যোৱা ২০ ফেব্ৰুৱাৰীৰ ২০১৮ ৰ পৰা বিশেষ কামত আমাৰ অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ৩০ জনীয়া দল এটাই বিশ্ববিদ্যালয়ত বাহৰ পাতি আছোহি । আমাৰ বিশেষ কাৰ্যসূচীৰ অন্তগত ভ্ৰমণমূলক অধ্যয়ন কৰিবলৈ যাওঁতেে আমাক কিছু কথা ভাৱিবলৈ বাধ্য কৰাইছে । যদিও মোৰ মিজোৰাম সম্পকে কিছু ধাৰণা আগৰে পৰা আছে তথাপি বৰ্তমানৰ বৃত্তি আৰু কাৰ্যসূচীৰ সৈতে জড়িত কিছু কাম কৰিবলৈ যাওঁতে আৰু বহুতো কথা জনাৰ সুবিধা পাইছো । যোৱা ২০ তাৰিখৰ পৰা আজি দিনটোলৈকে মিজোৰাম বিশ্ববিদ্যালয়ৰ অতিথিশালাত থাকি আয়োজক সমতিৰ আতিথ্য আৰু পৰিচালনাৰ যি অভিজ্ঞতা হৈছে সেইয়া অতুলনীয় । তাৰোপৰি চাৰিও ফালে গছ-গছনিৰে আৱৰি থকা সীমাহীন সেউজীয়াৰে আৱৰা মিজোৰামত ডাৱৰে লুকা ভাকু খেলে । ঘৰবোৰ কেতিয়াবা ডাৱৰৰ বুকুত হেৰাই যায় । নিমিষতে এই ঠাইবোৰ যেন বিলীন হৈ যায় ইপাৰ সিপাৰ নমনা বিশাল ৰহস্যময় সাগৰৰ মাজত । ঘৰবোৰ যেন হৈ পৰে সাগৰৰ তলিৰ মণি মুকুতা । ক্ষণিকতে আকৌ চেগুণ গছৰ ফাঁকেৰে দিবাকৰে পোহৰৰ বান মাৰি ডাৱৰবোৰ খেদি খেদি ঘৰবোৰ উদ্ধাৰ কৰেহি । উখ উখ থিয় পাহাৰবোৰৰ গাতে সাবতি থকা চৰাই বাহঁটোৰ দৰে লগা ঘৰবোৰ আকৌ জিলিকি উঠে । কেতিয়াবা দিনটোতে দুই তিনিবাৰ এইদৰে লুকা ভাকু খেলে ডাৱৰ আৰু সীমাহীন সেউজীয়াই । ঘৰবোৰ যেন কোনো খনিকৰে কোনোবা প্ৰাচীন দেৱালয়ত খোদিত কৰি থৈ যোৱা চিহ্নহে--দূৰৈৰ পৰা চালে এনে যেন লাগে ।
মিজু সকলৰ ইতিহাস অতি পুৰণি । ইতিহাসৰ বুকুত এই জাতিৰ বিস্তৃত সমল বিচাৰি নেপালেও ইতিহাসে ঢুকি পোৱা তথ্যৰে য়থেষ্ট কথা জানিব পাৰি । অতি প্ৰাচীন কালত বিভিন্ন সময়ত শক্ৰপক্ষৰ সৈতে যুজঁ বাগৰ কৰি আজি এই সময়ত উপস্থিত হৈছে মিজুসকল । সোতৰ শতিকাতে ব্ৰক্ষ্মদেশৰ পৰা আহি ভাৰতৰ ভূ-খণ্ডত নিজকে প্ৰতিষ্ঠা কৰি নিজৰ পৰম্পৰা, কৃষ্টি আৰু আধ্যাত্মিক ভাৱধাৰক বিশ্বদৰবাৰত বিলাই দিব পৰা এই জাতিটোৰ উত্তৰণৰ বাট ইমান মসৃণ নহয় । বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আৰু প্ৰতিকূল পৰিৱেশৰ লগত যুজঁ বাগৰ কৰা এই জাতিটোৰ ইতিহাস বিষাদে ভৰা হ'লেও বৰ্ণময় । জীৱন সংগ্ৰামত বাসস্থানৰ বাবে অন্যতম নিৰাপদ স্থান হিচাপে বাছি লৈছিল পাহাৰৰ উচ্চতম অংশ । এই অংশৰ পৰা শক্ৰক আক্ৰমণ কৰিবলৈ সুবিধাজনক বুলি বিবেচনা কৰিছিল । সেই হেতুকে মিজোৰামৰ সকলো চহৰ পাহাৰৰ শীষৰত অৱস্থিত ।শিক্ষা হ'ল মানৱ সভ্যতা বিকাশৰ অন্যতম আহিলা । শিক্ষা অবিহনে কোনো জাতি, সমাজ বা দেশ আগবাঢ়ি যাব নোৱাৰে । মিজোৰাম এখন শিক্ষিত ৰাজ্য । বিশাল ভাৰতৰ্বষত মিজোৰাম শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত এখন । শিক্ষাই পৰিবৰ্তন আনে । শিক্ষাই এখন সমাজৰ শ্ৰী-চেহেৰা সলাই দিব পাৰে । শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰিমুখী হোৱা অনুচিত । শিক্ষাই বিশৃঙ্খলতাক সজাই শৃঙ্খলিত কৰে । শিক্ষাই মানৱ জীৱন সঠিক ৰূপত সজাই কমোদ্যমী হ'বলৈ শিকায় । ৯০% তশৈ বেছি শিক্ষিত লোক থকা মিজোৰামত তাৰ প্ৰভাৱ দেখা যায় ।
কামৰ সৰু বৰ নাই । উচ্চ শিক্ষাই কেৱল উচ্চ পৰ্য্যায়ৰ কাম কৰিবলৈকে নকয় । সৰু কামবোৰকো কেনেদৰে উচ্চ মানেৰে কৰিব পাৰি তাৰ সন্ধানহে দিয়ে । মোৰ বোধেৰে মিজুৰামত এই পৰিৱেশ সতে পৰিলক্ষিত হয় । ডেকা গাভৰু সকলে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ বাবে ঘৰতে বহি থকা বা নিজকে নিবনুৱা বুলি সাত সাবতি বহি থকা বিধৰ নহয় । মিজোৰামৰ বহতো সৰু বৰ দুকান, হোটেল বা ব্যৱসায়ত শিক্ষিত লোক দেখা যায় । প্ৰায়ে ইংৰাজীত কথা বতৰা পাতিব পাৰে । এই ফালৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বিশেষ অসুবিধা নহয় । টেক্সি বা অটোত উঠিলে চৰকাৰে বান্ধি দিয়া মূল্যতহে ভাৰা লয় । এই খিনিতে আমাৰ অসমৰ কথা মনত পৰি গল । অটো বা টেক্সি এখন ভাৰা কৰি অসমতো যাব পাৰি । কিন্তু সেই বৃত্তিৰ সৈতে জড়িত লোকসকলৰ অসততাৰ কাৰণে বেছি ধন ভৰা ভয় মনত উদয় হয়, গাড়ী এখন ভাড়া যাবলৈ মনত শংকা জাগে । এই পৰিৱেশ মিজোৰামত সততে দেখা নাযায় । মিজুসকল অত্যন্ত কৰ্মী বুলি কব নোৱাৰি কিন্তু যি খিনি কৰে সেইয়া নিয়াৰিকৈ কৰে, স্বাভলম্বী হয় । সেয়ে মিজোৰামৰ জনমূৰি আয় ভাৰতৰ গড় জনমূৰি আয়তকৈ বেছি । নিৱনুৱা সমস্যাই সমগ্ৰ দেশতে ভয়াৱহ সমস্যা ৰূপ লোৱা সময়ত মিজোৰামে কিন্তু শংকিত হোৱা নাই । কাৰণ সৰু-বৰ বেপাৰ বাণিজ্য, চৰকাৰী আৰু বেচৰকাৰী প্ৰায়বোৰ কৰ্মক্ষেত্ৰতেই মিজুসকলেই নিয়োজিত । পদবীক লৈ ইয়াত সামাজিক স্থিতি নাই । মিজোসকল সৰু-বৰ, ধনী-দুখীয়া, উচ্চ-নীচ আদি ভেদা ভেদক প্ৰশ্ৰয় নিদিয়ে । সেইবাবে সকলোৱে জীৱিকাৰ কাৰণে যি কোনো কাম কৰিবলৈ বেয়া নাপায় । উচ্চ শিক্ষিত ডেকা গাভৰুৰ হাততেই ৰাজ্য খনৰ ব্যৱসায় আৰু অৰ্থনীতি নিভৰ কৰে । গাড়ী চালকৰ পৰা মুচি, নাপিত, চানাৱালা, হোটেল বয়ৰ পৰা মালিক আদি সকলোবোৰ মিজুসকলেই কৰে । গতিকে অন্য ৰাজ্যৰ পৰা বহিৰাগত আহি এইখিনি কাম কৰিবলৈ কাৰোৱেই সুবিধা নাই । এই দিশসমূহ অসমৰ দৰে ৰাজ্য সমূহৰ নিৱনুৱাসকলে ভৱাহ'লে হয়তো আন্দোলন কৰিব লগা নহ'লহেতেন । মিষ্টি যোগালী, নাপিত, মুচি, চানাৱালা, ঠেলাৱালা আদি কামবোৰ বহি ৰাজ্য বা বাংলাদেশীয়ে সুবিধা নাপালেহেতেন ।
No comments:
Post a Comment