Sunday, 5 October 2025

জগত পোহৰ কৰি

জুবিন গাৰ্গৰ জনপ্ৰিয় গীত

জগত পোহৰ কৰি

আহিব প্লাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱণ

নিকা হব সমাজ

শেষ হব এই পাপ

ফুলি ৰব প্ৰেম শতদল

জগত পোহৰ কৰি…….

 

লিখা হব আকৌ নতুন ইতিহাস

ভণ্ড সমাজৰ হব পৰিহাস

মাতৃৰ আচলত নামিবহি পৰভাত

হিংসাৰ জুই হব ম্লান

জগত পোহৰ কৰি…….

 

উপজিব দেৱজাত দিব পৰিত্ৰাণ

দুচকুত শান্তি শিখা অনিৰ্বাণ

মানৱ প্ৰেমৰ কণা

পাৰিজাত ফুল হৈ

বৰষিব আইৰ চৰণত

জগত পোহৰ কৰি…….


ইয়াত ক্লিক কৰি গানটো শুনিব পাৰিব

No comments:

Post a Comment

Bioresources of Assam

A bioresource is any biological resource obtained from living organisms or ecosystems that is useful to humans or has ecological, economic, ...