Saturday, 20 September 2025

জুবিন গাৰ্গ আহি আছে

জুবিন গাৰ্গ আহি আছে

এক শান্তশিষ্ট শিশুৰ দৰে
বতাহৰ শীতল শয়নত ।
ভালদৰে চা তাৰ শিশু মনটো
আকৌ জাগি উঠিছে
এক সাইলাখ নিষ্পাপ শিশুৰ দৰে
চকুত লালকাল টোপনি তাৰ।
উৰাজাহাজত উঠোতে দুহাত দাঙি চিকিউৰিটি ছেকত আগৰ দৰে হাত দাঙি দিয়া নাই
সি যে একেবাৰে ভাগৰুৱা
সেইবাবে সি দুহাত দাঙিব পৰা নাই।
চিকিউৰিটি গেটত তাক কোনেও একো শুধা নাই
সি শান্ত শিষ্ট বৰ ভাগৰুৱা।
ধল পুৱাতে পাবহি ঘৰ
ফিকা চাহ একাপ বিচাৰি সি আৰু আমনি নকৰে
সি এতিয়া সৰু ল'ৰা
চাহ খালে কলিজা পৰিব কলা।
ষ্টুডিঅ' গৈ আকৌ কি বৰ্ডত আঙুলি নুবুলায়
সি এতিয়া শুইছে বহুত ভাগৰুৱা
ঠেলাৱলা, ৰিক্সাৱলা, কৃষক, শোষিত নিষ্পেষিত লোকৰ বাবে গান আৰু নাগায়
প্ৰেম বিচ্ছেদত ডুবা জনক জোৰা লগাবলৈ আৰু নতুন গান নাগায়।
দিকভ্ৰান্ত পথিকক পথ দেখুৱাবলে আৰু নিলিখে গান।
সি বৰ স্বাৰ্থপৰ হৈ গ'ল।
মন্ত্ৰী-এম. এল. এ, ঘোচষোৰ অফিচাৰক লৈ গান আৰু নাগায়, গালি আৰু নিদিয়ে।
এতিয়াৰ পৰা তেওঁলোক মুক্ত।
জুবিনহীন ব'হাগটো নিমাওমাও হ'ব
সি যে বহুত ভাগৰুৱা, এতিয়া শুব।
ঘেন্টা মই কাকো কেয়াৰ নকৰোঁ বুলি কেতিয়াও নকয়
বহুতেই বেয়া পাইছিল,
এতিয়াৰ পৰা বেয়া পাবলগীয়া মানুহটো নাই
দুভৰিত দুপাত জোতা পিন্ধিছে বুলি
বাতৰি লিখিবলেও আৰু বাতৰি নোলায়।
তথাপি আমাক পাহৰা নাই।
জুবিন গাৰ্গ আহি আহিছে
আকাশক গাতে মেৰিয়াই
নিজৰ আপোন মানুহৰ কাষলৈ
অসমী আইৰ কোলাত
চিৰদিন শুবলৈ।
ঘুমতি আহে বা নাহে বুলি
এতিয়াৰ পৰা তেওঁৰ চিন্তা কৰিব লগা নাই।
যি ঘুমতি আহিল সাৰ পোৱাৰ প্ৰয়োজন নাই।

No comments:

Post a Comment

List of Life Sciences Journals (widely recognized; commonly indexed in Scopus and Web of Science)

List of Life Sciences Journals (widely recognized; commonly indexed in Scopus and Web of Science) 1) General Life Sciences / Biology These...