Sunday, 28 September 2025

হাঁহিলে তুমি মুকুতামণি সৰে

জুবিন গাৰ্গৰ প্ৰথম শ্ৰব্য কেছেট "অনামিকা"ৰ এটি জনপ্ৰিয় গীত (১৯৯২)

হাঁহিলে তুমি মুকুতামণি সৰে

দুচকু ভৰিলেও মন নভৰে

বেদনাৰ জ্বলা জুই

কেতিয়া নুমাবা

মৰমৰ বৰষাৰে

অনামিকা....

কলিজা ৰঙা কৰি

উজ্বলি আছা।

 

বহুদিনৰ পৰা

নিশা জাগি

সাঁচিছোঁ যে তোমালে'

মন মাধুৰী

উঠিলি উঠা মৰমে

গোপনে হিয়া আৱৰে

বেদনাৰ আকাশ ভাঙি

মন কিয় যে নভৰে

কোৱানা........

অনামিকা....

কলিজা ৰঙা কৰি

উজ্বলি আছা।

 

সোণসৰা সপোনৰ

পাৰ ভাঙি

অসীমলে' আনিলা

তুমি আজি

কতযে দুখৰ ধুমুহা

পাৰ হৈ আহি আহি

সেউজীয়া এটি ছবি

মনৰে মাজতে আঁকি

 ৰৈ আছোঁ .......অনামিকা।

কলিজা ৰঙা কৰি

উজ্বলি আছা।।

 

হাঁহিলে....।


ইয়াত ক্লিক কৰিলে গানটো শুনিব পাৰিব

No comments:

Post a Comment

The Most Peculiar Leader in the World at Present: An Analytical Report

Understanding “Peculiar” in Leadership The term peculiar does not necessarily mean bad or ineffective. It refers to leaders who are unconv...