Monday, 22 September 2025

মায়াবিনী ৰাতিৰ বুকুত

অসমীয়া বোলছবি "দাগ" ত জুবিন গাৰ্গৰ নিজা এটি গীত


মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত…

তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা, ৰ’দৰে নৈ

মোৰ দেহত প্ৰতি পুৱা

ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব

ভাবোঁ তোমাৰ বুকুত।

 

প্ৰতি শৰতৰ প্ৰভাতি ফুলে

ক’ব তোমাকেই মোৰ কথা

প্ৰতি মেঘালী নিশা জোনে

ক’ব তোমাকেই মোৰ বেথা

ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব

ভাবোঁ তোমাৰ বুকুত।

 

দুচকুলে তোমাৰ চালে

সপোন আঁতৰি দিঠক নামে

চুব খুজিলেই মোৰ দুহাতে

দিঠক আঁতৰি সপোন আহে

ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব

ভাবোঁ তোমাৰ বুকুত

 

মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত…

তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা ৰ’দৰে নৈ

মোৰ দেহত প্ৰতি পুৱা।।

 

 “মায়াবিনী ৰাতিৰ বুকুত” (Mayabini Ratir Bukut) Lyrics) শীৰ্ষক গীতটি ২০০১ চনৰ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত “দাগ” ছবিখনৰ অংশ।

এই গীতটিৰ গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী: জুবিন গাৰ্গ

ইয়াত ক্লিক কৰিলে গানটো শুনিব পাৰিব

No comments:

Post a Comment

 নামৰূপত প্ৰস্তাৱিত Dimethylamine উদ্যোগ: ব্যৱহাৰ, স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ নামৰূপত Dimethylamine (DMA) উৎপাদনৰ এটা উদ্যোগ...