Sunday, 28 September 2025

হাঁহিলে তুমি মুকুতামণি সৰে

জুবিন গাৰ্গৰ প্ৰথম শ্ৰব্য কেছেট "অনামিকা"ৰ এটি জনপ্ৰিয় গীত (১৯৯২)

হাঁহিলে তুমি মুকুতামণি সৰে

দুচকু ভৰিলেও মন নভৰে

বেদনাৰ জ্বলা জুই

কেতিয়া নুমাবা

মৰমৰ বৰষাৰে

অনামিকা....

কলিজা ৰঙা কৰি

উজ্বলি আছা।

 

বহুদিনৰ পৰা

নিশা জাগি

সাঁচিছোঁ যে তোমালে'

মন মাধুৰী

উঠিলি উঠা মৰমে

গোপনে হিয়া আৱৰে

বেদনাৰ আকাশ ভাঙি

মন কিয় যে নভৰে

কোৱানা........

অনামিকা....

কলিজা ৰঙা কৰি

উজ্বলি আছা।

 

সোণসৰা সপোনৰ

পাৰ ভাঙি

অসীমলে' আনিলা

তুমি আজি

কতযে দুখৰ ধুমুহা

পাৰ হৈ আহি আহি

সেউজীয়া এটি ছবি

মনৰে মাজতে আঁকি

 ৰৈ আছোঁ .......অনামিকা।

কলিজা ৰঙা কৰি

উজ্বলি আছা।।

 

হাঁহিলে....।


ইয়াত ক্লিক কৰিলে গানটো শুনিব পাৰিব

No comments:

Post a Comment

 নামৰূপত প্ৰস্তাৱিত Dimethylamine উদ্যোগ: ব্যৱহাৰ, স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ নামৰূপত Dimethylamine (DMA) উৎপাদনৰ এটা উদ্যোগ...