প্ৰতি দিনে লাখ লাখ মানুহ পৃথিৱীলৈ আহে আৰু যায়। এই বৃহত্ নাট্যমঞ্চত কিবা কিবি ভাও দি নিজৰ নিজৰ স্থায়ী ঠিকনালৈ গুচি আকৌ গুচি যায়। ভগৱানে বেলেগ বেলেগ চৰিত্ৰ দি বেলেগ ধৰণৰ মানুহ পঠিয়াই। কোনেৱে দিন হাজিৰা কৰে, কোনোৱে ব্যৱসায় কৰে, কোনেৱে ৰাজনীতি, কোনোৱে চৰকাৰী চাকৰ বা অনেক ধৰণৰ ভাও। তাৰ মাজতে দুই এজন মানুহ পঠিয়াই যাৰ হাতত ভগৱানে কিছুমান বিশেষ বিশেষ গুণ দি পঠায়। কিছুমানে পঢ়া-শুনা কৰি লাল-বিলাসত জীৱন কটায়। লাখ লাখ জনৰ সুবিধা আৰু ক্ষমতা আজুৰি নিজে এখন স্বগ তৈয়াৰ কৰি লয় যি পাৰ্থিৱভাৱে সুখত থকাৰ আমেজ লয়। ইয়াৰে ভিতৰতে কিছুমান চৰকাৰী চাকৰি কৰে, ডাঙৰ বিষয়া-আমোলা হয়। কোনোবাই ৰাজনীতি কৰে। দেশৰ সৰ্ব্বোচ সা-সুবিধা লয়, সা-সম্পতিৰে পাহাৰ গঢ়ে। এই বোৰ মানুহক লৈ ভগৱান সন্তুষ্ট নহয়। ভগৱানে ইয়াৰ বিপৰীতে আৰু এচাম মানুহ পঠায়। তেওঁলোকে অতি পৰিশ্ৰম কৰি কোনোমতে পেটে-ভাতে খাই জীয়াই থাকে, পৰয়াল পোহ-পাল দি জনসংখ্যা বঢ়াই। কষ্ট কৰোঁতে কৰোঁতে আৰু নিজৰ জীৱন সংগ্ৰামখন আগুৱাই লৈ যাওঁতে পৃথিৱীৰ বহু কথা গমেই নাপায়। নিজে যে শোষিত-নিষ্পেষিত সেই কথা ভাৱিবলৈও নাপাই বা পালেও সকলো আওকাণ কৰি নিজৰ জীৱনটোৰ কথাহে ভাৱি জীৱন কটায়। ভগৱানে এইচাম মানুহক লৈও সুখী নহয়। আৰু এচাম মানুহ পঠিয়াই। পঢ়ি-শুনি জ্ঞানী হয়, নিজৰ কৰ্মক্ষেত্ৰ এখন পাই যায়। নিজৰ জীৱনৰ ভোগ-বিলাসত আৱদ্ধ হৈ নিজৰ কৰ্মসংস্থাপন অবিৰত চলি থাকিবলৈ হয় ছাৰ, হুজুৰ ছাৰ কৰি জীৱন কটায়। মন-মগজুত তীব্ৰ বিদ্ৰোহ ভাৱ জাগি উঠিলেও সকলো চম্ভালি থাকিব পৰাকৈ এওঁ ধৈৰ্য্যৰ সাগৰ। পিছে ভগৱান এইসকলকলৈও সন্তুষ্ট নহয়। আৰু অনেক ধৰণৰ মানুহ পঠিয়াই, ওঁহো, ভগৱানৰ ইচ্ছা পূৰণ নহয়। তাৰ পাছত ভগৱানে বহুত ধ্যান-ধাৰণা আৰু তপস্যাৰ অন্তত সীমিত সংখ্যক মানুহ পৃথিৱীলৈ পঠিয়াব পাৰে। যি সকলৰ ওপৰত ভগনাৰ গভীৰ আস্থা থাকে। ভগৱানে ভাৱে তেখেতলোকে শোষিত-নিষ্পেষিত, পিড়ীত মানুহক যন্ত্ৰণাৰ পৰা মুক্ত কৰিব পাৰিব। তেওঁ বেলেগ বেলেগ গুণ দি পঠিয়াই। কোনোবাই ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰেৰে সুপ্ত মানুহক জগাই তুলি এখন সুন্দৰ সমাজ গঢ়িবলৈ শক্তি দিয়ে। কাৰোবাক অত্যন্ত মেধা শক্তিৰ লগতে নিৰবিচ্ছিন্নভাৱে কাম কৰিব পৰাকৈ অদম্য শক্তি দিয়ে যাতে জনতাৰ বাবে জীয়াই থাকিবলৈ তেওঁলোক উশাহ হ'ব পাৰে।
কোনোবাই সৃষ্টশীল কামত আত্মনিয়োগ কৰে যাৰ যোগেদি গৰিষ্ঠ সংখ্যক মানুহৰ উপকাৰ হয়। কিন্তু সকলো ধৰণৰ মানুহ পঠিউৱাৰ পাছতো মানুহবোৰ বেলেগ বেলেগ ধৰণে বিভক্ত অশান্তিকৰ কামত লিপ্ত হয়। শেষয় ভগৱানে বিচাৰ কৰি এনে এক মানুহ যি কোটিৰ ভিতৰতো এজন নহয়। যাক মগজুত দিয়া সৃষ্টিশীল শক্তি, এক বিশাল হৃদয়, অহিংসা, নিৰহংকাৰী, মানৱ দৰদী, প্ৰকৃতি প্ৰেমী। তেখেতলোকক এই গুণবোৰ দিয়াৰ লগে লগে দি পঠিয়াই অশেষ কষ্ট কৰিব পৰা শক্তি।
আমাৰ অসমী আইৰ বুকুতো আহিছে আৰু গৈছে তেনেলোক। দি গৈছে সমাজক সীমাহীন সম্পদ। ১৪০০ খ্ৰী. তে শংকৰ-মাধৱৰ মানৱৰূপী অৱতা দুটাই সেই সময়ৰ উপযোগী হোৱাকৈ দি পঠিয়াই তেখেতলোকক। শিক্ষা-দীক্ষাৰ পোহৰে ঢুকি নোপোৱা অন্ধকাৰচ্ছন্ন সমাজখনক নাম, কীৰ্তন, নাট, গীত আদিৰে অসমীয়া সমাজখন একতাৰ দোলেৰে বান্ধি থৈ গল। তাৰ পাছত আহিল জ্যোতি-বিষ্ণু যুতি যাৰ উদ্যোগত নতুনকৈ মানুহক শাসকৰ শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ, মূৰ তুলি জীয়াই থাকিবলৈ শিকালে। অত্যাচাৰী ৰজা-ঘৰীয়াক জনতাৰ কণ্ঠেৰে শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস দিলে। লগত আহিছিল তেখেতলোকৰ সহায়ক হিচাপে আৰু দুজনমান। তেখেতলোকৰ অৱদান অপৰিহাৰ্য । তাৰ পাছত আহিল ভূপেন হাজৰিকা। যাৰ কণ্ঠস্বৰ আছিল শোষণৰ বিৰুদ্ধে শাসকক জনতাৰ আদলতত থিয় কৰোৱা।
ইমানতো ভগৱান আশ্বত্ব নহল। আকৌ পঠিয়ালে জুবিন গাৰ্গক। কণ্ঠত দিলে তীব্ৰ প্ৰাবল্য শব্দৰ বান। মানুহৰ তেজে তেজে কপনি তুলিব পৰা এক অন্য শক্তি। উদাস মনত ঢালিব পৰা সঞ্জীৱনি সন্মোহন। শব্দত দিলে তীব্ৰ জোকাৰণি দিব পৰা শব্দবান। মানুহক ভাল পাবলৈ দিলে এক বিশাল হৃদয়। দুখঃ দুৰ্দশা-হতাশগ্ৰস্তলোকক চঞ্চল কৰি তুলিব পৰা মায়াবী কণ্ঠৰ গান। তৰু-লতাইও মেৰিয়াই ধৰিলে তেখেতৰ ভালপোৱাৰ প্ৰমাণ। জাতি-ধৰ্ম, ৰাজনীতিৰ পৰা বহু যোজন শীৰ্ষত তেখেতৰ অৱস্থান। লাখ লাখ ধনৰ লালসাই কেৰেপ কৰিব নোৱাৰা মানুহৰূপী ভগৱানজনে কেৱল ঘটিলে মানুহ আৰু মানুহ। ইতঁৰ প্ৰাণীও সাৰ মানিলে তেওঁ প্ৰেমক। প্ৰকৃতিও শুভাশীষ জনায় তেওঁৰ পৰশত। এইটো কেৱল এজৰ মানুহৰ পক্ষে সম্ভৱ নহয়। নিশ্চয় এইয়া ভগৱানৰ প্ৰত্যক্ষভাৱে মানৱ সমাজলৈ অৱদান।
No comments:
Post a Comment