জীৱনৰ কেৰিয়াৰ গঢ়িবলৈ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ গুৰুত্ব অপৰিসীম। উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ গতিপথ বহুখিনি নিৰ্ভৰ কৰে। গতিকে জীৱনত শিক্ষাৰ ক্ষেত্ৰত সফলতা বুটলিবলৈ উচ্চতৰ মাধ্যমিক শাখাটোৰ ফলাফল খুবেই গুৰুত্বপূৰ্ণ।
ইতিমধ্যে
লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অবৰ্তীণ হ’ল। আৰু খুউব কম দিনৰ ভিতৰতে ফলাফল ওলাব। উচ্চ শিক্ষা গ্ৰহণ কৰিম বুলি বহু
ছাত্ৰ-ছাত্ৰীয়ে লক্ষ্য স্থিৰ কৰিছে। বহুত ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পাছত কি বিষয়ত
স্নাতক শাখাত মেজৰ লৈ পঢ়িব সেইটো মনতে ভাৱি থৈছে। কিন্তু বহুতেই কি পঢ়িব এতিয়াও
ভৱা নাই সেইটো জানো। ৰিজাল্ট ওলোৱাৰ পাছত দেখা যাব বুলিও বহুতেই গুণাগঠা কৰি আছে।
তাৰে একাংশই ভাৱি আছে লগৰ কেইটাই যি লয় তাকে ল’ম ইত্যাদি ইত্যাদি।
মই
নিজৰ অভিজ্ঞতাৰ পৰা কওঁ যিটো পঢ়িম বুলি ভাৱিছা সেইটো নিজেই ঠিৰাং কৰিব লাগে।
দৰকাৰ হ’লে শিক্ষক বা কোনো কেৰিয়াৰ কাউন্সিলৰ সৈতে আলোচনা কৰাটো দৰকাৰ। উচ্চতৰ
মাধ্যমিক শাখাত কোন কোন বিষয়ত দখল সবল হোৱাৰ লগতে অধিক ভাল লাগিছিল আৰু তাৰ ওপৰত
কিমান জ্ঞান আহৰণ কৰিলে সেইটো নিৰ্ণয় কৰাটো খুবেই জৰুৰী। যদি কোনো বিষয়ত উচ্চ শিক্ষা লোৱাৰ লক্ষ্য আছে
তেন্তে ভালপোৱাৰ লগতে ভালদৰে বিষয়বস্তুৰ তত্ব আহৰণ কৰা বিষয়টো নিৰ্বাচন কৰিলে বেছি
ভাল ফলাফল দেখুওৱাব পাৰি। নিজৰ ইচ্ছা নথকা বিষয় এটা ল’লে ভৱিষ্যতে
মনোযোগ দিবলৈ কঠিন হয়, ফলস্বৰূপে ফলাফল আশা কৰা ধৰণে নহ’বও
পাৰে।
অৱশ্যে
একাগ্ৰতা আৰু নিয়মানুবৰ্তিতা থাকিলে সফলতা অৰ্জন কৰিব পাৰি।
আজি
এই লেখাটোত কলা শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ হোৱাৰ
পাছত কেনেধৰণৰ বিষয়ত অধ্যয়ন কৰি কি কি সুযোগ-সুবিধা আদায় কৰিব পাৰি তাৰ বিষয়ে কিছু
আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে যাতে ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ কিঞ্চিত হ’লেও উপকাৰ হয়।
কলা
(Arts/Humanities)
শাখাত উচ্চতৰ মাধ্যমিক (HS) সম্পন্ন কৰাৰ পিছত
ছাত্ৰ-ছাত্ৰীৰ বাবে বহুতো উচ্চ শিক্ষা গ্ৰহণৰ সুবিধাৰ লগতে চাকৰিৰ সুযোগ আছে। ছাত্ৰ-ছাত্ৰীসকলে
নিজৰ আগ্ৰহ আৰু লক্ষ্য অনুসৰি বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে।
১. উচ্চ শিক্ষাৰ বিকল্পসমূহ
কলা
শাখাত উচ্চতৰ মাধ্যমিকৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নিম্নলিখিত বিষয়সমূহত স্নাতক (B.A./B.F.A./B.S.W./LLB
আদি) আৰু উচ্চতৰৰ পাঠ্যক্ৰম অনুসৰণ কৰিব পাৰে—
(ক) সাহিত্য আৰু ভাষা
সাহিত্য
আৰু ভাষা অবিহনে কোনো জাতি নিজস্ব বৈশিষ্ট্যৰে জীয়াই থাকিব নোৱাৰে। সেয়েহে সাহিত্য
আৰু ভাষা বিষয়ক অধ্যয়ন খুবেই জৰুৰী আৰু প্ৰজন্মৰ পাছত প্ৰজন্মই এই বিষয়ত অধ্যয়ন
কৰি যাব লাগিব। এই বিষয়ত পঢ়ি উচ্চ শিক্ষিত হৈ সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা
আগবঢ়োৱাৰ সুযোগ আছে। তলত ইয়াৰ সম্যক তথ্য দিবলৈ চেষ্টা কৰা হৈছে-
বিষয়:
অসমীয়া,
ইংৰাজী, হিন্দী, সংস্কৃত,
বিদেশী ভাষা (ফৰাছী, জাপানী ইত্যাদি) বিষয়ত
অধ্যয়ন কৰিব পাৰি।
কৰ্মসংস্থাপনৰ
সুযোগ: শিক্ষকতা, অনুবাদক,
ব্লগাৰ, কণ্টেণ্ট ৰাইটাৰ, সংবাদদাতা, সম্পাদক আদি বিবিধ কৰ্ম সংস্থাপনৰ সুযোগ
পোৱা যায়।
(খ) সমাজ বিজ্ঞান
মানুহ
সামাজিক জীৱ। সমাজ অবিহনে মানুহৰ জীৱন নিসংগ আৰু নিৰস। আকৌ প্ৰত্যেক সমাজৰ
ৰীতি-নীতি, পৰম্পৰা, খাদ্যাভাস, পৰিচালন আদি বেলেগ বেলেগ হয়। এই বৈচিত্ৰতাই মানৱ
সভ্যতাক আগুৱাই যাবলৈ অধিক উপকৰণ দিয়ে। বেলেগ বেলেগ ভৌগোলিক পৰিসৰত বসবাস কৰা
সমাজৰ জ্ঞান আৰু ইয়াৰ প্ৰয়োগ সমাজ বিজ্ঞান অধ্যয়নৰ পৰা জানিব পাৰি। তলত এই শাখাৰ
কিছু বিষয় উনুকিয়াবলৈ চেষ্টা কৰা হৈছে-
বিষয়:
ইতিহাস, ভূগোল,
ৰাষ্ট্রবিজ্ঞান, সমাজবিদ্যা, মানৱবিদ্যা আদি অধ্যয়ন কৰি কেৱল উচ্চ শিক্ষাই নহয় সমাজৰ বাবে কাম কৰাৰ
অসংখ্য থল আছে।
কৰ্মসংস্থানের
সুযোগ: শিক্ষকতা, চিভিল ছাৰ্ভিচ (UPSC, APSC), প্ৰশাসনিক বিষয়া, NGO কৰ্মী, গৱেষক,
পৰামৰ্শদাতা আদিৰ দৰে সন্মাজনক পদবীত কাম কৰাৰ সুযোগ পোৱা যায়।
(গ) ৰাজনীতি আৰু আইন
আমাৰ
দৰে গণতান্ত্ৰিক দেশত ৰাজনীতি আৰু দেশৰ আইন কানুনৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। আমাৰ
দেশ সংবিধানৰ মতে চলে আৰু সংবিধানৰ প্ৰতিটো বিষয় সঠিক ৰূপত ৰূপায়ন কৰিবলৈ আইনৰ
প্ৰয়োজন। গতিকে এই বিষয়ত অধ্যয়ন কৰি নিজে স্বাভলম্বী হোৱাৰ লগতে দেশৰ হকে কাম কৰাৰ
গৌৰৱ অৰ্জন কৰিব পাৰি। তলত বিষয়সমূহত পঢ়িলে কমসংস্থাপনৰ সুযোগ পোৱা যায়-
বিষয়:
ৰাষ্ট্রবিজ্ঞান, জন প্ৰশাসন, আইন
(LLB)।
কৰ্মসংস্থানৰ
সুযোগ: শিক্ষকতা, উকীল, ন্যায়াধীশ, চৰকাৰী অধিকাৰী, ৰাজনৈতিক পৰামৰ্শদাতা।
(ঘ) সাংবাদিকতা আৰু গণযোগাযোগ
গণতন্ত্ৰৰ
চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্য়ম। সাংবাদিকসকলে গণতন্ত্ৰৰ প্ৰকৃত উদ্দেশ্যৰ সফলতা
বা বিফলতাৰ খবৰ যথাসময়ত জনতাৰ ওচৰলৈ লৈ যাব পাৰে। সত্ আৰু সত্যনিষ্ঠ সাংবাদিকতাই
সমাজৰ উন্নয়নত সহায় কৰাৰ লগতে দুৰ্নীতি, ভ্ৰষ্টাচাৰ নাশী এখন সুস্থ প্ৰগতিশীল সমাজ
গঢ়াত অগ্ৰণী ভুমিকা লয়। তলৰ বিষয়সমূহ অধ্যয়ন কৰি এই ধৰণৰ কৰ্মৰ সৈতে নিয়োজিত হ’ব পাৰি-
বিষয়:
গণ যোগাযোগ (Mass Communication), সাংবাদিকতা (Journalism) আদি পাঠ্যক্ৰম কৰিব পাৰে।
কৰ্মসংস্থানৰ
সুযোগ: শিক্ষকতা, সংবাদ প্ৰতিষ্ঠান, নিউজ
চেনেল, ৰেডিঅ' জকি (RJ), ইউটিউবাৰ, মিডিয়া পৰিচালক।
(ঙ) মনোবিজ্ঞান আৰু সমাজকল্যাণ
মানুহৰ
মানসিক পৰিৱৰ্তন বিভিন্ন কাৰণে হয়। এই মানসিক পৰিবৰ্তনে কেতিয়াব নিজৰ লগতে পৰিয়াল
তথা সমাজৰ ক্ষতি কৰে। আজিকালি মানুহৰ জীৱন ধাৰণ শৈলী সলনি হোৱাৰ বাবে সততে এনে
ধৰণৰ মানসিক দুৰাৱস্থাই মানুহক পীড়া কৰিছেহি। গতিকে বৰ্তমান আমাৰ সমাজত
মনোবিজ্ঞানীৰ প্ৰয়োজনীয়তা বাঢ়ি আহিছে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়ত অধ্যয়ন
কৰি নিজৰ কৰ্মসংস্থাপন সুনিশ্চিত কৰাৰ লগতে সমাজৰো কল্যাণ সাধন কৰিব লাগিব। তলত এনে
বিষয়ৰ কিছু কথা আলোচনা কৰা হওক-
বিষয়:
মনোবিজ্ঞান, সমাজকৰ্ম (Social Work - BSW,
MSW)আদি অধ্যয়ন কৰিব পাৰি।
কৰ্মসংস্থানৰ
সুযোগ: মনোবিদ, পৰামৰ্শদাতা (Counselor),
সমাজকৰ্মী (NGO, UNICEF)।
(চ) দর্শন আৰু নৈতিকতা শিক্ষা
যুক্তি
অবিহনে সত্য প্ৰতিষ্ঠা কৰিব নোৱাৰি। দৰ্শন অধ্যয়ন নকৰাকৈ সবল যুক্তি উপস্থাপন কৰিব
নোৱাৰি। গতিকে সমাজত সত্যক সত্যৰ ৰূপত তুলি ধৰিবলৈ দৰ্শন শিক্ষাৰ প্ৰয়োজন। এই বিষয়ত
আগবাঢ়ি যাবলৈ তলৰ বিষয়সমূহত অধ্যয়ন কৰিব পাৰি।
বিষয়:
দর্শন,
ধৰ্মীয় অধ্যয়ন, নৈতিকতা শিক্ষা।
কৰ্মসংস্থানৰ
সুযোগ: অধ্যাপনা, ধৰ্মীয় সংগঠনৰ নেতৃত্ব,
গৱেষণা।
২. চাকৰিৰ ক্ষেত্ৰ
উপৰত
উল্লেখ কৰা চাকৰিৰ উপৰিও কলা শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰি বিভিন্ন চৰকাৰী,
ব্যক্তিগত আৰু আন্তৰ্জাতিক ক্ষেত্ৰসমূহত চাকৰিৰ সুযোগ পাব পাৰি। তলত
কিছু ক্ষেত্ৰ উল্লেখ কৰা হৈছে-
(ক) চৰকাৰী চাকৰি
চিভিল
ছাৰ্ভিচ: IAS, IPS, APSC, SSC,
Railway, Banking, IBPS PO।
শিক্ষকতা:
TET,
NET, SLET পাছ কৰি শিক্ষক, অধ্যাপনা চাকৰি।
সামৰিক
বাহিনী: NDA, CDS, অসম ৰাইফলছ, সেনাবাহিনী।
বেংক:
IBPS
Clerk, SBI PO, RBI Assistant
(খ) ব্যক্তিগত খণ্ড (Private Sector)
গণমাধ্যম:
সাংবাদিক, সম্পাদক,
কণ্টেণ্ট ৰাইটাৰ, YouTuber
আইন:
উকীল, আইনী উপদেষ্টা।
মানৱ
সম্পদ (HR): কোম্পানী
মেনেজমেণ্ট, HR Administrator
(গ) স্ব-নিযুক্তি আৰু উদ্যোগ
(Self-employment
& Entrepreneurship)
শিল্প-সংস্কৃতি:
নাট্যকলা,
সংগীত, চিত্ৰকলা (BFA, MFA)।
ব্যৱসায়:
উদ্যোগপতি, অনলাইন বিজনেছ, ব্লগিং,
ফ্ৰিলেন্সিং।
মনোবিজ্ঞান:
পৰামৰ্শদাতা (Counselor, Therapist)।
কলা
শাখা শিক্ষাৰ্থীৰ বাবে বিভিন্ন ক্ষেত্ৰত উন্নতিৰ সুযোগ আছে। নিজৰ আগ্ৰহ,
দক্ষতা, আৰু ৰুচি অনুসৰি সঠিক বিষয় বাছনি
কৰিলে শিক্ষাৰ্থীয়ে সফল জীৱন গঢ়ি তুলিব পাৰে।
"সঠিক দিশত আগুৱাই যাওঁক, আপোনাৰ সপোন সফল হ'ব!"
No comments:
Post a Comment