Monday, 31 May 2021

লাইফ অফ এ ভূমিপুত্ৰ: এ ট্ৰেজিক ষ্ট'ৰি

২০১৪ চনতে একথামান মাটি কিনিছিলো। দখলদাৰীৰ পৰা কিনি দখল কৰিলো। ভাৱিছিলো কৰ্মসূত্ৰে যতেই নাথাকো নিজৰ চহৰখনত এটা পজা সাজি মাজে সময়ে নিজৰ ঘৰ বুলি যাম, থাকিম। বুঢ়া হৈ চৰকাৰে অকামিলা বুলি অব্যাহতি দিয়াৰ পাছত জীৱনৰ শেষৰ দিনটোলৈকে নিজৰ মাটিতে নিজৰ ঘৰ সাজি থাকিম, আপোন পৰিয়াল, বন্ধু-বান্ধৱসকলৰ সৈতে সময় কটাম।

সময় আগবঢ়াৰ লগে লগে কাম পিছুৱাই যাবলৈ ধৰিলে। বেজাৰত হৃদয়ত বাজে "ভৱা কথা নহয় সিদ্বি, বাটত আছে কণা বিধি"। জনা নাছিলোঁ ভূমিপুত্ৰ এজনে কিনা মাটি নিজৰ নামত ম্যাদি পট্টা কৰিবলৈ গ'লে ইমান যে লটি ঘটি হয়। ভৱা নাছিলোঁ চৰকাৰী অফিচত চাকৰি কৰা চাকৰিয়ালে এজন মানুহে দেখি থকা সপোনৰ ঘৰ সজা সপোনবোৰত ইমান বেছিকৈ হেঙাৰ হৈ পৰিব পাৰে। কিন্তু সেয়াই হ'ল।
--দিন বাগৰিল। অফিচত গ'লেই কেৰানী পৰ্য্যায়ৰ কৰ্মচাৰীজনে ফাইলৰ শেষতীয়া খবৰটো জনায় কয়---
কয়---আপোনালোকৰ ফাইলটো পাছ হোৱা নাই। লোকেল কৰ্ট তেতিয়াৰ পৰাই হোৱা নাই।
আকৌ যাওঁ, একেই উত্তৰ। খং উঠে, উভতি আহোঁ নিৰাশ হৈ‌, বুকুত এটা ক্ষোভ জমা কৰি।
এদিন গম পালোঁ ফাইলটো সচিবালয়লৈ গৈছে। মনটো ভাল লাগি গ'ল। মনত ঠাহ খাই থকা কলীয়া ডাৱৰৰ টুকুৰাবোৰ এচপৰা এচপৰা কৈ আতৰি যাবলৈ ধৰিলে। সৰু মানুহ। সৰু সৰু সপোন। দেখা সপোনটোৰ অলপ জোনাকী আভা দেখিলেই মনটো নাচি উঠে। কল্পনাত উটি ভাহি যোৱাৰ মানুহ। মোৰ কল্পনাৰ ফেহুজাল ভাঙি কৰ্ণ পৰ্দাত লাগিল-
--ক'লে, ফাইলটো কেতিয়া আহে নাজানো। আপুনি যদি ত্ৰিশ-পয়ত্ৰিশ মান খৰচ কৰি নিজেই কৰি আনিলে সোনকালে হ'ব। এয়া অভিজ্ঞ অফিচৰ কেৰানী পৰ্য্যায়ৰ চাটৰিয়ালে কোৱা কথা।
--মোৰ বিশ্বাস নহ'ল। দূৰ্নীতিমুক্ত, প্ৰদূষণ মুক্ত আৰু বিদেশী মুক্ত চৰকাৰ এখন থাকোতে এয়া কেনেকৈ সম্ভৱ! দুৰ্নীতিৰ বজাৰত ধন লোৱাটো যিদৰে দায়ী তেনেকৈ দিয়াওতো সমানেই দায়ী। মনত নিজকে অবান্তৰ সান্তনা দি বহি থাকিলোঁ। অগাধ বিশ্বাস চৰকাৰখনলৈ, এদিনটো হ'বই।
দিন বাগৰিল, চুটিত ঘৰলৈ গ'লে খবৰ লৈ থাকিলোঁ আৰু একে উত্তৰবোৰ লৈ তিক্ত অভিজ্ঞতাৰ ভড়ালটো মেটমৰা কৰি গ'লো।
--এদিন অফিচত গৈ খবৰ পালোঁ ফাইলটো আহি পালে। কাণত কেঞা আঙুলি খুচৰি চফা কৰি আকৌ শুনিবলৈ চেষ্টা কৰিলোঁ-- ঠিকেতো শুনিছোঁ নে? ফাইল আহি পালে মানে ইতিমধ্যে কেইবামাহো হৈছে। আনন্দতে কলো দিয়ক তেতিয়াহ'লে কি কি কৰিবলগীয়া আছে। মনটো ৰঙীণ হৈ পৰিল। কামটো হৈ আহিলেই ঘৰ সাজিম। বেংকৰ পৰা হাউচিং লোন ল'ম। চাৰিকোঠীয়া ঘৰ বনাম। আগফালে এখন সৰু ফুলনি, এখন সৰু শাকনি বাৰী।
--ক্ষণিকৰ বাবে মনত ঠাহ খাই থকা সপোনবোৰ উগাৰি অহাদি উকলি আহিবলৈ ধৰিলে।
ফাইলটো খুলি দেখুৱালে এইখিনি নথি- পত্ৰ খিনি যোগাৰ কৰিব লাগিব। সকলো দিয়াৰ পাছত ফাইলটো পুনৰ সচিবালয় পঠিওৱা হ'ব। আজিকালি নগৰত মাটি ল'লে সচিবালয়ৰ পৰা হৈ আহে। সকলো যদি ঠিক ঠাকে থাকে এইবাৰ হৈ আহিব। কেতিয়ালৈ আহিব ক'ব নোৱাৰোঁ। ক্ষণিকৰ বাবে মনত ঠাহ খাই থকা সপোনবোৰ উগাৰি অহাদি উকলি আহিবলৈ ধৰিলে।
লগা নথি-পত্ৰবোৰনো কি চালোঁ- প্ৰায় বিলাক ইতিমধ্যে জমা কৰা আছে। মাত্ৰ মাটিখিনিত ৰৈ নিজৰ ফটো একপি দিব লাগে। তেনেই সহজ।
--কলো ফটোতো দি দিম, বাকীবোৰটো আছেই।
-নাই, ট্টেছ মেপ আকৌ দিব লাগিব। মানে মাটিখিনিৰ জোখ মাখ কৰি তৈয়াৰ কৰা মাটিটুকুৰাৰ নক্সা।
-এইখন দিয়া আছেই, আকৌ কিয় দিব লাগে?
--লাগিব, আমাৰ ফাইলত নাই। মণ্ডলৰ অফিচৰ পৰা আনিব লাগিব। ফটোকপি হ'লেও হ'ব।
মণ্ডল অফিচত গৈ খবৰ ললোঁ। অত্যন্ত ব্যস্ত মণ্ডলবোৰ। এবাৰ দুবাৰ মাতিলে শুনিয়েই নাপায়। কাম কৰোতে কৰোতে ইতিমধ্যে কাণকেইখনো বিকল হৈছে যেন লাগিছে। জোৰকৈ কলো।
-হেৰি শুনিছে, আপোনাকে কলো। এনেকুৱা কথা।
এককোটি টকীয়া মূল্যৰ কথাষাৰ কলে- মই সেই লাটৰ মণ্ডল নহয়।
-তেন্তে কোন? আকৌ নিমাত। এজন চিনাকি চিনাকি লগা মণ্ডলৰ ওচৰলৈ গলো, কথাটো কলো। মানুহ জন দেখুৱাই দিলে। মানুহজন নতুনকৈ চাকৰিত জইন কৰিছে চাগে। বয়সত সৰু। স্মাৰ্ট যেন লাগিল। পাংকচুৱেল যেনো লাগিল। কামটো হ'ব পাৰে বুলি মনতে বিশ্বাস এটা উপজিল।
-হেৰি, বোলো- এনেকুৱা সমস্যা হৈছে। অলপ চাই দিয়কচোন!
কলে সেই মেপখন কৰ্টৰ অমুকতহে পাব।
কলো, মোক তাৰপৰাইহে পঠিয়াইছে, ইয়াতে পোৱা যাব বুলি।
--নাই, ইতিমধ্যে ফাইলৰ লগত জমা দিয়া হৈছে, সেই ফাইলৰ লগতে থাকিব।
তেওঁ লোকে তাত নাই, আপোনালোকৰ লগতে আছে বুলি কলে।
নাই নাপাব, তাৰপৰাই ল'ব লাগিব।
-যদি নাপাওঁ কি কৰিম!
--আকৌ বনাব লাগিব।
-কেনেকৈ?
--অলপ খৰচ কৰিব লাগিব।
আকৌ খংটো আহি চুলিৰ আগ পালে। নতুন প্ৰজন্মৰ মণ্ডল, ভাৱিছিলো কণ্ডল নাথাকিব। কিন্তু পাৰ্থক্য নাই।
কি কৰোঁ। আক্ৰমণকে কৰি দিওঁ নেকি? নাই আইন হাতত তুলি ল'ব নোৱাৰি।
দিন বাগৰিল, মোৰো ব্যস্ততা বাঢ়িল। জীৱন-যাত্ৰাৰ তালিকাত নতুন নতুন কামৰ সংযোজন হ'ল। চুটি কমিল। আহ জাহ কমিল। নিজৰ মাটিত, নিজৰ ঠাইৰ আপোন মানুহৰ লগত থকা আশাৰ চাকিটো ধিমিকি ধিমিকি কৈ জ্বলা দেখিছোঁ। ভূমিপুত্ৰ হৈও এটুকুৰা মাটি নিজৰ নামত চৰকাৰী খাটাত লিখাব নোৱাৰা অসুখ এটাই বুকুৰ কোনোবা একোণত মচিব নোৱাৰাকৈ দাগ কাটি গ'ল। 

No comments:

Post a Comment

Roles of Scientific nomenclature

  Describing and publishing a new plant species follows the rules of the (ICN) . Taxonomists must follow a formal scientific process so th...