Sunday, 12 July 2026

মানুহ বান্দৰৰ পৰা উৎপত্তি হৈছিল নেকি? বিজ্ঞানে কি কয়!

মানুহ বান্দৰৰ পৰা জন্ম হৈছিল বুলি কোনো বৈজ্ঞানিক প্ৰমাণ নাই। এইটো এটা বহুল প্ৰচলিত ভুল ধাৰণা।

বিজ্ঞানৰ মতে, মানুহ আৰু আজিৰ বান্দৰৰ এটা একে পূৰ্বপুৰুষ আছিল। সেই পূৰ্বপুৰুষে প্ৰায় ২.৫–৩.৫ কোটি বছৰ আগতে পৃথিৱীত বাস কৰিছিল। সেই জীৱটো আজিৰ বান্দৰো নাছিল বা মানুহো নাছিল।

সময়ৰ লগে লগে লাখ লাখ বছৰৰ ভিতৰত সেই পূৰ্বপুৰুষৰ বংশ দুটা পৃথক পথত বিকশিত হ'ল। এটা শাখাৰ পৰা আজিৰ বান্দৰবোৰ বিকশিত হ'ল আৰু আনটো শাখাৰ পৰা ক্ৰমান্বয়ে মানুহৰ পূৰ্বপুৰুষৰ সৃষ্টি হৈ শেষত আধুনিক মানুহৰ উদ্ভৱ হ'ল।

বিজ্ঞানীসকলে এই কথাৰ সমৰ্থনত কিছুমান প্ৰমাণ দাঙি ধৰিছে—

- পুৰণি জীৱাশ্ম অধ্যয়ন (ফচিল)।

- মানুহ আৰু চিম্পাঞ্জীৰ ডি.এন.এ.-ৰ সৰ্বাধিক মিল ।

- শৰীৰৰ গঠন আৰু অংগ-প্ৰত্যংগৰ সাদৃশ্য।

সেয়ে বিজ্ঞানৰ মতে, মানুহ আজিৰ বান্দৰৰ পৰা অহা নাই; কেৱল মানুহ আৰু বান্দৰ দুয়োৰে পূৰ্বপুৰুষ একে আছিল।

কেতিয়াবা বহুলোকে বান্দৰৰ পৰাই মানুহ সৃষ্টি হৈছিল বুলি ভুল ব্যাখ্যা দিয়া দেখা যায়। ৰাজনৈতিক নেতা সকলেও আনক তুচ্ছ তাচ্ছিল্য কৰিবলৈ মানুহৰ উৎপত্তি বান্দৰৰ পৰা হৈছিল বুলি প্ৰসংগ টানি আনে। সকলো বিষয়ত জ্ঞান নাথাকিলে ক্ষমতা আছে বাবেই নজনা কথাবোৰ প্ৰকাশ কৰিবলৈ গ'লে নিজেই হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয়।

No comments:

Post a Comment

Bioresources of Assam

A bioresource is any biological resource obtained from living organisms or ecosystems that is useful to humans or has ecological, economic, ...