Monday, 22 September 2025

মায়াবিনী ৰাতিৰ বুকুত

অসমীয়া বোলছবি "দাগ" ত জুবিন গাৰ্গৰ নিজা এটি গীত


মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত

তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা, দৰে নৈ

মোৰ দেহত প্ৰতি পুৱা

ধুমুহাৰ সতে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ

ভাবোঁ তোমাৰ বুকুত।

 

প্ৰতি শৰতৰ প্ৰভাতি ফুলে

ব তোমাকেই মোৰ কথা

প্ৰতি মেঘালী নিশা জোনে

ব তোমাকেই মোৰ বেথা

ধুমুহাৰ সতে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ

ভাবোঁ তোমাৰ বুকুত।

 

দুচকুলে তোমাৰ চালে

সপোন আঁতৰি দিঠক নামে

চুব খুজিলেই মোৰ দুহাতে

দিঠক আঁতৰি সপোন আহে

ধুমুহাৰ সতে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ

ভাবোঁ তোমাৰ বুকুত

 

মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত

তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা ৰদৰে নৈ

মোৰ দেহত প্ৰতি পুৱা।।

 

 “মায়াবিনী ৰাতিৰ বুকুত” (Mayabini Ratir Bukut) Lyrics) শীৰ্ষক গীতটি ২০০১ চনৰ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত দাগছবিখনৰ অংশ।

এই গীতটিৰ গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী: জুবিন গাৰ্গ

ইয়াত ক্লিক কৰিলে গানটো শুনিব পাৰিব

No comments:

Post a Comment

ইথান'লযুক্ত পেট্ৰ'ল অভিশাপ নে আশীৰ্বাদ?

ইথান'লযুক্ত পেট্ৰ'ল ইন্ধনে গাড়ীৰ মাইলেজ কমি যোৱা আৰু ইঞ্জিনৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কথা ইতিমধ্যে ব্যৱহাৰকাৰীক বিপদত পেলাইছে। সাম্প্ৰতি...