Friday, 19 September 2025

যেতিয়া ভাগৰুৱা হওঁ তেতিয়া তেখেতৰ গানত শক্তি পাওঁ।।

তেতিয়া স্কুলত পঢ়ি আছিলোঁ। ঘৰত গান শুনাৰ ব্যৱস্থা নাছিল। কেতিয়াবা দূৰৈত কিবা অনুষ্ঠানত মাইক বজালে আমি গানবোৰ শুনা পাইছিলো। এদিন শুনিছিলো 

"সোণেৰে সজোৱা পজা জহি খহি যায়,

 কোনে আজি সাজিবহি পাৰিব দোনাই....


তেতিয়া ককাইদেউক সুধিছিলো সেইটো কেনেকুৱা গান, কোনে গাইছে....

ককাইদেউ কৈছিল সেইয়া জুবিন গাৰ্গ, অসমৰ এজন ভাল গায়ক.....

সেয়াই আছিল তেখেতৰ সৈতে হোৱা সম্পৰ্কৰ‌ আৰম্ভণি।

জীৱনত বহুতো খলা বমা বাটেৰে আগবাঢ়ি আহিছোঁ। কেতিয়াবা অলপ সুখ, কেতিয়াবা তাতকৈ বেছিকৈ দুখ। এই সুখ-দূখৰ সময়খিনিত জুবিন গাৰ্গৰ গান শুনিয়েই গধুৰ সময়বোৰ পাৰ কৰি আহিছে। দুখৰ সময়তো জীৱনৰ গধুৰ ভাৰখন কঢ়িয়াই লৈ যাব পৰাকৈ তেখেতৰ গানত আছে প্ৰচণ্ড শক্তি। মোৰ দৰে লাখ লাখ মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া, তেজৰ টোপালে টোপালে মিঠা কণ্ঠেৰে‌ শব্দ মায়াৰে বান্ধি ৰখা সেই আপোন শিল্পী জন অচিন দেশত গৈ উভতি নহাৰ বাটেৰে গুচি যোৱা খবৰটো মনে মানি ল'ব পৰা নাই।

মৃত্যু সকলোৰে বাবে অনিবাৰ্য কিন্তু এই মৃত্যু অতি বেদনা কাতৰ। এই মৃত্যুক চম্ভালিবলৈ ধৰ্য্য আৰু শক্তি দুয়োটাই প্ৰয়োজন। সকলো অনুৰাগীক এই মূহুৰ্তত ঈশ্বৰে অদম্য শক্তি প্ৰদান কৰক।

তেখেত আজি ১৯.০৯.২০২৫ ত উভতি নহা বাটেৰে গুচি গ'ল। ছিংগাপুৰত শ্যামকানু মহন্তই আয়োজন কৰা Northeast Festival ত গান গাবলৈ গৈ সাগৰৰ পানীত সাঁতুৰিব ধৰোঁতে মৃত্যু হ'ল। এই মৃত্যু যেন কিবা ৰহস্যৰ আচ্ছাদনে মেৰিয়াই ৰাখিছে।

তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আকৌ অন্য ৰূপত আমাৰ মাজলৈ আৰু সবল ৰূপত অৱতাৰ লওঁক।

ভাগৰুৱা মনক জোৰ দিবলৈ আকৌ গুণগুণাওক....

.....মই ভাগৰা নাই জীৱন হেৰুওৱা নাই....

এই শিল্পী অমৰ হওক।।

No comments:

Post a Comment

Bioresources of Assam

A bioresource is any biological resource obtained from living organisms or ecosystems that is useful to humans or has ecological, economic, ...