জুবিন গাৰ্গৰ জনপ্ৰিয় গীত
জগত পোহৰ কৰি
আহিব প্লাৱন
আঁতৰাব অমানিশা
বধিব ৰাৱণ
নিকা হ’ব সমাজ
শেষ হ’ব এই পাপ
ফুলি ৰ’ব প্ৰেম শতদল
জগত পোহৰ কৰি…….
লিখা হ’ব আকৌ নতুন ইতিহাস
ভণ্ড সমাজৰ হ’ব পৰিহাস
মাতৃৰ আচলত নামিবহি পৰভাত
হিংসাৰ জুই হ’ব ম্লান
জগত পোহৰ কৰি…….
উপজিব দেৱজাত দিব পৰিত্ৰাণ
দুচকুত শান্তি শিখা অনিৰ্বাণ
মানৱ প্ৰেমৰ কণা
পাৰিজাত ফুল হৈ
বৰষিব আইৰ চৰণত
জগত পোহৰ কৰি…….
No comments:
Post a Comment