Monday, 31 May 2021

এজোপা গছৰ বাবেই কাল হ’ল তাৰ

  মাক-বাপেকৰ আলসৰ লাড়ু, বুকুৰ আপোন, কলিজাৰ আধা ল'ৰাটো মেট্ৰিক পাছ কৰি চহৰৰ ভাল কলেজত পঢ়িবলৈ গ'ল। জীৱনত প্ৰথমবাৰৰ বাবে মাক-দেউতাক অবিহনে ওলাই যাবলগীয়া হোৱা কথাটোত সি কেতিয়াও মানি লোৱা নাছিল। ওচৰৰ কলেজ এখনতে নাম লগাই ভালকৈ পঢ়ি ভাল মানুহ হোৱাৰ বহু প্ৰতিশ্ৰুতি দিছিল। কিন্তু দেউতাক নাচোৰবান্দা। চহৰত গৈ সেই নামি-দামী কলেজখনত পঢ়িবই লাগিব।

-----নতুন ঠাই, নতুন বন্ধু। প্ৰথমে ভাল লগা নাছিল যদিও লাহে লাহে সকলো ঠিক-ঠাক হৈ গ'ল। নিজৰ ক্লাছমেটৰ বাহিৰেও হোষ্টেলৰ চিনিয়ৰ সকলৰ লগতো মিলি গ'ল সি।
-----দিন বাগৰাৰ লগে লগে পঢ়া-শুনাৰ কথাবোৰ লাহে লাহে গৌণ হৈ পৰিল। কৈশোৰ আৰু যৌৱনৰ দুমোজাত অনেক নতুন নতুন চিন্তা, অলিক কল্পনা, বিলাস,আমোদ-প্ৰমোদ আদি কথাবোৰে বেছিকৈ গুৰুত্ব পাবলৈ ধৰিলে। কিবা নোপোৱাৰ বেদনা, অহেতুক হতাশা, অবান্তৰ কথাবোৰে মন-মগজু ভৰি পৰিল। লাহে লাহে কথাবোৰ লগৰ, চিনিয়ৰ সকলৰ লগত বিনিময় কৰিবলৈ ধৰিলে। একে সমস্যা বা মন মিলা সকলৰ লগত সময় অতিবাহিত কৰিবলৈ ধৰিলে।
-----কেতিয়াবা সন্ধিয়া নদীৰ পাৰত, কেতিয়াবা পান দোকানৰ সন্মুখত, কেতিয়াবা চিনেমা হলত। ধেমালিতে বা স্ফূৰ্তিতে লগৰবোৰৰ পৰা অলপ অলপ বিমল পান মচলা, শিখৰ আদি খাওঁতে, এহোপ-দুহোপ কৈ চিগাৰেটৰ হুপুতে হুপুতে কেতিয়া এই ধপাত জাতীয় বস্তুবোৰ খুউব সোনকালে তাৰ আপোন হৈ পৰিল সি গমেই নাপালে। কেতিয়াবা ৰাতি জীৱনত কোনোদিনে মুখত দি নোপোৱা পানীয় ও ল’বলৈ ধৰিলে।
----এতিয়া তাৰ সন্মুখত যেন অনেক ৰং, এখন পাৰাপাৰহীন ৰঙীন পৃথিৱী, গাত অদম্য শক্তি। অথচ্ সেই ৰঙীণ পৃথিৱীত সি চটফটাই থকা এটা চগাহে যেন। দিনে দিনে মদ, পাৰ্টি, বিমল পান মচলা, চিগাৰেট, শিখৰ আদিবোৰৰ লগত তাৰ সৰ্ম্পক গভীৰৰ পৰা গভীৰতম হৈ পৰিল।
-----ঘৰলৈ মাক-দেউতাকৰ খা-খবৰ লোৱাৰ পৰিৱৰ্তে আজি কালি প্ৰতিবাৰে ধন দাবী কৰা ধৰণে কথাবোৰ কয়। তাৰ ফ্ৰেণ্ড চাইকুল বহু বাঢ়ি গ’ল, সেইদৰে খৰচৰ তালিকাখনো। সময় ৰৈ নাথাকিল। সময়ৰ দূৰন্ত গতি থমকি নৰ’ল কিন্তু তীব্ৰ বেগী সময়ে তাৰ তাক লাহে লাহে জীৱন কঠোৰৰ পৰা কঠোৰতম ৰণক্ষেত্ৰলৈ লৈ গ'ল। তাৰো দিনবোৰ লাহে লাহে বৰ্ণহীন হৈ পৰা যেন লাগিল। সি সপোন দেখা একেলগৰ ৰংচঙীয়া পখিলাজনী ভালদৰে পাছ কৰি দূৰলৈ পঢ়াৰ বাবে ডেউকা মেলি উৰি গ’ল। কোনেও নজনাকৈ সি অকলে অকলে এক অন্ধকাৰ, নিৰ্জম কোঠালিত কুৰুকি কুৰুকি সোমাই গৈ থাকিল।
-----এনেকৈ তিনিটা বছৰ পাৰ হ'ল। সি হাইয়াৰ ছেকেণ্ডেৰী পাছ কৰিব নোৱাৰিলে‌। সম্ভাৱনাৰে ভৰপূৰ ল'ৰাটো পঢ়িবলৈ গৈ খালী হাতে ঘৰলৈ উভতি আহিল। ওচৰৰ কলেজ এখনতে আকৌ নাম লগাই দিলে। উচ্ছাসহীন, উদ্দেশ্য হীন, বৰণহীন নিস্তেজ মন এটা লৈ অতিবাহিত হ'ল তাৰ দিনবোৰ। লগৰবোৰে কলেজ এৰি বিশ্ববিদ্যালয় পঢ়াৰ কথা পাতে আৰু সি আকৌ হাইয়াৰ ছেকেণ্ডেৰীত নাম লগাই ক্লাছ কৰা কথা ভাৱে। এক অভাৱনীয় পৰিস্থিতিয়ে তাক জুৰুলা কৰিলে। তাৰ নিজৰ জীৱন টোৰ ওপৰতেই ধিক্কাৰ জাগিলে। নিজৰ লগতে মাক-দেউতাকৰ সপোন চাৰখাৰ কৰি আকৌ সি পঢ়ি আগৰ ল'ৰাটো হ'ব পাৰিব নে? সি উভতি আহিব পাৰিবনে আগৰ স্থানলৈ? কথাবোৰ ভাৱি মাজে মাজে সি পাগলৰ দৰে হৈ পৰে।
-------তাৰ কাহটো দিনক দিনে বাঢ়ি গৈ আছে। চেহেৰাটো যেন খাবলৈ নাপায় পুষ্টিহীনতাত ভোগা মানুহৰ দৰে হৈ পৰিছে। গাৰ বৰণ হেতা পৰি গৈছে। তাৰ চেহেৰাটো দেখি মাক-দেউতাক ব্যথিত হয়।
-------তাৰ এই লক্ষণবোৰৰ কাৰণ এদিন দেউতাকে ধৰা পেলালে। তাৰ ৰূমৰ এচুকত তাক কলেজ যাবলৈ কিনি দিয়া এমেৰিকান টুৰিষ্টাৰ বেগটো চিগাৰেট, শিখৰ আদি ধপাত জাতীয় সামগ্ৰীয়ে ভৰা। সেইবোৰ দেখি দেউতাক হতভম্ভ হৈ পৰিল।
-----সিদিনা সি ঘৰলৈ দেৰিকৈ ঘূৰিছিল। লগৰ বন্ধু এজনৰ বাৰ্থডে পাৰ্টি আছিল। সেইবাবে কথাটো পিছদিনা দেউতাকে ক'ব বুলি ভাৱি পুৱালৈ অপেক্ষা কৰিল।
----নিশা তাৰ কোঠাৰ পৰা কেকাই কেকাই ভাহি অহা কৰুণ শব্দ শুনা গ'ল। মাক-দেউতাক সচকিত হৈ উৎকণ্ঠাৰে তাৰ কোঠাত সোমাল। সি মজিয়াত পৰি আছে। কোঠাটোত উৎকট বেয়া গোন্ধই গিলি পেলাইছিল। তাৰ বমি হৈছে। বমি মানে কেৱল তেজ আৰু তেজ। মাক অচেতন হৈ পৰিল। মাজনিশা কৰে কি!
---দেউতাকে তাৰ মূৰটো কোলাত থৈ তাক মাত দিলে‌। সি কোনোমতে চকু মেলি চোৱাৰ বাহিৰে বিশেষ সহাৰি নিদিলে। গাঁৱলীয়া ঠাই। ওচৰত মেডিকেল নাই। এম্বুলেন্সৰ সুবিধা নাই। মাজনিশা কি কৰিব কি নকৰিব। মাক-দেউতাকে কান্দি কান্দি ভাৱি থাকোতে পোহৰ হ'ল।
---মাকৰ কান্দোনত গাৱঁৰ পুৱাৰ পৰিৱেশ নিশ্চুপ হৈ পৰিছে। ওচৰৰ মানুহে চোতাল ভৰি পৰিল। সকলোৰে দিহা-পৰামৰ্শত মেডিকেল লৈ গ'ল।
---কিছু প্ৰাথমিক চিকিৎসা কৰাৰ পাছত সি কিছু সহাৰি দিব পৰা হ'ল যদিও ডাক্তৰে তাক মহানগৰীৰ এখন বিশেষ চিকিৎসালয়লৈ নিবলৈ ক'লে।
---আজি দুমাহ পাৰ হৈছে। সি এতিয়া কেন্সাৰ হস্পিতেলৰ ৰোগী। যিকোনো মূহুতৰ্তে ঘটিব পাৰে অঘটন। দেউতাকৰ সাচতীয়া ধন লাহে লাহে শেষ হৈ আহিবলৈ ধৰিছে। ঘৰৰ এপদ-দুপদ স্থাৱৰ সম্পদ বিক্ৰী কৰি তাৰ চিকিৎসাৰ দিহা কৰাৰ যো-যা চলিছে।
----#এজোপা গছেই তাৰ ফুল-কুমলীয়া জীৱনটো অকালতে মৰহাই পেলালে। চিগাৰেট, বিমল পান মচলা, শিখৰ, গুটখা আদি এবিধ গজৰ পৰা নিৰ্মিত পদাৰ্থৰে তৈয়াৰী। সেইয়া ধপাত গছ। ধপাতত থকা নিকটিন নামৰ পদাৰ্থবিধ মানুহৰ দেহৰ তেজত থকা হিম'গ্লবিনৰ সৈতে খুউব সোনকালে ভাল বন্ধুত্ব গঢ়ি লয়। সেয়ে তেজে এবাৰ নিকটিন পালে আকৌ পাবলৈ উদ্বাউল হৈ পৰে। এবাৰ এই বস্তুবোৰ সেৱন কৰিলে দ্বিতীয়বাৰ সেৱন কৰিবলৈ দেহৰ তেজত থকা হিম'গ্লবিনে উচতাই থাকে। তাৰ পৰিনাম বৰ বেয়া হয়। কালক্ৰমত কেন্সাৰকে ধৰি মানুহৰ এশকতৈও অধিক বেমাৰে আক্ৰমণ কৰে। ধপাত সেৱন কৰিলে দ্ৰুত গতিত হ'ব পৰা এবিধ ৰোধ হৈছে কেন্সাৰ। এই ৰোগৰ চিকিৎসা অতি খৰচী। প্ৰাথমিক পৰ্য্যায়ত ৰোগৰ লক্ষণ ধৰা পৰিলে চিকিৎসা কিছু পৰিমাণে ফলপ্ৰসু হ’লেও সেয়াও অত্যন্ত খৰচী। কম আয়ৰ মানুহে সেইয়া ভাৱিবই নোৱাৰি। এই বেমাৰ নিৰাময়ৰ বাবে আজিলৈকে সঠিক ঔষধ বা ফলপ্ৰসূ চিকিৎসা ওলোৱা নাই। ইয়াৰ পৰা বাচি থাকিবলৈ ধপাত সেৱনৰ পৰা আতৰি থকাৰ বাহিৰে অন্য উপায় নাই। গতিকে আহক আজি (৩১-০৫-২০২১) #বিশ্ব ধপাত মুক্ত দিৱসৰ দিনা সকলোৱে পণ লওঁ আৰু আনকো কওঁ এখন ধপাতমুক্ত সমাজৰ কথা।

No comments:

Post a Comment

Roles of Scientific nomenclature

  Describing and publishing a new plant species follows the rules of the (ICN) . Taxonomists must follow a formal scientific process so th...