ প্ৰয়োজনীয় খিনি পূৰণৰ বাবে কৰা সংগ্ৰামখনত সকলো ফালেই সফল হৈছে । অৰ্থাৎ মানুহে ইচ্ছা কৰিলে কৰিব নোৱাৰা একো কামেই বাকী নথকাৰ দৰে হ'ল ।
কিন্তু পৃথিৱীখন কেৱল মানুহৰ বাবেই নে যে মানুহে ইচ্ছা কৰিলেই নিজৰ মতে গঢ় দিব
আৰু মন গ'লেই ধংস কৰিব! মানুহ পৃথিৱীলৈ অহাৰ আগতে
পৃথিৱীৰ অন্য বাসিন্দাসকল মানুহৰ এনে কামৰ পৰা লাভৱান হৈছেনে? ক্ৰমবিৰ্তনৰ কোটি কোটি বছৰীয়া দীঘলীয়া যাত্ৰাত প্ৰকৃতিলৈ মানুহৰ অৱদান কি? পৃথিৱীলৈ একেবাৰে শেষতীয়াকৈ অহা মানুহে প্ৰকৃতিৰ পৰা কেৱল লোৱাৰ বাহিৰে দিছে কি, এক
নিয়ন্ত্ৰিত ৰূপত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্যতা বজাই ৰখা শৃংখলাবদ্ধ প্ৰকৃতিৰ জালখন ধ্বংস কৰা অধিকাৰ পালে ক'ত!
জীৱজগত খন সুনিদিষ্ট আৰু চিৰপ্ৰৱাহমান এক সত্যৰ বান্ধোনেৰে বান্ধ খাই আছে। জীৱ জগতত
থকা কোনো জীৱই স্বতন্ত্ৰ নহয় । জীৱৰ বাবে অতি প্ৰয়োজনীয় অবায়'বীয়(abiotic) কাৰক সমূহৰ উপৰিও সকলো জীৱই কোনোবা নহয়
কোনোবাখিনিত অন্য জীৱৰ লগত সাঙোৰ খাই আছে । প্ৰকৃতিৰ এই চিৰসত্য বন্ধন এৰাই কোনেও
জীয়াই থাকিব নোৱাৰে । আমাৰ চৌপাশে থকা বিভিন্ন ধৰণৰ গছ-বন, চৰাই-চিৰিকতি, জন্তু,
পোক-পত্যংগ, সাপ, ভেকুলী, কেচু, কুমতি আদি সকলোৱে কিছুমান দায়িত্ব পালন কৰি থাকে
যাৰ বাবে আমাৰ পৰিৱেশতন্ত্ৰ সন্তোলিত হৈ থাকে । যেতিয়াই এই প্ৰাকৃতিক শৃংঙ্খল ডালত
প্ৰাকৃতিকভাৱেই হওক বা কৃত্ৰিম ভাৱে হওক বিশৃংখলৰ সৃষ্টি হয়, তেতিয়া পাৰিস্থিতিক
তন্ত্ৰ নিয়ন্ত্ৰণত বাধাৰ সৃষ্ট হয় আৰু প্ৰকৃতিত অভাৱনীয় ঘটনা ঘটে । এই ঘটনা অতি
সোনকালে চকুত নপৰিলেও এসময়ত ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰে । এবাৰ বিনষ্ট হোৱা এনে
প্ৰাকৃতিক শৃংখল পুনৰ ঘূৰাই আনিবলৈ মানুহৰ হাতত বাট খোলা নাথাকে ।
এইটো সৰ্বজনবিদিত যে আজি আমি যিখন পৃথিৱীত বাস কৰিছো এই পৃথিৱী এদিন সৃষ্টি
হৈছিল আৰু সৃষ্টিৰ সময়ত সেই পৃথিৱীৰ পৰিৱেশ আজিৰ দৰে নাছিল । তেতিয়া পৃথিৱীখন
অত্যন্ত গৰম আছিল আৰু বায়ুমণ্ডল এঙাৰ বা কাৰ্বন ডাই অক্সাইড গেছেৰে ভৰি আছিল ।
কালক্ৰমত এদিন এঙাৰ গেছ ব্যৱহাৰ কৰিব পৰা ক্ষুদ্ৰ জীৱৰ সৃষ্টি হ'ল । এইদৰে হাজাৰ হাজাৰ বছৰৰ পাছত পত্ৰহৰিত
থকা কোষবোৰৰ সংখ্যা বাঢ়ি বায়ুমণ্ডলৰ পৰা এঙাৰ গেছ শোষণ কৰি বায়ুমণ্ডলৈ অক্সিজেন
এৰি দিযাৰ অলেখ সদস্য পৃথিৱীলৈ আহিল । পৃথিৱীখন এদিন গছ-গছনিৰে ভৰি পৰিল । বায়ুমণ্ডলৰ
বিষাক্ত এঙাৰ গেছ কমি আহি পৃথিৱীখন অন্য জীৱৰ বাবে বাসোপযোগী হৈ পৰিল । বিৱৰ্তনৰ এই
দীঘল পৰিক্ৰমাত সেউজীয়া উদ্ভিদসমূহে পৃথিৱীৰ উতপ্ত কৰি তোলা ৯৯.৯৯% কাৰ্বন ডাই অক্সাইড শোষণ কৰি বৰ্তমানৰ ০.০৩৩% লৈ কমাই পেলালে, যাৰ বাবে আজি আমি সুন্দৰকৈ বাস কৰিব
পাৰিছো । অথাত পৃথিৱীখন অক্সিজেন ব্যৱহাৰকাৰী জীৱবোৰৰ বাবে বাসোপযোগী কৰি তোলাৰ
মূলতে হ'ল সমস্ত উদ্ভদজগত ।
আমি সকলোৱে নিতৌ বিভিন্ন মাধ্যমত, কিতাপ-আলোচনীত পাই আহিছো যে আমি বাস কৰা এই
পৃথিৱী নামৰ গ্ৰহটো দিনে দিনে পৰিৰ্ৱতন হ'বলৈ ধৰিছে আৰু আমি
বাস কৰা পৃথিৱীখন আগৰ অৱস্থাত নাই । দিনে দিনে পৃথিৱীৰ সেউজীয়া আৱৰণ সংকোচন হৈ
আহিছে আৰু প্ৰাকৃতিক
পৰিৱেশ বিনষ্ট হৈ কিছিমান ঠাই বাসোপনুযোগী হৈ পৰিছে । পৃথিৱীৰ সমগ্ৰ জীৱ কূলৰ বাবে ভয়াৱহ ভৱিষ্যত এটাই গিলি
পেলাবলৈ সন্মুখত ৰৈ আছে ।
যাৰ জন্ম হয় তাৰ মৃত্যুও অনিৰ্বায্য । পৃথিৱীখনো এদিন জন্ম হৈছিল আৰু তাৰ মৃত্যুও হ'ব এদিন । কিন্তু পৃথিৱীৰ মৃত্যু বা আয়ুস
জুখিবলৈ মানুহৰ হাতত এতিয়ালৈকে নিখুত আহিলা আৱিস্কাৰ হোৱা নাই । তথাপি বৰ্তমানৰ
পৰিস্থিতি চাই পৃথিৱীৰ মৃত্যু যে বেছি দূৰত নাই তাৰ পূৰ্বানুমান বিজ্ঞানী সকলে
কৰিছে । ইয়াৰ কাৰণ প্ৰাকৃতিক (natural) বিপৰ্য্যয় । বিভিন্ন
সময়ত আমি শুনি আহিছো যে কিবা মহাজাগতিক পৰিঘটনাৰ বাবে কোনোবা এদিনা পৃথিৱীখন ভাগি চুৰমাৰ হ'ব আৰু নিমিষতে ধ্বংস হ'ব পাৰে জীৱজগতৰ এই বিশ্ব। সৌৰজগতৰ
বিভিন্ন গ্ৰহ নয়ক্ষত্ৰৰ ক্ৰিয়া-বিক্ৰিয়া, আৰ্কষণ-বিৰ্কষণৰ ফলত হঠাতে কিবা ঘটিব পাৰে বুলি মাজে সময়ে
পঢ়িবলৈ পাওঁ যদিও তাৰ পাছতে আকৌ কিছুলোকে তাক খণ্ডন কৰা দেখা পাওঁ । অৰ্থাত মানুহ তথ্য-প্ৰযুক্তিৰে যিমান ওপৰলৈ উঠিলেও মানুহৰ হাতত এতিয়াও
প্ৰাকৃতিকভাৱে পৃথিৱীৰ ভৱিষ্যত কি হ'ব তাৰ সঠিক ধাৰণা অষ্পষ্ট হৈয়ে আছে ।
ই যি কি নহওক, পৃথিৱীৰ
ধ্বংস হ'ব পৰা ভয়াৱহ কাৰণটো হ'ল অপ্ৰাকৃতিক (artificial) কাৰণ
আৰু ইয়াৰ মূলতেই হ'ল মানুহ । আজিলৈকে পৃথিৱীৰ যিমানখিনি ক্ষয়-ক্ষতি হৈছে তাৰ বেছিভাগেই
মানুহৰ বিভিন্ন কাৰুকাৰ্য্যৰ প্ৰতিফলন । মানুহে নিজৰ জীৱন ধাৰণৰ প্ৰণালী অধিক সহজ কৰিবলৈ যাওঁতে প্ৰকৃতিক নিৰ্দয়ভাৱে
ধ্বংস কৰি গৈছে । উদ্যোগিকৰণ, কৃষি সম্প্ৰসাৰণ, নগৰীকৰণ, জলবিদ্যুত প্ৰকল্প,
নদীবান্ধ আদি অনেক কাম কৰিবলৈ যাওঁতে প্ৰকৃতিৰ বুকুত আঘাত
সানিছে যাৰ ফলত প্ৰকৃতিৰ প্ৰতিক্ৰিয়া অস্বাভাৱিক হ'ব ধৰিছে । ইয়াৰ ফলত নিৰপৰাধী জীৱকূলৰ ব্যাপক
ক্ষতি হৈছে । মানুহৰ বাবে নদীৰ দিশ সলনি হৈছে, অৰণ্য ধ্বংস হৈছে, হাজাৰ হাজাৰ
জীৱ-জন্তু চিৰদিনৰ বাবে পৃথিৱী এৰি গুচি গৈছে । গছ-গছনি কমি অহাৰ লগে লগে পৃথিৱীৰ
উত্তাপ বাঢ়ি গৈছে । এই গোলকীয় উষ্ণতা (global warming) বৃদ্ধিৰ ফলত বৰফাবৃত অঞ্চল সমূহৰ বৰফ গলি সাগৰৰ
পৃষ্ঠৰ উচ্চতা বঢ়িছে । সাগৰ পৃষ্ঠৰ কম উচ্চতাত থকা ঠাইসমূহ পানীৰ তলত ডুব যোৱাৰ
উপক্ৰম হৈছে ।
পৃথিৱীখন এতিয়া বীষণ জ্বৰত আক্ৰান্ত । পৃথিৱীখনক মানুহৰ দুষ্কাৰ্য্যই
চাৰিওফালৰ পৰা কৰ্কট ৰোগৰ দৰে চেপি ধৰিছে । পৃথিৱীখনক ভাল চিকিত্সাৰ দৰকাৰ হৈছে । সমগ্ৰ
বিশ্বই, মানবজাতিটোৱে একেলগে মাৰ বান্ধি থিয় হৈ পৃথিৱীখনক বচোৱাৰ আপ্ৰাণ চেষ্টা
কৰিব লাগিব । বহুতো প্ৰকৃতি প্ৰেমিয়ে পৃথিৱীৰ এই ভৱাবহ দুৰ্য্যোগৰ সময়ত পৃথিৱীখনক
ৰক্ষা কৰিবলৈ অৰ্হনিশে চেষ্টা কৰি আছে । কিন্তু কোটি কোটি মানুহৰ বাসতিস্থলত কেৱল
এমুঠি মানুহৰ চেষ্টাই পৃথিৱীক বচাব নোৱাৰে । কোটি কোটি মানুহে ধ্বংসৰ গৰাহলৈ ঠেলি
পঠিওৱা পৃথিৱীখনক ৰক্ষা কৰিবলৈ সেইয়া যথেষ্ট নহয় বা কি কাৰণত সমগ্ৰ মানৱজাতিয়ে কৰা
ভুলৰ পৰিণাম এমুঠিমান মানুহে মূৰ পাতি ল'ব!
পৰিৱেশবিদ সকলে কয় যে কোনো এটা নিদিষ্ট অঞ্চলৰ পৰিৱেশৰ বাতাবৰণ সঠিক ৰূপত
নিয়ণ্ত্ৰিত হৈ থাকিবলৈ মুঠ ভূ-খণ্ডৰ নূন্যতম ৩৩% বনাঞ্চল থকাৰ অত্যন্ত জৰুৰী । কিন্তু বৰ্তমান বিশ্বৰ
কোনো এখন দেশতেই এই পৰিমানৰ বনাঞ্চল নাই । যোৱা তিনি দৰ্শকৰ আগলৈকে অসমৰ ভূ-খণ্ডত
৩৩% তকৈ অধিক বনাঞ্চল
আছিল, কিন্তু পৰৰ্ৱতী সময়ত চৰকাৰৰ শিথিল প্ৰশাসনিক ব্যৱস্থা আৰু এচাম প্ৰকৃতি
ধ্বংসকাৰীৰ হাতত অসমৰ বনাঞ্চল দিনে দিনে কমি গৈ বৰ্তমান মাত্ৰ ১৮% বনাঞ্চলহে ৰৈছেগৈ ।
এখময়ত জঙ্ঘলী দেশ বুলি খ্যাত অসম এতিয়া মৰুভূমিলৈ ৰূপান্তৰ হোৱা দিশত ধাৱমান হৈছে
। চোৰাং কাঠ ব্যৱসায়, বন বিভাগৰ নিষ্ক্ৰিয়তা, কৃষি সম্প্ৰসাৰণ, নগৰীকৰণ, নদী
বান্ধ, ঘাই পথ উন্নিতকৰণ আদিৰ নামত যোৱা দুটা দৰ্শকত অসমৰ বনাঞ্চল ব্যপক হাৰত
হ্ৰাস পাইছে । এই হাৰত বনাঞ্চলৰ ধ্বংস যজ্ঞ চলি থাকিলে অন্য ৰাজ্যতকৈ অসম অতি
সোনকালে ডাঙৰ বিপদৰ সন্মুখন হব । বৰ্তমান বছৰি বাঢ়ি অহা বানপানী, গড়া খহনীয়া,
অতি বৃষ্টি, অনা বৃষ্টি, অতিমাত্ৰা শীত আৰু তাপ আদি সকলোবোৰ বনাঞ্চল ধ্বংসৰ কুফল ।
বনা়ঞ্চল ধ্বংসৰ লগে লগে সেই অঞ্চলত বাস
কৰা চৰাই চিৰিকতি, পশু-পক্ষী, দুষ্পাপ্য কপৌ ফুল, ঔষধি গছ বন আদি নোহোৱা হৈ পৰিছে
। এইদৰে আমাৰ জৈৱ-বৈচিত্ৰ্যৰ(biodiversity) ধ্বংস হৈ পৰিছে । গতিকে আমি মানুহ জাতিটোৱে বেছিকৈ বৃক্ষৰোপণ
কৰিব লাগিব, প্ৰদূষণ সৃষ্টিকাৰক সকলো কামেই যিমান পাৰি কম ব্যৱহাৰ কৰিব লাগিব । নহ’লে আমাৰ প্ৰকৃতি আৰু
এই বিনন্দীয়া পৃথিৱী কাল গৰ্হ্বত বিলিন হৈ যাব । তাৰ বাবে প্ৰতিজন মানুহে প্ৰতি
দিনাই যিমান পাৰি গছ পুলি ৰোপণ কৰিব লাগিব । জনা গৈছে যে যিবিলাক দেশে সৰ্বাধিক
প্ৰকৃতি ধ্বংস যজ্ঞ চলাই প্ৰতিপত্তিশীল হৈছিল সেইবোৰ দেশে পুনৰ বনানিকৰণৰ দ্বাৰা
বনাঞ্চলৰ পৰিসৰ বঢ়াবলৈ সক্ষম হৈছে । আমেৰিকা, জাপান, ৰাছিয়া, অষ্টেলিয়া আদি ধনী
দেশ বোৰত বছৰি ১% কৈ বনাঞ্চলৰ পৰিসৰ
বঢ়াবলৈ সক্ষম হৈছে । ভাৰততো দাক্ষিণাত্যৰ কিছু ৰাজ্যই বনাঞ্চলৰ পৰিসৰ বঢ়াবলৈ
সক্ষম হৈছে ।
প্ৰকৃতিৰ এই দুৰ্য্যোগৰ সময়ত আমি সকলোৱে একেলগে কাম
কৰিব লাগিব । আমি যিহেতু সকলো শিক্ষানুষ্ঠানৰ সৈতে জড়িত গতিকে আমাতকৈ ডাঙৰ শক্তি
হয়তো কাৰোৱেই নাই । কোৱা হয় আজিৰ ছাত্ৰ কালিলৈ দেশৰ ভৱিষ্যত । অৰ্থাত
শিক্ষানুষ্ঠানৰ বিৰ্দ্যাথীসকলৰ ওপৰতেই সমাজখনৰ বহুখিনি কথা নিৰ্ভৰ কৰে । ইচ্ছা
কৰিলে ছাত্ৰ-ছাত্ৰীসকলে ঐক্যভাৱে সমাজৰ ভালৰ বাবে বহুতেই কৰিব পাৰে । ছাত্ৰ এজন
পঢ়িবলৈ আহে কোনোবা ভিতৰুৱা দূৰণি গাওঁ এখনৰ পৰা । বহুতো আশা, আকাঙ্খা, ভৱিষ্যতৰ
বহুতো সপোন লৈ । ঘৰৰ আৰু চুবুৰীয়া সকলোৱে আশা কৰে ভৱিষ্যতে নিজৰ লগতে সমাখনৰ বাবেও
কিছু কৰাৰ । প্ৰশ্ন হয়, সকলো ছাত্ৰ-ছাত্ৰী একগোট হৈ পঢ়াৰ ওপৰিও অন্য কিবা ভাল কাম
এটা কৰিবলৈ মন নাযায়নে! নিশ্চয় যায় । কিন্তু এইবোৰ কৰিবলৈ যাওঁতে থাকি যায় কিছুমান
দিদ্ধাবোধ । যেনে-কেনেকৈ কৰিম, কেতিয়া কৰিম, কোনে সহযোগ কৰিব, খৰচ পাতি ক’ৰ পৰা আহিব, সফল হ’মনে, আনে দেখি কি
বুলি বা কয় আদি ধাৰণা । কিন্তু মহাবিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানত ইযাৰ এটাও অভাৱ
নাই । বন্ধু আছে, শিক্ষক আছে । ভাল কাম কৰিলে আগবাঢ়ি আহিবলৈ সমাজখন আছে । গতিকে
লাগে মাত্ৰ মনৰ উদ্যম, দলীয় সৰ্মথন(group approach) আৰু কামকৰা মানসিকতা । প্ৰতি বছৰে শিক্ষানুষ্ঠানৈ অহা
প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে বিক্ষ ৰোপণ কৰা আৰু কলেজত পঢ়ি থকালৈকে তাৰ
চোৱাচিতা কৰা আদি এনেধৰণৰ কাম কৰিব লাগে । এইক্ষেত্ৰত কলেজ কতৃপক্ষই প্ৰয়োজনীয় আচনি যুগুত কৰিব লাগে ।
এইয়া যদি কৰিব পাৰি প্ৰতিবছৰে শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ অহা লাখ লাখ
শিক্ষাথীৰ পৰা লাখ লাখ গছ আমি প্ৰকৃতিৰ বুকুত দান দিব পাৰিম। সদিচ্ছা থাকিলে কৰিব
নোৱাৰা কাম একো নাই । উদাহৰণস্বৰূপে পদ্মশ্ৰী যাদৱ পায়েং ৰ কথা ক’ব পাৰো । যি জন
মানুহে একনিষ্ঠভাৱে যোৰহাট জিলাৰ ককিলামূখত ৪১২৫ বিঘা (৫৫০ হেক্টৰ) মাটিত গছ পুলি
ৰুই এখন বনাঞ্চল গঢ়ি তুলিলে যাক মলাই বনাঞ্চল (molai forest) নামাকৰণেৰে
পৃথিৱীতে জনাজাত হ’ল । এনেধৰণৰ বহুতো
উদাহৰণ পোৱা যায় য’ত প্ৰকৃতি প্ৰেমীয়ে প্ৰকৃতিৰ
নিৰ্ধনৰ বিপৰীতে কাম কৰি আছে । তেন্তে আমিনো নোৱাৰিম কিয় !
সুন্দৰ।
ReplyDeleteশিক্ষাপ্ৰদ
ReplyDelete