Monday, 17 November 2025

জুবিন গাৰ্গৰ জন্ম দিন আৰু গছপুলি ৰোপণ

Zubeen Garg has planted a sapling

আজি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন পালন কৰিব অনুৰাগী, শুভাকাংঙ্খীসকলে। প্ৰকৃতিপ্ৰেমী শিল্পীগৰাকীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বহুতো কাৰ্যসূচীৰ লগতে বহুতেই কাইলৈ গছপুলি লগাব। বেছিকৈ হয়তো নাহৰৰ পুলিকে লগাব। ইয়াৰ বাবে বহুতেই হয়তো আগতীয়া প্ৰস্তুতি চলাইছে। কিন্তু একাংশই কৰিব লাগে বাবে কৰিব। তথাপি গছপুলি লগোৱাটো ভাল কাম। গছপুলি লগোৱা মানে প্ৰকৃতিক যত্ন লোৱা। প্ৰকৃতিক যত্ন লোৱা মানেই নিজৰ লগতে উত্তৰ প্ৰজন্মক সুৰক্ষিত এখন পৃথিৱী প্ৰদান কৰা।


কিন্তু আচল কথাটো হৈছে এতিয়া গছপুলি ৰোৱা সময়খিনি। এই ঋতু বৰ শুকান। যত গছ-লতাই পানীৰ অভাৱত বৃদ্ধি-বিকাশ স্তব্ধ কৰি থয়। তেনে সময়ত বৃক্ষ ৰোপণ এক জটিল কাম। তথাপি কামখিনি কৰিবই লাগিব। তাতে বুকুৰ আপোন আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ নামত হ'ব এই কাৰ্য । জুবিন গাৰ্গে অসম্ভৱকো সম্ভৱ কৰি তুলিছিল, চেষ্ট কৰিলে তেখেতৰ দৰে হাজাৰটা কাম কৰিব নোৱাৰিলেও অন্তত কেইটামান গছপুলি জীয়াই তুলিব পাৰিব। প্ৰতি বছৰে বহু ঠাইত বহুত গছ ৰোপণ কৰা হয়, কিন্তু কিমান বাচি থাকিল তাৰ হিচাপ কাকো আজিলৈকে দিয়া দেখা নাই। ইয়াৰ মূল কাৰণটোৱেই হৈছে কিছু অৱহেলা, কিছু অজ্ঞতা। এইবাৰ ভাৱিছো সেই অৱহেলা নাথাকিব কাৰণ এইবাৰ গছপুলি ৰুব সকলোৰে মৰমৰ জুবিন দাৰ বাবে। গছপুলিটোক অৱহেলা কৰা মানে জুবিন দাক অৱহেলা কৰা হ'ব। অৱহেলা বাৰু নকৰে কিন্তু অজ্ঞতা খিনি কেনেকৈ দূৰ কৰিব। আহক কেইটামান কিটিপ শিকি লওঁ বা আপোনালোকেও যদি জানে সংযোজন কৰিব পাৰে। ইয়াৰ উদ্দেশ্য হৈছে সকলো গছপুলি জীয়াই ৰখা।
১) পুলি নিৰ্বাচন কৰাটো সফল ৰোপণৰ অন্যতম কাৰণ। পুলিটো স্বাথ্যবান হ'ব লাগে। তেতেৰা পৰা বা উপায় নাই বাবেই এইটোকে লগাই দিওঁ ধৰণৰ কাম কৰিব নালাগে।
২) পছৰ পুলিটো ৰোপণ কৰাৰ সময়ত ওপৰৰ পাতবোৰ পৈণত হ'ব লাগে। তেতিয়া, যেতিয়া নতুন ঠাইত পুলিটো ৰোপণ কৰা হয় ওপৰৰ পাতবোৰ পৈণত হোৱা বাবে লেৰেলি মৰি নাযায়।
৩) নাহৰৰ দৰে ডাঙৰ গছ হ'লে গাতটো ডাঙৰকৈ খান্দিব লাগে। ২.৫ ফুটমানৰ ঘনাকাৰ হ'ব লাগে। অথাত্ ওপৰে-তলে-দয়ে আঢ়ৈ ফুটমানৰ কৰিব পাৰিলে বহুতেই ভাল হয়।
৪) পৰাপক্ষত ৭ দিন আগতেই গাতটো খান্দি তলিটো শুকুৱাই পুনৰ ওপৰৰ মাটি আৰু পচা শুকান জাবৰ-জোঠৰে ৰোপণ কৰা তিনিদিন মান আগতেই গতটো পুতি মাটিখিনি ভালদৰে বঢ়িব দিব লাগে। মাটিখিনি শুকান আৰু তাৰ মাজতে বেছিকৈ বায়ু সোমাই নাথাকিলে বেছি ভাল হয়।
৫) গাতটো পুতাৰ সময়ত একেবাৰে মাজৰ অংশটো এটা চিহ্ন দি থ'ব লাগে যাতে পুলি মাজৰ অংশত ৰুবলৈ যাবলৈ ঠাইটুকুৰা সহজে বিচাৰি পোৱা যায়। পুলিটো সদায় গাতটোৰ মাজৰ অংশত ৰোব লাগে।
৬) পুলি ৰোপণ কৰোতে পুলিটোৰ গুৰিটো সামান্য ওখ কৰিব লাগে যাতে পানী দিলে তাত জমা হৈ নাথাকে।
৭) এটা কথা মনত ৰখা দৰকাৰ যে পলিথিনত ডাঙৰ কৰা পুলি হ'লে কোনো কাৰণতে শিপাৰ লগত লাগি থকা খিনি এৰি যাব দিব নালাগে। পলিথিনৰ বাহিৰলৈ ওলাই অহা শিপাবোৰ চোকা কটাৰী বা অন্য সজুলিৰে কাটি দিব লাগে।
৮) ৰোপণ কৰাৰ পাছত উপযুক্ত সুৰক্ষা দিব লাগিব। ইয়াৰ বাবে মজবুত চাৰিটা বাহৰ খুটিৰ সৈতে সেউজীয়া এগ্ৰ'নেট জাতীয় বস্তু দিব পাৰে। নতুবা মজবুতকৈ বাহৰ জেউৰা দিব লাগে। গৰু-ছাগলী বা তেনে তৃণভোজী প্ৰাণীয়ে ঢুকি নোপোৱা নোহোৱালৈকে ভালদৰে সুৰক্ষা দিব লাগে।

গছপুলি এটা ৰোপণ কৰাটো ডাঙৰ কথা নহয় কিন্তু ইয়াক ডাঙৰ কৰি তোলাহে আচল কথা। গছপুলি ৰোপণ কৰাটো প্ৰতিয়োগিতা হিচাপে ন'লৈ এক মহত্ কাম বুলি কৰক আৰু ভালদৰে লালন পালন কৰক। গছপুলি কিমান লগালে সেইটো হিচাপ নকৰি কিমানজোপা গছ অহা বছৰলৈ আপুনি জুবিন দাৰ নামত উচগা কৰিব পাৰিলে সেইয়া ডাঙৰ কথা। যেতিয়া আপুনি ৰোৱা গছপুলিটো ডাঙৰ হোৱাৰ পাছত চৰাই চিৰিকটি পৰিব, মানুহে তাৰ তলত জীৰাব - সেই দৃশ্য দেখি আপুনি যি পৰম আনন্দ পাব সেই সুখ কেৱল আপুনিহে অনুভৱ কৰিব পাৰিব। কিন্তু এই অনুভৱ পাবলৈ জটিল নহয় কেৱল ভালদৰে কামখিনি কৰিলেই হ'ল, এদিন হৈ যাব।

No comments:

Post a Comment

Why India lost in yesterday match

India’s loss to against can be critically analyzed from multiple tactical and psychological angles: 1. Batting Fragility Under Pressure ...