Saturday, 20 September 2025

দুখীয়া মানুহৰ প্ৰভু জুবিন গাৰ্গ

মই স্বাথৰ্পৰ হ'ব পাৰিলোঁহেঁতেন।

বোম্বেত থাকি, পইচা ঘটি ঢেৰ গান গাই নাম কৰিব পাৰিলোঁহেঁতেন।

কিন্তু মোৰ অসমৰ জনগণৰ প্ৰতি এটা দায়িত্ব আছে।

তেওঁলোকে মোক জন্ম দিছে।

ঘৰৰপৰা ওলোৱাৰপৰা ষ্টিডিঅ' পোৱালৈকে পোন্ধৰজনমান মানুহৰ চিকি९সা, ল'ৰা-ছোৱালীৰ পঢ়া-শুনা,

আন সমস্যা, অভাৱ-অভিযোগ - সেইবোৰ চাওঁতেই মোৰ দিনে বহুত সময় যায়।

কিন্তু সেই দায়িত্বৰ পৰা ওলাব নোৱাৰোঁ।

সেই দায়িত্ব এৰিলে মই নিজকে ক্ষমা কৰিব নোৱাৰিম।

সকলোৱে বিশ্বাস কৰে -  কোনেৱে একো নকৰিলেও জুবিনদাই কিবা এটা কৰিব।

                                                                                         জুবিন গাৰ্গৰ মনৰ কথা।

No comments:

Post a Comment

নদীৰ পানী ক’ৰ পৰা আহে?

এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে?  আচলতে নদী নিজে...