"এই পৃথিৱীত থকা প্ৰতিটো জীৱ—মানুহ, বাঘ, হাতী, চৰাই, মাছ, গছ-গছনি, আনকি চকুৰে নেদেখা অণুজীৱও—এদিন একেটা আদিম জীৱৰ সৈতে সম্পৰ্কিত আছিল।" এই কথাষাৰ প্ৰথম শুনিলে বহুতে আচৰিত হয়। কিন্তু আধুনিক জীৱবিজ্ঞানৰ অন্যতম শক্তিশালী সিদ্ধান্ত এয়াই সত্য। কোটি কোটি বছৰৰ ক্ৰমবিকাশৰ ফলতেই আজিৰ এই অপাৰ জীৱ-বৈচিত্ৰ্যৰ সৃষ্টি হৈছে। সেয়েহে ক্ৰমবিকাশৰ ইতিহাস কেৱল জীৱৰ ইতিহাস নহয়; ই মানুহৰ নিজৰ অস্তিত্ব বিচাৰি পোৱাৰো ইতিহাস।
প্ৰায় ৪৫৪ কোটি বছৰ আগতে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা ধূলি, শিল আৰু গেছৰ বিশাল মেঘৰ পৰা পৃথিৱীৰ জন্ম হৈছিল। আৰম্ভণিতে পৃথিৱী আছিল জ্বলন্ত অগ্নিগোলকৰ দৰে। ক্ৰমে কোটি কোটি বছৰৰ ভিতৰত ইয়াৰ পৃষ্ঠভাগ ঠাণ্ডা হ'ল, বাষ্পৰ পৰা বৰষুণ হৈ নামিল, মহাসাগৰৰ সৃষ্টি হ'ল আৰু জীৱন ধাৰণৰ উপযোগী পৰিৱেশ গঢ়ি উঠিল।
বিজ্ঞানীসকলৰ মতে, প্ৰায় ৩৫০–৪০০ কোটি বছৰ আগতে পৃথিৱীত প্ৰথম জীৱৰ জন্ম হৈছিল। এই জীৱবোৰ আছিল অতি সৰল গঠনৰ এককোষী অণুজীৱ। সেই সময়ত উদ্ভিদ, প্ৰাণী, চৰাই বা মানুহৰ অস্তিত্ব নাছিল। কেৱল অতি ক্ষুদ্ৰ জীৱই পৃথিৱীত জীৱনৰ সূচনা কৰিছিল।
কেতিয়াবা কোৱা হয় যে ভাইৰাছেই পৃথিৱীৰ প্ৰথম জীৱ। কিন্তু এই কথাটো এতিয়াও বৈজ্ঞানিকভাৱে নিশ্চিত নহয়। ভাইৰাছে নিজে নিজে জীৱন ধাৰণ কৰিব নোৱাৰে; ই কেৱল জীৱিত কোষৰ ভিতৰতহে বংশবৃদ্ধি কৰে। সেয়েহে অধিকাংশ বিজ্ঞানীয়ে পৃথিৱীৰ সকলো জীৱৰ মূল পূৰ্বপুৰুষ হিচাপে ভাইৰাছক নহয়, আদিম এককোষী জীৱকহে ধৰি লোৱা হয়।
তাৰ পিছত আৰম্ভ হ'ল এক অবিশ্বাস্য দীঘলীয়া যাত্ৰা—ক্ৰমবিকাশ (Evolution)। জীৱৰ DNA ৰ সৰু সৰু পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। কিছুমান পৰিৱৰ্তনে জীৱক পৰিৱেশৰ সৈতে অধিক খাপ খুৱাবলৈ সহায় কৰিলে। এনে ধৰণৰ পৰিবৰ্তনশীল জীৱই অধিক দিন জীয়াই থাকি বংশবৃদ্ধি কৰিলে। এই প্ৰক্ৰিয়াকেই প্ৰাকৃতিক নিৰ্বাচন (Natural Selection) বুলি কোৱা হয়। এই তত্ত্বক বিশ্ববাসীৰ আগত সুস্পষ্টভাৱে উপস্থাপন কৰিছিল ইংৰাজ প্ৰাকৃতিক বিজ্ঞানী ডাৰউইনে।
প্ৰায় ২৪০ কোটি বছৰ আগতে কিছুমান অণুজীৱে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিবলৈ সক্ষম হ'ল। ফলত পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পালে। এই ঘটনাই পৃথিৱীৰ জীৱনৰ গতিপথ সম্পূৰ্ণৰূপে সলনি কৰি দিলে। ইয়াৰ ফলতেই অধিক জটিল জীৱৰ জন্ম সম্ভৱ হ'ল।
প্ৰায় ৬০ কোটি বছৰ আগতে সাগৰত বহুকোষী জীৱৰ ব্যাপক বিস্তাৰ ঘটিল। তাৰ পিছত মাছ, উভচৰ, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ আবিৰ্ভাৱ হ'ল। ডাইনোছৰসমূহেও কোটি কোটি বছৰ পৃথিৱীত ৰাজত্ব কৰিছিল। কিন্তু প্ৰায় ৬৬ মিলিয়ন বছৰ আগতে এক বৃহৎ গ্ৰহাণুৰ আঘাতৰ পিছত ডাইনোছৰ বিলুপ্ত হয়। সেই ঘটনাৰ পিছতেই স্তন্যপায়ী প্ৰাণীৰ বিকাশ অধিক দ্ৰুত হয়।
মানুহৰ ইতিহাসো এই ক্ৰমবিকাশৰ অংশ। বহুতে এতিয়াও ভাবে, "মানুহ বান্দৰৰ পৰা আহিছে।" কিন্তু এই ধাৰণা শুদ্ধ নহয়। আধুনিক মানুহ আৰু বৰ্তমানৰ বান্দৰ দুয়ো একে পূৰ্বপুৰুষৰ পৰা পৃথক পৃথক শাখাত বিবৰ্তিত হৈছে। অৰ্থাৎ বান্দৰ আমাৰ পূৰ্বপুৰুষ নহয়; কিন্তু আমাৰ আৰু বান্দৰৰ পূৰ্বপুৰুষ একেই আছিল।
প্ৰায় ৬–৭ মিলিয়ন বছৰ আগতে এই দুটা শাখা পৃথক হয়। তাৰ পিছত Australopithecus, Homo habilis, Homo erectus, Homo neanderthalensis আদি মানৱ গোটৰ আবিৰ্ভাৱ ঘটে। অৱশেষত প্ৰায় ৩ লাখ বছৰ আগতে আধুনিক মানুহ Homo sapiens-ৰ জন্ম হয়। আফ্ৰিকাত উৎপত্তি হোৱা এই মানৱগোষ্ঠী ক্ৰমে পৃথিৱীৰ সকলো মহাদেশলৈ বিস্তাৰ লাভ কৰে।
আজিৰ বিজ্ঞানৰ হাতত এনে বহু শক্তিশালী প্ৰমাণ আছে যিয়ে ক্ৰমবিকাশৰ সত্যতাক সমৰ্থন কৰে। জীৱাশ্ম (Fossils), DNA ৰ সাদৃশ্য, ভ্ৰূণৰ বিকাশ, বিভিন্ন জীৱৰ অংগৰ গঠন আৰু আধুনিক জিনীয় বিশ্লেষণ—সকলো তথ্যই দেখুৱায় যে পৃথিৱীৰ সকলো জীৱ কোনোবা নহয় কোনোবা দিশে পৰস্পৰৰ সম্পৰ্কীয়।
এইধৰণৰ প্ৰামাণিক উপলব্ধিয়ে মানুহক এক গভীৰ তথ্য আৰু শিক্ষা দিয়ে। আমি পৃথিৱীৰ মালিক নহয়; আমি এই বিশাল জীৱজগতৰ এটি সদস্যহে। গছ-গছনি, বনাঞ্চল, নদী, পাহাৰ, চৰাই, জন্তু আৰু অণুজীৱ—সকলো মিলিয়েই পৃথিৱীৰ জীৱন ব্যৱস্থা গঢ়ি তুলিছে। কোনো এটা অংশ ধ্বংস হ'লে সমগ্ৰ জীৱজগতেই ক্ষতিগ্ৰস্ত হয়।
পৃথিৱীৰ সৃষ্টি আৰু জীৱৰ উৎপত্তিৰ বিষয়ে বিভিন্ন ধৰ্মত বিভিন্ন আখ্যান আছে। সেইবোৰ বিশ্বাসৰ ক্ষেত্ৰ। আনহাতে বিজ্ঞানে পৰ্যবেক্ষণ, পৰীক্ষা, যুক্তি আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি নিজৰ সিদ্ধান্ত আগবঢ়ায়। সেয়েহে বিজ্ঞান আৰু ধৰ্ম একে বিষয়ৰ ভিন্ন দৃষ্টিভংগী; এটাক আনটোৰ বিকল্প বুলি ধৰা উচিত নহয়।
ক্ৰমবিকাশৰ ইতিহাসে আমাক শিকায় যে জীৱন কেতিয়াও স্থিৰ নহয়। পৰিৱেশ সলনি হয়, জীৱ সলনি হয়, আৰু নতুন নতুন প্ৰজাতিৰ জন্ম হয়। এই অবিৰাম যাত্ৰা আজিও চলি আছে। হয়তো ভৱিষ্যতৰ পৃথিৱীত নতুন জীৱৰ উদ্ভৱ হ'ব আৰু কিছুমান বৰ্তমানৰ জীৱ বিলুপ্ত হ'ব। এয়াই প্ৰকৃতিৰ চিৰন্তন নিয়ম।
শেষত আমি সিদ্ধান্তত উপনীত হ'ব পাৰো যে পৃথিৱীৰ সকলো জীৱ একেই জীৱনৰ বৃক্ষৰ বিভিন্ন ডাল। আমি সকলোৱে একে সুদূৰ অতীতৰ সন্তান। এই সত্য উপলব্ধি কৰিলে মানুহৰ মাজত অহংকাৰ কমে, সহমৰ্মিতা বাঢ়ে আৰু প্ৰকৃতিৰ প্ৰতি দায়িত্ববোধ জন্মে। ক্ৰমবিকাশৰ ইতিহাসে আমাক শিকায়—মানুহ মহান এই কাৰণে নহয় যে আমি পৃথিৱী জয় কৰিছো; মানুহ সেইবাবে মহান যে আমি নিজৰ উৎপত্তি বিচাৰি উলিয়াবলৈ সক্ষম হৈছো আৰু সমগ্ৰ জীৱজগতৰ সৈতে নিজৰ আত্মীয়তাৰ বৈজ্ঞানিক সত্য উপলব্ধি কৰিব পাৰিছোঁ।

No comments:
Post a Comment