কাইলৈৰ বাবে যিমানেই দৃঢ়প্ৰতিজ্ঞ হৈ পৰিকল্পনা নকৰোঁ কিয়, কেতিয়াবা এটা সৰু সমস্যাই আমাৰ সকলো পৰিকল্পনা থানবান কৰি দিব পাৰে। কিন্তু সেইবুলি কাইলৈৰ বাবে সপোন দেখা, পৰিকল্পনা কৰা আৰু আগুৱাই যোৱাৰ হেঁপাহ এৰি দিয়াটো কেতিয়াও উচিত নহয়। কাৰণ যাৰ সপোন নাই, যাৰ ভৱিষ্যতৰ প্ৰতি কোনো আশা নাই, তেওঁৰ জীৱন যেন লক্ষ্যহীন যাত্ৰাৰ এজন যাত্ৰীহে।
কেতিয়াবা জীৱনত নভবাকৈয়ে এনে এক সফলতা আহি পৰে, যিয়ে জীৱনৰ গতি আৰু দিশ সলনি কৰি দিয়ে। কিন্তু সেই সফলতাক ধৰি ৰখা, তাৰ মৰ্যাদা অক্ষুণ্ণ ৰখা আৰু দীৰ্ঘদিনলৈ স্থায়িত্ব প্ৰদান কৰিব পৰাটোহে প্ৰকৃত সফলতা।
জীৱনৰ আন এটা বাস্তৱতা হ'ল, আমাৰ কোনোবা বন্ধু, সহপাঠী বা সমনীয়াই ভাল চাকৰি এটা পালে, জীৱনত আগবাঢ়ি গ'লে কেতিয়াবা আমাৰ মনত হতাশা, হীনমন্যতা অথবা ঈৰ্ষাৰ জন্ম হয়। কিন্তু এবাৰ ভাবি চাওকচোন, আনৰ সফলতাত ঈৰ্ষা কৰি আপোনাৰ কি লাভ হ'ব? বৰঞ্চ নিজৰ মনৰ শান্তি, আত্মবিশ্বাস আৰু আগুৱাই যোৱাৰ শক্তিহে হেৰুৱাব। আপুনি হয়তো তেওঁৰ সফলতাক লৈ ঈৰ্ষা কৰিছে, অথচ তেওঁ হয়তো আপোনাৰ কোনো বিফলতাত আপোনাতকৈ অধিক মৰ্মাহত হৈছে। সেয়ে আনৰ জীৱনৰ সৈতে নিজৰ জীৱনক তুলনা নকৰিব। প্ৰতিজন মানুহৰে জীৱনৰ সময়, পৰিস্থিতি আৰু সফলতাৰ পথ সুকীয়া।
মনত ৰাখিব, সফলতা কোনো দৌৰ প্ৰতিযোগিতা নহয় যে সকলোৱে একেলগে লক্ষ্যস্থানত উপনীত হ'ব লাগিব।কোনোবাই আগতেই পাব, কোনোবাই কিছু পলমকৈ পাব। কিন্তু সময়তকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি লক্ষ্যৰ দিশে কিমান নিষ্ঠাৰে আগবাঢ়ি আছোঁ।
একাগ্ৰতা, সহিষ্ণুতা, অধ্যৱসায়, সততা আৰু আত্মবিশ্বাস—এই পাঁচটা শক্তি যদি নিজৰ মাজত ধৰি ৰাখিব পাৰোঁ, তেন্তে আজি নহ'লেও কাইলৈ সফলতাই আমাৰ দুৱাৰত টোকৰ মাৰিবই।
আৰু এটা কথা সদায় মনত ৰাখিব—বাৰে বাৰে বিফল হোৱাৰ যন্ত্ৰণা, অপমান আৰু গ্লানি কেতিয়াবা এটা সৰু সফলতাই নিমিষতে মচি পেলাব পাৰে। বিফলতা মানেই জীৱনৰ শেষ নহয়। বৰঞ্চ বিফলতাই আমাক নিজৰ ভুলবোৰ চিনিবলৈ, নতুনকৈ শিকিবলৈ আৰু অধিক শক্তিশালী ৰূপত উভতি আহিবলৈ সুযোগ দিয়ে। সেয়ে বিফলতাক ভয় নকৰি তাক গ্ৰহণ কৰক আৰু তাৰ পৰা ওলাই অহাৰ সাহসী পদক্ষেপ লওক।
জীৱনত কেতিয়াও আনৰ সফলতাত নিজৰ বিফলতা বিচাৰি নুফুৰিব। আনৰ পোহৰত নিজৰ আন্ধাৰ বিচাৰি থকাৰ সলনি নিজৰ ভিতৰতে এটা পোহৰৰ উৎস বিচাৰি উলিয়াওক।
সময় সলনি হ'ব, পৰিস্থিতি সলনি হ'ব, মানুহৰ চিনাকি আৰু পৰিচয়ো সলনি হ'ব। কিন্তু নিজৰ লক্ষ্যৰ প্ৰতি থকা নিষ্ঠা, পৰিশ্ৰমৰ প্ৰতি থকা বিশ্বাস আৰু সপোন পূৰণৰ অদম্য হেঁপাহ কেতিয়াও হেৰাই যাবলৈ নিদিব।
কাৰণ জীৱনৰ প্ৰকৃত সফলতা কেৱল উচ্চ স্থানত উপনীত হোৱাতেই নহয়, বৰঞ্চ বহু বাধা, বিফলতা আৰু প্ৰতিকূলতাৰ মাজতো নিজৰ অস্তিত্ব, সততা আৰু আত্মসন্মান অক্ষুণ্ণ ৰাখি আগুৱাই যোৱাতহে।
হয়তো আজি সময় আপোনাৰ নহয়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কাইলৈও আপোনাৰ নহ'ব। মাথোঁ ৰৈ নাথাকিব, হাৰ নামানিব আৰু নিজৰ ওপৰত বিশ্বাস হেৰুৱাব নিদিব।
সপোন দেখক, পৰিকল্পনা কৰক, পৰিশ্ৰম কৰক আৰু সময়ৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ সময়ো আহিব।
No comments:
Post a Comment