Wednesday, 2 September 2026

যেতিয়া গভীৰতাক কঠিনতা বুলি ভুল বুজা হয়

প্ৰতিটো সমাৱেশৰ উদ্দেশ্যে একে নহয়, আৰু সেই উদ্দেশ্যেৰ সন্মুখত সমবেত হোৱা প্ৰতিজন শ্ৰোতাৰ মনোজগতো একে নহয়। কোনোবাই আহে কেৱল শুনিবলৈ, কোনোবাই বিচাৰে সহজে হজম কৰিব পৰা মনোৰঞ্জনময় শব্দ; আন কোনোবাই আকৌ আহে অন্তৰৰ গভীৰ তৃষ্ণা লৈ—গভীৰ অন্তৰ্দৃষ্টি, অস্বস্তিকৰ প্ৰশ্ন আৰু ভৱিষ্যতৰ বিষয়ে অৰ্থপূৰ্ণ চিন্তাৰ সন্ধানত।

এজন বক্তাই, বিশেষকৈ এজন গৱেষক, চিন্তাশীল ব্যক্তি অথবা সামাজিকভাৱে দায়বদ্ধ বুদ্ধিজীৱীয়ে সদায় সুবিধাৰ অৰ্থত কথা ক’ব নোৱাৰে। বক্তাৰ দায়িত্ব কেৱল শ্ৰোতাক কিছু সময়ৰ বাবে মনোৰঞ্জন দিয়া নহয়; কেতিয়াবা তেওঁৰ দায়িত্ব হ’ল শ্ৰোতাৰ নিৰাপদ চিন্তাৰ বৃত্তটো ভাঙি দিয়া—তেওঁক ভাবিবলৈ বাধ্য কৰা, প্ৰশ্ন কৰিবলৈ শিকোৱা, নিজৰ বিশ্বাসক পুনৰীক্ষণ কৰিবলৈ উদ্‌গনি দিয়া আৰু বৰ্তমানৰ সীমাৰ সিপাৰে ভৱিষ্যতক চাবলৈ বাধ্য কৰা।

গভীৰ চিন্তা সদায় সহজ শব্দৰ সাজ পিন্ধি আমাৰ সন্মুখলৈ নাহে। কিছুমান ভাবনাক বুজিবলৈ সময় লাগে; কিছুমানৰ বাবে লাগে ধৈৰ্য। কিছুমান কথাই কেৱল মনোযোগ নহয়, কৌতূহল বিচাৰে। আৰু কিছুমান বাৰ্তা সেই মুহূৰ্তত হাততালি নাপাবও পাৰে—কিন্তু মানুহৰ মনৰ কোনোবা এটা নিৰ্জন কোণত গৈ বহু বছৰলৈ নীৰৱে বাস কৰিব পাৰে। এদিন সেই একেটা চিন্তাই কোনো এজনৰ সিদ্ধান্ত সলনি কৰিব পাৰে, কোনো এটা প্ৰজন্মক নতুন দিশ দেখুৱাব পাৰে, আনকি এখন সমাজৰ গতিপথো সলনি কৰিব পাৰে।

দুৰ্ভাগ্যজনকভাৱে, আমি ক্ৰমাৎ এনে এক অভ্যাসৰ দিশে আগবাঢ়িছোঁ, য’ত বুজিবলৈ মূল্যৱান কথাতকৈ সহজে গ্ৰহণ কৰিব পৰা কথাকহে অধিক আদৰ কৰোঁ। আমি এনে বক্তৃতা ভাল পাওঁ যিয়ে এঘণ্টাৰ বাবে আমাক হাঁহিবলৈ, হাততালি দিবলৈ বা আনন্দ পাবলৈ সমল উপচাই দিয়ে; কিন্তু এনে চিন্তাৰ পৰা বহু সময়ত আঁতৰি থাকোঁ, যিয়ে আমাৰ আৰামদায়ক পৃথিৱীখনক আজীৱন অশান্ত কৰি তুলিব পাৰে।

যদি কোনো অৰ্থপূৰ্ণ বাৰ্তাক কেৱল এই কাৰণেই প্ৰত্যাখ্যান কৰা হয় যে তাক বুজিবলৈ একাগ্ৰতা, কৌতূহল আৰু বৌদ্ধিক পৰিশ্ৰমৰ প্ৰয়োজন—তেন্তে হয়তো সেই ক্ষতি বক্তাজনৰ সময় বা শক্তিৰ নহয়। এজন আন্তৰিক গৱেষকে অৰ্থপূৰ্ণ কথা ক’বলৈ গৈ নিজৰ শক্তি অপচয় নকৰে। তেওঁ হয়তো কেৱল এটা বীজ ৰোপণ কৰে। সেই বীজে কেতিয়া অংকুৰ মেলিব, কেতিয়া বৃক্ষ হ’ব, আৰু কেতিয়া তাৰ ছাঁত কোনো অচিনাকি মানুহে আশ্ৰয় ল’ব—সেয়া সেই মুহূৰ্তত ক’ব নোৱাৰি।

কেতিয়াবা আকৌ জ্ঞান, অভিজ্ঞতা আৰু দূৰদৰ্শিতাৰে সমৃদ্ধ মানুহক কেৱল এখন অনুষ্ঠানৰ মৰ্যাদা বঢ়াবলৈ আমন্ত্ৰণ জনোৱা হয়—মঞ্চখন অলংকৃত কৰিবলৈ, এখন বিশেষ চকী পূৰ্ণ কৰিবলৈ, কেইখনমান আলোকচিত্ৰত অনুষ্ঠানটোক অধিক গাম্ভীৰ্যপূৰ্ণ দেখুৱাবলৈ। কিন্তু যাৰ জ্ঞান, অভিজ্ঞতা আৰু দৃষ্টিভংগীৰ পৰা শ্ৰোতাসকলে লাভান্বিত হ’ব পাৰিলেহেঁতেন, তেওঁক যদি নিজৰ কথা গভীৰভাৱে কোৱাৰ পৰিসৰেই দিয়া নহয়, তেন্তে তেওঁক আমন্ত্ৰণ কৰাৰ প্ৰকৃত উদ্দেশ্যটো আচলতে কি?

এখন সভাত সংগীত থাকিব পাৰে, নৃত্য থাকিব পাৰে, মনোৰঞ্জন থাকিব পাৰে, কিছু সময়ৰ বাবে হাঁহি-ধেমালি আৰু স্বস্তিৰ মুহূৰ্তও থাকিব পাৰে—ইয়াত কোনো আপত্তি নাই। জীৱনত আনন্দৰো প্ৰয়োজন আছে। কিন্তু আমি অন্ততঃ স্পষ্ট হোৱা উচিত—আমি কি আয়োজন কৰিছোঁ আৰু কিয় আয়োজন কৰিছোঁ?

উদ্দেশ্যৰ স্পষ্টতা নোহোৱাকৈ সকলো বস্তু একেলগে মিহলাই দিলে, এটা অনুষ্ঠানৰ বৌদ্ধিক স্বকীয়তা ক্ৰমাৎ ম্লান হৈ যায়। তেতিয়া সমগ্ৰ অনুষ্ঠানটো খিচিৰিৰ দৰে হৈ পৰে—সকলো উপাদান তাত উপস্থিত, কিন্তু কোনো এটাৰে নিজৰ স্বকীয় সোৱাদটো অক্ষুণ্ণ নাথাকে বা নোহোৱা হৈ যায়। শব্দ থাকে, হাততালি থাকে, আলোকচিত্ৰ থাকে, ব্যস্ততা থাকে, মানুহৰ ভিৰ থাকে—কিন্তু অনুষ্ঠানৰ অন্তৰত যি বৌদ্ধিক সঞ্চয় ঠাই ল’ব লাগিছিল, সেয়া হয়তো প্ৰায় শূন্য হৈ থাকে।

এখন অৰ্থপূৰ্ণ অনুষ্ঠান হ’বলৈ অৱশ্যেই মনোৰঞ্জনমূলক হ’ব লাগিব বুলি কোনো কথা নাই। এজন অৰ্থপূৰ্ণ বক্তা জনপ্ৰিয় হ’বই লাগিব বুলি কোনো নিয়ম নাই। আৰু এটা মূল্যৱান চিন্তা প্ৰতিজন মানুহে সেই মুহূৰ্ততে বুজি উঠিবই লাগিব—এয়াও সত্য নহয়।

কেতিয়াবা আটাইতকৈ মূল্যৱান কথাবোৰেই আমাক অস্বস্তিত পেলায়।

কেতিয়াবা হয়তো শ্ৰেষ্ঠ বক্তা তেওঁ নহয়, যিজনে আমাক হাততালি দিবলৈ বাধ্য কৰে; শ্ৰেষ্ঠ বক্তা তেওঁ, যিজনে আমাক কিছু সময়ৰ বাবে নিস্তব্ধ কৰি দিয়ে—আৰু ভাবিবলৈ বাধ্য কৰে। আৰু কেতিয়াবা এখন সভাৰ সৰ্বশ্ৰেষ্ঠ সফলতা কিমান জোৰে হাততালি বাজিল তাত নাথাকে; সফলতা লুকাই থাকে সেই কথাত—কিমানজন মানুহে সভাঘৰৰ পৰা ওলাই যোৱাৰ পাছত এনে এটা প্ৰশ্ন বুকুত লৈ যায়, যিটো প্ৰশ্ন তেওঁলোকৰ মনত সেই সভালৈ অহাৰ আগতে নাছিল।

সেয়েহে, প্ৰতিজন অনুষ্ঠান-আয়োজকৰ এক গভীৰ দায়িত্ব আছে—

এই সভাখনৰ উদ্দেশ্য কি?
ইয়াৰ শ্ৰোতা কোন?
আৰু আমি তেওঁলোকৰ মনত, চিন্তাত, জীৱনত—কি এৰি যাব বিচাৰোঁ?

প্ৰতিটো বৌদ্ধিক সমাৱেশক মনোৰঞ্জনৰ মঞ্চলৈ টানি  আনিব নালাগে। প্ৰতিজন বক্তাক হাততালিৰে জুখিব নালাগে। আৰু সহজে বুজিব পৰা কথাকেই গভীৰতা বুলি ভুল কৰিব নালাগে।

কাৰণ, যি সমাজে সদায় আটাইতকৈ সহজ বাৰ্তাটোকেই বাছি লয়, সেই সমাজ হয়তো কিছুদিনলৈ আৰামত থাকিব পাৰে; কিন্তু যি সমাজে কঠিন প্ৰশ্ন শুনিবলৈ সাহস কৰে, অস্বস্তিকৰ সত্যৰ সন্মুখীন হ’বলৈ শিকে, গভীৰ চিন্তাক বুজিবলৈ ধৈৰ্য ধৰে আৰু নিজৰ বিশ্বাসকো প্ৰশ্ন কৰিবলৈ কুণ্ঠাবোধ নকৰে—ভৱিষ্যত প্ৰকৃততে সেই সমাজেই নিৰ্মাণ কৰে।

শেষত হয়তো এখন সভাৰ মূল্য হাততালিৰ শব্দত নাথাকে।

হয়তো তাৰ প্ৰকৃত মূল্য লুকাই থাকে সেই নীৰৱতাত—যি নীৰৱতা সভা শেষ হোৱাৰ পিছতো এজন মানুহৰ অন্তৰত বাজি থাকে।

কিছুমান কথা সভা শেষ হোৱাৰ লগে লগে শেষ হৈ যায়‌ আৰু কিছুমান কথা সভা শেষ হোৱাৰ পিছতহে আৰম্ভ হয়।

সেই আৰম্ভণিটোৱেই হয়তো এখন অৰ্থপূৰ্ণ সভাৰ প্ৰকৃত সফলতা।

No comments:

Post a Comment

যেতিয়া গভীৰতাক কঠিনতা বুলি ভুল বুজা হয়

প্ৰতিটো সমাৱেশৰ উদ্দেশ্যে একে নহয়, আৰু সেই উদ্দেশ্যেৰ সন্মুখত সমবেত হোৱা প্ৰতিজন শ্ৰোতাৰ মনোজগতো একে নহয়। কোনোবাই আহে কেৱল শুনিবলৈ, কোনোবা...