Sunday, 30 May 2021

বিশ্ব ধপাতমুক্ত দিৱসৰ পণ

 ধপাত এবিধ মাৰাত্মক উদ্ভিদ। এইবিধ উদ্ভিদৰ দেহত প্ৰাকৃতিকভাৱে জীৱন নাশকাৰী পদাথ নিকটিনৰ সংশ্লেষণ হয়।  এই নিকটিন এবিধ এলকালইড। দেহত প্ৰৱেশ কৰিলে ক্ষণিক উত্তেজনা সৃষ্টি কৰে। এই উত্তেজনাই ক্ষণিকৰ বাবে মনত সুখ প্ৰদান কৰিলেও দেহত স্থায়ীভাৱে বিষ জমা কৰি যায়। একাধিক বাৰ যেতিয়া এজনলোক এই নিচাৰ সোৱাদ লয় এদিন ই অভ্যাসত পৰিণত হয় আৰু ইয়াৰ পাছত ইয়াক ত্যাগ কৰিব নোৱাৰা হৈ পৰে। ফলত দেহত নানান ৰোগে দেখা দিয়ে।

ধপাত যে স্থাস্থ্যৰ বাবে ক্ষতিকাৰক সেই কথা ধপাতৰ পৰা তৈয়াৰী দ্ৰব্যবিধৰ ওপৰৰ খোলাটোতে লিখা থাকে।  আৰু বিভিন্ন গণ মাধ্যম, ৰাজহুৱা ঠাই আদিত সতকতামূলক জাননীও দিয়াথাকে। তথাপি কিন্তু গৰিষ্ঠ সংখ্যকলোকে ইয়াক আওকাণ কৰি ধপাত খায়।

ধপাতৰ পৰা ১০০ তকৈও অধিক ৰোগ হয়। কেন্সাৰেই কেৱল ধপাতৰ পৰা হোৱা ৰোগ নহয়। হৃদ ৰোগ, উচ্চ ৰক্তচাপ, বদহজম, নিশকতীয়া ছাল, ক্ষণকায়ী দেহৰ গঠন, নিছিগা কাহ, কিডনিৰ বিফলতা আদি অনেক ৰোগ।

উন্নত ৰাজ্যসমূহত ধপাত নিমূলৰ বাবে চৰকাৰে ধায্য কৰা সকলো বিধি জনসাধাৰণে মানি চলে। জনসাধাৰণেও ইয়াৰ ক্ষয়-ক্ষতি কথা জানি ধপাত সেৱনৰ পৰা বিৰত থাকে।

ধপাত এৰিবলৈ তেনেই সহজ। লাগে মাত্ৰ দৃঢ় সংকল্প। নিজকে ব্যস্ত ৰখাটোও ধপাতৰ পৰা বাছি থকাৰ এক মন্ত্ৰ। ধপাতৰ পৰা পোৱা নিচাৰ উন্মাদনাৰ বিপৰীতে ইয়াৰ পৰা হোৱা ক্ষতিকাৰক দিশবোৰ সদায় আওৰাব লাগে। প্ৰয়োজন হ'লে ধপাতৰ পৰা হোৱা ৰোগ, ৰোগৰ লক্ষণ, কেন্সাৰ ৰোগীৰ বিপয্যস্ত ফটো চকুৰে দেখাকৈ ঘৰত লগাই থ'ব লাগে। মনত উদ্বেগ, দু-ভাৱনা, হতাশ আহিলে নিজৰ আপোন লোক, বন্ধু, ঘৰৰ মানুহ বা আত্মীয় কুতুম্বৰ লগত আলোচনা কৰিব লাগে।  

ধপাত সেৱনৰ কাৰণে কেৱল নিজৰেই নহয়, ই পৰিয়াল, সম্পকীয়, সমাজ আদি সকলোৰে ক্ষতি কৰে। যিহেতু বেয়াৰ বাহিৰে অলপো ভাল গুণ ধপাতৰ নাই তেন্তে কিয় আমি সেৱন কৰিম!

আহক আমি সংকল্প লওঁ আমি সকলোৱে ধপাত সেৱনৰ পৰা বিৰত থাকো আৰু আনকো এনে বিষাক্ত দ্ৰব্য সেবনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাওঁ।   

আজি ৩১-০৫-২০২১ ত সমগ্ৰ বিশ্বই এখন ধপাতমুক্ত পৃথিৱীৰ লক্ষ্যৰে আগবাঢ়িছে। আহক আমি আজিয়েই পণ লওঁ আমিও এই যাত্ৰাৰ এজন সক্ৰিয় সহযাত্ৰী হওঁ আৰু নিজৰ জীৱনটো সুখ আৰু স্বাচন্দ্যই ভৰপূৰ কৰি তোলো।
 

No comments:

Post a Comment

POST-FERTILISATION : STRUCTURES AND EVENTS

          Following double fertilisation, events of endosperm and embryo development, maturation of ovule(s) into seed(s) and ovary into fru...