মানৱ সভ্যতা বিকাশৰ মূল ভেটি হ'ল কৃষি। এসময়ত অঘৰী জীৱন-যাপন কৰা মানুহ জাতিটোৱে খাদ্যৰ সন্ধানত এঠাইৰ পৰা অন্য এঠাইলৈ টলৌ টলৌ কৈ ঘূৰি ফুৰিছিল। কেইবছৰমান বাস কৰা পাছত আকৌ খাদ্যৰ সন্ধানত নতুন ঠাই বিছাৰি ঘূৰি ফুৰিছিল। এইদৰে এঠাইৰ পৰা অন্য এঠাইলৈ প্ৰব্ৰজন হৈ থকাটো সেই সময়ত এটা স্বাভাৱিক প্ৰক্ৰিয়া আছিল। সংৰক্ষিত বোলা নিজা খাদ্যভড়াল নাছিল বা তেনে উদ্যোশ্যত কৃষি কৰ্ম কৰিব পৰা অৱস্থা লৈ মানুহৰ মানসিক বিকাশ হোৱা নাছিল। বৰ্তমান বনৰীয়া প্ৰাণীবোৰৰ দৰেই মানুহো আছিল এক প্ৰাণী। কিন্তু কালক্ৰমত মানুহৰ বুদ্ধিমত্তা আৰু ইয়াৰ ব্যৱহাৰ আৰম্ভ হ'ল। চিকাৰ কৰি জীৱন নিবাহ কৰা সময়তে চিকাৰৰ বিভিন্ন অস্ত-শস্ত বনাই ব্যৱহাৰ কৰিব পৰা হ'ল। ঠিক তেনেকৈ এদিন একে ঠাইতে কেইবাবছৰ থাকিব পৰাকৈ ফল-মূল জাতীয় শস্ৰ, দৰকাৰী বন্যপ্ৰাণী আদি নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিল। এইদৰে হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰাৰ পাছত মানৱ সভ্যতাই আজিৰ এই পৰ্য্যায়ত উপনীত হ'ল। এতিয়া পৃথিৱীৰ চোকে-কোণে মানুহৰ জয়যাত্ৰা আমাৰ সেই পূৰ্বপুৰুষ সকলৰ প্ৰচেষ্টাৰ ফল। বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিত এতিয়া পৃথিৱীখন মানুহেৰে ভৰি পৰিল। এসময়ত মানুহৰ জনসংখ্যা বৃদ্ধি হোৱাটো সুভলক্ষণ বুলিয়েই গণ্য কৰা হৈছিল, কিন্তু বৰ্তমান বদ্ধিত জনসংখ্যাই মানুহৰ বসতিপ্ৰধান পৃথিৱীখন সংকুচিত কৰি পেলাইছে যত অদূৰ ভৱিষ্যতে এক বিষম পৰিস্থিতি উদ্ভৱ হোৱা দিশত মানুহৰ পৃথিৱী। এই সকলো পৰিস্থিতিৰ ভিতৰত এটা ডাঙৰ সমস্যা হ'ব খাদ্য অভাৱ। খাদ্য অবিহনে কোনো জীৱই থাকিব নোৱাৰে আৰু যিটো এদিন সত্য বুলি প্ৰমাণিত হ'ব বা এতিয়া পৃথিৱীৰ বহু দেশতেই খাদ্যৰ অভাৱত মানুহৰ মৃত্যু হোৱা খবৰ পায়েই থাকো।
Botany • Biodiversity • Environment • Science • Education [Science and educational resources with a special focus on biodiversity, ecology, environment and Northeast India]
Subscribe to:
Post Comments (Atom)
নদীৰ পানী ক’ৰ পৰা আহে?
এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে? আচলতে নদী নিজে...
No comments:
Post a Comment