আমাৰ চৌপাশে বাস কৰা খালী চকুৰে নেদেখা ক্ষুদ্ৰ অণুজীৱৰ পৰা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ বৈচিত্ৰ্যতাকে জৈৱ-বৈচিত্ৰ্য বুলি কোৱা হয়। পৰিৱেশত থকা এই বিভিন্ন জীৱকূলে ইটোৱে সিটোৰ লগত এক সমন্বয় সৃষ্টি কৰি জীয়াই থাকে নতুবা জীৱবোৰ পৰষ্পৰ নিভৰশীল হয়। যেতিয়া এই বিভিন্ন জীৱৰ মাজত সু-সম্পৰ্ক বজাই ৰখাৰ পৰিৱেশ বিৰাজমান হৈ থাকে তেনে পৰিৱেশ সন্তুলিত অৱস্থাত থাকে। যদি কিবা কাৰণত জীৱসমূহৰ জীয়াই থকাৰ অনুকূল বাতাবৰণ বিনষ্ট হয় তেতিয়াই পৰিৱেশ লাহে লাহে বিনষ্ট হৈ পৰে যাৰ ফলত জীৱসমূহ বৰ্তি থাকিবলৈ কঠিন হৈ পৰে অথাৎ জৈৱ-বৈচিত্ৰ্যত ব্যাঘাত জন্মে। বৰ্তমান পৰিৱেশ বিজ্ঞানী আৰু সচেতন নাগৰিকৰ মাজত বেচিকৈ আলোচ্য বিষয়টো হৈছে জৈৱ-বৈচিত্ৰ ধ্বংস বা হ্ৰাস। দিনক দিনে বাঢ়ি অহা জনসংখ্যা, নগৰীকৰণ, বনাঞ্চল ধ্বংসকৰণ, দ্ৰুত উদ্যোগিকৰণ আদি বিষয়বোৰে দ্ৰুত হাৰত জীৱৰ বৈচিত্ৰতাত আঘাত সানিছে। বায়ু, মাটি, পানী, তেজষ্ক্ৰিয় বিকিৰণ, শব্দ প্ৰদূষণ আদিৰ ঘটনবোৰে সমগ্র জীৱকূলৰ বাবে ভয়াবহ ভৱিষ্যতৰ ইংগিত দিছে। ইতিমধ্যে বহু জীৱ পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিছে, বহু বিলুপ্তিৰ পথত।
Botany • Biodiversity • Environment • Science • Education [Science and educational resources with a special focus on biodiversity, ecology, environment and Northeast India]
Monday, 31 May 2021
আমাৰ চৌপাশ
প্ৰকৃতিৰ এই ভয়াৱহ দুৰ্য্যোগৰ পৰা বাচি থাকিবলৈ একমাত্ৰ জ্ঞান-বুদ্ধিৰে উদ্ধত থকা জীৱ মানুহে সজাগ আৰু সচেতন হৈ এই বিপয্যয়ৰ বিৰোদ্ধে কাম কৰিব লাগিব। উদ্ভিদ আৰু প্ৰাণীসমূহৰ বাসস্থান সমূহ বচাই ৰাখিব লাগিব। সকলো প্ৰকাৰৰ প্ৰদূষণ ৰোধ কৰিব লাগিব। জনসচেতনতা দ্ৰুত গতিত গঢ়ি তুলিব লাগিব। অন্যথা জৈৱ-বৈচিত্ৰ্যৰে ভৰা এই বিনন্দীয়া প্ৰকৃতি কালৰ গৰাহত বিলিন হৈ যাব।
Subscribe to:
Post Comments (Atom)
নদীৰ পানী ক’ৰ পৰা আহে?
এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে? আচলতে নদী নিজে...
No comments:
Post a Comment