Monday, 31 May 2021

মিজোৰামৰ দিনলিপি

 যোৱা ২০ ফেব্ৰুৱাৰীৰ ২০১৮ ৰ পৰা বিশেষ কামত আমাৰ অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ৩০ জনীয়া দল এটাই বিশ্ববিদ্যালয়ত  বাহৰ পাতি আছোহি । আমাৰ বিশেষ কাৰ্যসূচীৰ অন্তগত ভ্ৰমণমূলক অধ্যয়ন কৰিবলৈ যাওঁতেে আমাক কিছু কথা ভাৱিবলৈ বাধ্য কৰাইছে । যদিও মোৰ মিজোৰাম সম্পকে কিছু ধাৰণা আগৰে পৰা আছে তথাপি বৰ্তমানৰ বৃত্তি আৰু কাৰ্যসূচীৰ সৈতে জড়িত কিছু কাম কৰিবলৈ যাওঁতে আৰু বহুতো কথা জনাৰ সুবিধা পাইছো । যোৱা ২০ তাৰিখৰ পৰা আজি দিনটোলৈকে মিজোৰাম বিশ্ববিদ্যালয়ৰ অতিথিশালাত থাকি আয়োজক সমতিৰ আতিথ্য আৰু পৰিচালনাৰ  যি অভিজ্ঞতা হৈছে সেইয়া অতুলনীয় । তাৰোপৰি চাৰিও ফালে গছ-গছনিৰে আৱৰি থকা সীমাহীন সেউজীয়াৰে আৱৰা মিজোৰামত ডাৱৰে লুকা ভাকু খেলে । ঘৰবোৰ কেতিয়াবা ডাৱৰৰ বুকুত হেৰাই যায় । নিমিষতে এই ঠাইবোৰ যেন বিলীন হৈ যায় ইপাৰ সিপাৰ নমনা বিশাল ৰহস্যময় সাগৰৰ মাজত । ঘৰবোৰ যেন হৈ পৰে সাগৰৰ তলিৰ মণি মুকুতা । ক্ষণিকতে আকৌ চেগুণ গছৰ ফাঁকেৰে দিবাকৰে পোহৰৰ বান মাৰি ডাৱৰবোৰ খেদি খেদি ঘৰবোৰ উদ্ধাৰ কৰেহি । উখ উখ থিয় পাহাৰবোৰৰ গাতে সাবতি থকা চৰাই বাহঁটোৰ দৰে লগা ঘৰবোৰ আকৌ জিলিকি উঠে । কেতিয়াবা দিনটোতে দুই তিনিবাৰ এইদৰে লুকা ভাকু খেলে ডাৱৰ আৰু সীমাহীন সেউজীয়াই । ঘৰবোৰ যেন কোনো খনিকৰে কোনোবা প্ৰাচীন দেৱালয়ত খোদিত কৰি থৈ যোৱা চিহ্নহে--দূৰৈৰ পৰা চালে এনে যেন লাগে ।

মিজু সকলৰ ইতিহাস অতি পুৰণি । ইতিহাসৰ বুকুত এই জাতিৰ বিস্তৃত সমল বিচাৰি নেপালেও ইতিহাসে ঢুকি পোৱা তথ্যৰে  য়থেষ্ট কথা জানিব পাৰি । অতি প্ৰাচীন কালত বিভিন্ন সময়ত শক্ৰপক্ষৰ সৈতে যুজঁ বাগৰ কৰি আজি এই সময়ত উপস্থিত হৈছে মিজুসকল । সোতৰ শতিকাতে ব্ৰক্ষ্মদেশৰ পৰা আহি ভাৰতৰ ভূ-খণ্ডত নিজকে প্ৰতিষ্ঠা কৰি নিজৰ পৰম্পৰা, কৃষ্টি আৰু আধ্যাত্মিক ভাৱধাৰক বিশ্বদৰবাৰত বিলাই দিব পৰা এই জাতিটোৰ উত্তৰণৰ বাট ইমান মসৃণ নহয় । বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আৰু প্ৰতিকূল পৰিৱেশৰ লগত যুজঁ বাগৰ কৰা এই জাতিটোৰ ইতিহাস বিষাদে ভৰা হ'লেও বৰ্ণময় । জীৱন সংগ্ৰামত বাসস্থানৰ বাবে অন্যতম নিৰাপদ স্থান হিচাপে বাছি লৈছিল পাহাৰৰ উচ্চতম অংশ । এই অংশৰ পৰা শক্ৰক আক্ৰমণ কৰিবলৈ সুবিধাজনক বুলি বিবেচনা কৰিছিল । সেই হেতুকে মিজোৰামৰ সকলো চহৰ পাহাৰৰ শীষৰত অৱস্থিত ।
শিক্ষা হ'ল মানৱ সভ্যতা বিকাশৰ অন্যতম আহিলা । শিক্ষা অবিহনে কোনো জাতি, সমাজ বা দেশ আগবাঢ়ি যাব নোৱাৰে । মিজোৰাম এখন শিক্ষিত ৰাজ্য । বিশাল ভাৰতৰ্বষত মিজোৰাম শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত এখন । শিক্ষাই পৰিবৰ্তন আনে । শিক্ষাই এখন সমাজৰ শ্ৰী-চেহেৰা সলাই দিব পাৰে । শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰিমুখী হোৱা অনুচিত । শিক্ষাই বিশৃঙ্খলতাক সজাই শৃঙ্খলিত কৰে । শিক্ষাই মানৱ জীৱন সঠিক ৰূপত সজাই কমোদ্যমী হ'বলৈ শিকায় । ৯০% তশৈ বেছি শিক্ষিত লোক থকা মিজোৰামত তাৰ প্ৰভাৱ দেখা যায় ।
কামৰ সৰু বৰ নাই । উচ্চ শিক্ষাই কেৱল উচ্চ পৰ্য্যায়ৰ কাম কৰিবলৈকে নকয় । সৰু কামবোৰকো কেনেদৰে উচ্চ মানেৰে কৰিব পাৰি তাৰ সন্ধানহে দিয়ে । মোৰ বোধেৰে মিজুৰামত এই পৰিৱেশ সতে পৰিলক্ষিত হয় । ডেকা গাভৰু সকলে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ বাবে ঘৰতে বহি থকা বা নিজকে নিবনুৱা বুলি সাত সাবতি বহি থকা বিধৰ নহয় । মিজোৰামৰ বহতো সৰু বৰ দুকান, হোটেল বা ব্যৱসায়ত শিক্ষিত লোক দেখা যায় । প্ৰায়ে ইংৰাজীত কথা বতৰা পাতিব পাৰে । এই ফালৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বিশেষ অসুবিধা নহয় । টেক্সি বা অটোত উঠিলে চৰকাৰে বান্ধি দিয়া মূল্যতহে ভাৰা লয় । এই খিনিতে আমাৰ অসমৰ কথা মনত পৰি গল । অটো বা টেক্সি এখন ভাৰা কৰি অসমতো যাব পাৰি । কিন্তু সেই বৃত্তিৰ সৈতে জড়িত লোকসকলৰ অসততাৰ কাৰণে  বেছি ধন ভৰা ভয় মনত উদয় হয়, গাড়ী এখন ভাড়া যাবলৈ মনত শংকা জাগে । এই পৰিৱেশ মিজোৰামত সততে দেখা নাযায় । মিজুসকল অত্যন্ত কৰ্মী বুলি কব নোৱাৰি কিন্তু যি খিনি কৰে সেইয়া নিয়াৰিকৈ কৰে, স্বাভলম্বী হয় । সেয়ে মিজোৰামৰ জনমূৰি আয় ভাৰতৰ গড় জনমূৰি আয়তকৈ বেছি । নিৱনুৱা সমস্যাই সমগ্ৰ  দেশতে ভয়াৱহ সমস্যা ৰূপ লোৱা সময়ত মিজোৰামে কিন্তু শংকিত হোৱা নাই । কাৰণ সৰু-বৰ বেপাৰ বাণিজ্য, চৰকাৰী আৰু বেচৰকাৰী প্ৰায়বোৰ কৰ্মক্ষেত্ৰতেই মিজুসকলেই নিয়োজিত । পদবীক লৈ ইয়াত সামাজিক স্থিতি নাই । মিজোসকল সৰু-বৰ, ধনী-দুখীয়া, উচ্চ-নীচ আদি ভেদা ভেদক প্ৰশ্ৰয় নিদিয়ে । সেইবাবে সকলোৱে জীৱিকাৰ কাৰণে যি কোনো কাম কৰিবলৈ বেয়া নাপায় । উচ্চ শিক্ষিত ডেকা গাভৰুৰ হাততেই ৰাজ্য খনৰ ব্যৱসায় আৰু অৰ্থনীতি নিভৰ কৰে । গাড়ী চালকৰ পৰা মুচি, নাপিত, চানাৱালা, হোটেল বয়ৰ পৰা মালিক আদি সকলোবোৰ মিজুসকলেই কৰে । গতিকে অন্য ৰাজ্যৰ পৰা বহিৰাগত আহি এইখিনি কাম কৰিবলৈ কাৰোৱেই সুবিধা নাই । এই দিশসমূহ অসমৰ দৰে ৰাজ্য সমূহৰ নিৱনুৱাসকলে ভৱাহ'লে হয়তো আন্দোলন কৰিব লগা নহ'লহেতেন । মিষ্টি যোগালী, নাপিত, মুচি, চানাৱালা, ঠেলাৱালা আদি কামবোৰ বহি ৰাজ্য বা বাংলাদেশীয়ে সুবিধা নাপালেহেতেন । 

No comments:

Post a Comment

নদীৰ পানী ক’ৰ পৰা আহে?

এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে?  আচলতে নদী নিজে...