Sunday, 6 September 2026

সকলো থাকিও নিসংগ জীৱনবোৰ

সময়ে মানুহক বহুত কিবাকিবি দিয়ে। কোনোবাই সেই দানবোৰক সযতনে বুকুত সাৱটি লৈ জীৱনটো উপভোগ কৰিবলৈ শিকে, আন কোনোবাই আকৌ সকলো পায়ো যেন কিবা এটা হেৰুৱাই থাকে।

শিক্ষা আছে, দীক্ষা আছে, মান-সন্মান আছে, ধন-সম্পত্তি আছে—জীৱনটো বাহিৰৰ পৰা সম্পূৰ্ণ যেনেই লাগে। মানুহেৰে ভৰা ঘৰ, চিনাকি মানুহৰ দীঘলীয়া তালিকা, সামাজিক পৰিচয়, সফলতাৰ বহু কাহিনী। তথাপিও কেতিয়াবা সেই মানুহজনেই জন অৰণ্যৰ মাজত আটাইতকৈ নিসংগ মানুহজন হৈ পৰে।

মই এনে মানুহ দেখিছোঁ—যিসকলে সকলোৰে মাজত থাকিও সকলোৰে পৰা আঁতৰি গৈছে। হাঁহিৰ মাজতো তেওঁলোকৰ চকুত এক গভীৰ শূন্যতা। কথা পাতিবলৈ মানুহ থাকে, কিন্তু মনৰ কথা ক'বলৈ কোনোবা নাই। কাষত বহিবলৈ মানুহ আছে, কিন্তু অন্তৰখন বুজিবলৈ কোনোবা নাই।

আকৌ এনে মানুহো দেখিছোঁ, যিসকলে মানুহৰ সাধাৰণ সুখ-দুখ, ভালপোৱা, অভিমান আৰু জীৱনৰ সৰু সৰু কথাবোৰক নিজৰ অনুভৱৰ ৰঙেৰে সজাই সকলোৰে মাজলৈ বিলাই দিয়ে। সেয়েহে তেওঁলোক সকলোৰে আপোন হৈ পৰে। তেওঁলোকৰ নিজৰ বুলি একো নথকা যেন লাগে, অথচ সকলোৱে তেওঁলোকৰ মাজত নিজৰ জীৱনৰ অলপ অলপ মিল থকা কথা বিচাৰি পায়।

আনহাতে, কিছুমান মানুহে সত্যক ধৰি ৰাখে—যদিও সেই সত্য কেতিয়াবা সময়ৰ সোঁতৰ বিপৰীতে যায়। সত্যৰ পক্ষত থিয় দিয়াৰ মূল্য হিচাপে তেওঁলোকে হেৰুৱায় বহু মানুহ, বহু সম্পৰ্ক, বহু উমালতা। শেষত কেতিয়াবা সত্যটো তেওঁলোকৰ লগত থাকে, কিন্তু মানুহবোৰ নাথাকে। আৰু তেতিয়া সত্যৰ সৈতে যুঁজ কৰি জয়ী হোৱা মানুহজনেই নিসংগতাৰ সৈতে হাৰি যাবলৈ আৰম্ভ কৰে।

আকৌ কিছুমান মানুহে নিজৰ জীৱনত ঋণাত্মক কথাবোৰক ইমানেই ডাঙৰ কৰি তোলে যে ইতিবাচক পোহৰবোৰ ক্ৰমে চকুৰ পৰা আঁতৰি যায়। অভিমান, অভিযোগ, অতীতৰ আঘাত, মানুহৰ ভুল, নিজৰ অপূৰ্ণতা—এইবোৰৰ হিচাপ কৰি কৰি জীৱনটো কেতিয়া পাৰ হৈ যায়, তেওঁলোকে নিজেই গম নাপায়। মানুহৰ মাজত থাকিও তেওঁলোকৰ মনটো ক্ৰমে মানুহৰ পৰা আঁতৰি যায়। জীৱনটো হৈ পৰে নিৰস, গধুৰ আৰু নিঃসংগ।

আচলতে জীৱনটো কিমান দীঘলীয়া?

জীৱনৰ আয়ুস সময়েৰে জুখিব নোৱাৰি। কিছুলোক ১০০ বছৰ জীয়াই থাকিও বহু মানুহেই চিনি নাপায়, আনহাতে কিছুলোকে কম দিন থাকিয়েই বহুতৰ চিনাকি  হৈ পৰে। সকলো মানুহ যে পৃথিৱী বিখ্যাত হ'ব পাৰিব বা লাগিব তেনে কোনো কথা নাই, কিন্তু হোৱাৰ পথো বন্ধ নহয়!

খুব কম সময়ৰ বাবেহে আমি এই পৃথিৱীলৈ আহোঁ। কালি যিজন আমাৰ কাষত আছিল, আজি হয়তো তেওঁৰ কেৱল স্মৃতিহে আছে। যিজনক লৈ আমি অহংকাৰ কৰোঁ, এদিন তেওঁৰ নামটোও হয়তো কাৰোবাৰ স্মৃতিৰ পাততহে থাকিব। ধন-সম্পত্তি, পদ-মৰ্যাদা, মান-সন্মান—সকলো এদিন ইয়াতেই পৰি ৰ'ব।

শেষত লগত কি থাকিব?

হয়তো কেইটামান আন্তৰিক সম্পৰ্ক। কেইজনমান মানুহৰ মৰম। কাৰোবাৰ মুখত আমাৰ বাবে ওলাই অহা এটা ভাল কথা। আৰু কাৰোবাৰ হৃদয়ত আমি এৰি যোৱা এটা উমাল স্মৃতি।

সেয়ে জীৱনটো কেৱল জিকিবলৈ নহয়, জীৱনটো অনুভৱ কৰিবলৈও।

সুখ আহিলে তাক আঁকোৱালি লওক। দুখ আহিলে তাকো জীৱনৰ অংশ বুলি গ্ৰহণ কৰক। মানুহক ভালপাওক, ক্ষমা কৰিব শিকক, কেতিয়াবা নিজেই আগবাঢ়ি গৈ কথা পাতক। কাৰণ জীৱনত সকলো যুদ্ধ জিকি পেলোৱাৰ পাছতো যদি কাষত বহি ক'বলৈ এজন মানুহ নাথাকে—তেন্তে সেই জয়ৰ অৰ্থ কিমান?

জীৱন দুদিনীয়া।

কিছুমান মানুহে দুখতো হাঁহিবলৈ শিকে, সুখতো আনক হাঁহিবলৈ দিয়ে—তেওঁলোকেই হয়তো সঁচাকৈ জীৱনটোৰ সৈতে জীয়াই যায়।

আন কিছুমানে আকৌ দুখতো দুখ বিচাৰে, সুখতো দুখৰ কাৰণ বিচাৰে। অভিমান বুকুত সাৱটি, অতীতৰ বোজা কঢ়িয়াই, মানুহৰ মাজত থাকিও লাহে লাহে অকলশৰীয়া হৈ যায়।

শেষত হয়তো প্ৰশ্নটো এইটো নহয় যে—
আমি জীৱনত কিমান পালোঁ?

প্ৰশ্নটো হ'ল—
আমি যি পালোঁ, তাৰ মাজত কিমানখিনি লৈ জীয়াই থাকিব পাৰিলোঁ?

কাৰণ সকলো থকা মানুহজনেই হয়তো সুখী নহয়।
আৰু একো নথকা মানুহজনো সদায় নিসংগ নহয়।

কেতিয়াবা এধানি আন্তৰিক হাঁহি, এষাৰি মৰমৰ মাত, কাৰোবাৰ হাতত থোৱা এখন হাত আৰু “মই আছোঁ” বুলি কোৱা দুটা শব্দই জীৱনক পূৰ্ণ কৰি তুলিব পাৰে।

সেয়ে, সময়ে আমাক যিমানেই নিদিয়ক কিয়—
মানুহ হেৰুৱাই সকলো পোৱাৰ কোনো অৰ্থ নাই।

জীৱনটো সৰু।
সময়ো কম।
আহক, মানুহৰ মাজত থাকোঁ।
মানুহক ভালপাওঁ।
আৰু এদিন গুচি যোৱাৰ আগতে—
কাৰোবাৰ হৃদয়ত অলপমান উমাল স্মৃতি হৈ ৰওঁ।

No comments:

Post a Comment

সকলো থাকিও নিসংগ জীৱনবোৰ

সময়ে মানুহক বহুত কিবাকিবি দিয়ে। কোনোবাই সেই দানবোৰক সযতনে বুকুত সাৱটি লৈ জীৱনটো উপভোগ কৰিবলৈ শিকে, আন কোনোবাই আকৌ সকলো পায়ো যেন কিবা এটা ...