পৃথিৱীৰ হাজাৰ হাজাৰ বিজ্ঞানী আৰু কোটি কোটি জনতাৰ উৎকণ্ঠা উৰ
পেলাই বহু প্ৰত্যাশিত ৰসায়ন বিভাগৰ ন´বেল
বঁটা কালি (৯ অক্টোবৰ, ২০২৪) পদার্থ
বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ন'বেল প্রাপকক বাছনি কৰা 'ৰয়েল ছুইডিছ একাডেমী অব্ ছায়েন্সছ'-এ ঘোষনা কৰিলে। এইবাৰ
পৃথিৱীশ্ৰেষ্ঠ এই বঁটা তিনিজনকৈ বিজ্ঞানীক প্ৰদান কৰা হৈছে। তিনিজন বিজ্ঞানীক দিব
লগা বঁটাৰ ধনৰাশি দুটা ভাগত ভগাই দিয়া হৈছে। ইয়াৰে এভাগ দিয়া হৈছে আমেৰিকাৰ
ছিয়াটলত থকা ৱাচিংন্টন বিশ্ববিদ্যালয়ৰ
বিজ্ঞানী ডেভিদ বেকাৰক (David Baker) আৰু অন্য অংশ দিয়া হৈছে বৃটেইনৰ ৰাজধানী লণ্ডনত
থকা গুগুল ডিপমাইণ্ড (Google Deep Mind) ৰ বিজ্ঞানীদ্বয় ডেমিছ
হাছাবীচ্ (Demis Hassabis) আৰু জন এম. জাম্পাৰ (John M. Jumper) ক।
ডেভিদ
বেকাৰক (David Baker)
David Baker |
৯৬২ চনত জন্মগ্ৰহণ কৰা বিজ্ঞানী ডেভিদ বেকাৰ আমেৰিকাৰ এজন
প্ৰসিদ্ধ জৈৱ-ৰসায়নবিদ। মানুহৰ দেহ গঠন তথা বিভিন্ন কাৰু-কাৰ্য্যত
গুৰুত্বপূৰ্ণ ভূমিকা লোৱা প্ৰ´টিন নামৰ জৈৱিক অণুবিধৰ
গঠনৰ বিষয়ে গৱেষণা কৰি থকা বিজ্ঞানীজনে প্ৰ´টিন
গঠনৰ মূখ্য উপাদান এমিন´ এচিডৰ সাল-সলনি কৰি
দৰকাৰী নতুন প্ৰটিন প্ৰস্তুত কৰাই সমগ্ৰ বিশ্বৰ বিজ্ঞানক্ষেত্ৰখনত চমক সৃষ্টি
কৰিছে। ২০০৩ চনত বেকাৰে এদল বিজ্ঞানীৰে সৈতে গৱেষণা আৰম্ভ কৰি প্ৰ´টিন গঠনৰ মূখ্য আধাৰ এমিন´ এচিডৰ
সংগঠনৰ সালসলনি ঘটাই এলানি গুণগত নতুন প্ৰ´টিন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান এই প্ৰ´টিন ব্যৱহাৰ কৰি বহু-ভেকচিন আৰু দৰৱ প্ৰস্তুত কৰা হয়। তেখেতৰ এই
উদ্ভাৱনে সমগ্ৰ মানৱজাতিক উপকৃত কৰিছে। তাৰ স্বীকৃতি স্বৰূপে ২০২৪ চনৰ ৰসায়ন
বিভাগৰ ন´বেল বঁটাৰ বাবে বিবেচিত
হয়। আমি ডেভিদ বেকাৰক অভিন্দন জনোৱাৰ লগতে মানৱ জাতিলৈ আগবঢোৱা এই উদ্ভাৱনৰ বাবে
কৃতজ্ঞতা জ্ঞাপন কৰিছো।
ডেমিছ
হাছাবীচ্ (Demis Hassabis)
১৯৭৬ চনৰ ২৭ জুলাইত
লণ্ডনত জন্মগ্ৰহণ কৰা ডেমিচ হাছাবীচ বৰ্তমান
গুগুলৰ ডিপমাইন্ড (Google
DeepMind) মুখ্য
কাৰ্যবাহী বিষয়া তথা প্ৰকল্পৰ বিজ্ঞানী। তেখেত এজন পৰিকলন বিজ্ঞানী (Computer Scientist) আৰু কৃত্ৰিম বুদ্ধিমত্ৰাৰ
গৱেষক আৰু Demis Hassabis
উদ্যোগী। তেখেতে প্ৰথমে ভিডিঅ গেম প্ৰগামাৰ আৰু ডিজাইনাৰ হিচাপে কেৰিয়াৰ
আৰম্ভ কৰিছিল। বৰ্তমান তেখেত গুগুল ডিপমাইনিংৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী
বিষয়া। ইয়াৰ আগতেও তেখেতে বহুতো প্ৰতিষ্ঠানৰ সৈতে কম্পিউতাৰ আৰু মেচিন লাৰ্নিং ৰ সৈতে
জড়িত কাম কৰিছিল। বৃটেইনৰ ৰাজধানী লণ্ডনত থকা 'গুগল
ডীপমাইণ্ড'ৰ আন এজন বিজ্ঞানী জন জাম্পাৰ সৈতে ২০২০ চনত 'আলফা ফ'ল্ড-২' নামৰ কৃত্রিম
বুদ্ধিমত্তাৰ এটা আর্হি প্রস্তুত কৰিছিল। এই আর্হিটোৰ জৰিয়তে বিজ্ঞানীসকলে প্রায়
২০ কোটি প্ৰ'টিনৰ গঠন ভার্চুৱেল পদ্ধতিৰে বুজি পাবলৈ সক্ষম
হৈছে। থ্রী ডি (Three dimensional) আর্হিত
প্র'টিনৰ গঠন অধ্যয়ন কৰিব পৰা অসাধাৰণ কৃতী 'আলফা ফ'ল্ড-২' বৰ্তমান ১৯০খন ৰাষ্ট্ৰৰ প্ৰায় ২০ লাখ
বিজ্ঞানীয়ে ব্যৱহাৰ কৰি আছে। ইয়াৰ জৰিয়তে অতি জটিল প্ৰ'টিন
অনুৰ গঠন বুজাত সহায়ক হৈছে আৰু অধিক কার্যক্ষম এন্টিবায়'টিক
নির্মাণ কৰিব পৰা সম্ভৱ হৈ পৰিছে। তাৰোপৰি এই আৰ্হিৰ সহায় লৈ বৰ্তমান মানৱ সভ্যতাৰ কাল হিচাপে থিয়
দিয়া প্লাষ্টিক ধ্বংস কৰিব পৰা উতসেচক (Enzyme) প্রস্তুত
কৰিব পৰা যাব বুলি কোৱা হৈছে। তেওঁলোকৰ এই বিৰল কৃতিত্বৰ বাবে এই বৰ্ষৰ ৰসায়ন
বিজ্ঞানৰ ন'বেল আগবঢ়োৱা হৈছে বুলি 'ৰয়েল ছুইডিছ একাডেমী অব্
ছায়েন্সেছ'-এ প্রকাশ কৰিছে।
জন এম.
জাম্পাৰ (John M. Jumper)
John M. Jumper |
No comments:
Post a Comment