মানুহৰ
জীৱনৰ প্ৰত্যেক স্তৰতে কিছুমান কাম কৰাৰ সময় আৰু সুযোগ-সুবিধা আহে। নিজৰ দক্ষতা
আৰু বয়স অনুযায়ী কামবোৰ ভগাই ল’ব জানিলে
গোটেই জীৱনটো প্ৰচুৰ্যপূৰ্ণ কৰি তুলিব পাৰি।
আমি
কেৱল সফল মানুহবোৰৰ সফল কাহিলীবোৰ পঢ়িলে বা জানিলে আমাৰ জীৱনত সফলতা নাহিবও পাৰে।
আমি পৃথিৱীৰ ধনী আৰু সফল ব্যক্তি বোৰৰ বিফল কাহিনীবোৰ পঢ়িলে বেছিকৈ অনুপ্ৰাণিত হ’ব পাৰোঁ। এই সকলৰ ভিতৰত চীন দেশৰ জেক
মাৰ কথা ক’ব পাৰোঁ। আলিবাবাৰ প্ৰতিষ্ঠাপক আৰু CEO জেক মা যেতিয়া যুৱক আছিল, তেওঁ ৩০ ৰো অধিক চাকৰিত
আবেদন কৰিছিল, কিন্তু সকলোতে চাকৰিৰ পৰা বঞ্চিত হৈছিল। কিন্তু
আজিৰ দিনত, ৬০ বছৰীয়া জেক মাৰ ই-কমাৰ্চ প্ৰতিষ্ঠান আলিবাবাৰ
মূল্য ৫১৯ বিলিয়ন ডলাৰ, যদিও তেওঁ ৩০ বছৰতহে পেচাগতভাৱে
সফলতা লাভ কৰিবলৈ ধৰিছিল।
ছুইজাৰলেণ্ডৰ
ডাভ’চত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ বাৰ্ষিক সভাত অংশ লোৱা যুৱ নেতাসকলক উদ্দেশি জেক মাই কৈছিল “জীৱনত আপুনি কিমান ধন উপাৰ্জন কৰিলে সেয়া গুৰুত্বপূর্ণ নহয়, আপুনি কিমান কষ্টেৰে দিন আৰু ভুলৰ মাজেৰে পাৰ হৈ আহিছে – সেয়াহে বেছি গুৰুত্বপূৰ্ণ,” মায়ে আৰু কৈছিল “যদি আপুনি সফল হ’ব খোজে, তেন্তে
আনৰ ভুলৰ পৰা শিকক, সফলতাৰ কাহিনীৰ পৰা নহয়।”
সময়
মানুহৰ মূল্যবান সম্পদ। যদি ইয়াক সৎ ব্যৱহাৰ কৰা হয় মানুহে জীৱনত বহুতো ভাল কাম কৰিব
পাৰি। যুৱ গ্ল’বেল লিডাৰ্ছ নেটৱৰ্কৰ এজন
সদস্য হিচাপে, মা-য়ে জীৱনত বয়সৰ লগে লগে কোনকেইটা বিষয়ত
গুৰুত্ব দি কাম কৰিব লাগে তাৰো সুন্দৰ ব্যাখ্যা দি নৱ-প্ৰজন্মক অনুপ্ৰাণিত কৰিছে।
তেখেতে
কৈছে- “আপুনি যেতিয়া ২০ ৰ পৰা ৩০
বছৰ বয়সত থাকে, এজন ভাল মালিকৰ অধীনত কাম কৰক, এখন ভাল প্ৰতিষ্ঠানত যোগদান কৰক, আৰু কেনেদৰে কাম
বেছিকৈ শুদ্ধভাৱে কৰিব পাৰে সেয়া শিকি লওক,”।
তেওঁ
লগতে কৈছিল “আপুনি যেতিয়া ৩০ ৰ পৰা ৪০
বছৰ বয়সত থাকে, যদি নিজে কোনো কাম আৰম্ভ কৰিব খোজে, তেন্তে আৰম্ভ কৰক। এই সময়ত আপুনি হেৰুৱাব পাৰিব, বিফল
হ’ব পাৰিব। অৰ্থ এইটো যে এই খিনি সময়ত আপুনি ভুল কৰিলে
শুদ্ধৰাব পাৰিব। কাম শিকিব পাৰিব। কাৰণ আপোনাৰ হাতত এতিয়াও যথেষ্ট সময় আছে।
তাৰ
পিছতেই, মা-এ যুৱকসকলক পৰামৰ্শ
দিছিল যে এই ৪০ বছৰ সময়ৰ পিছত মানুহে স্থিতিশীলতা, পৰিয়াল
আৰু পৰৱৰ্তী প্ৰজন্মৰ ওপৰত গুৰুত্ব দিয়া উচিত।
“আপুনি যেতিয়া ৪০ ৰ পৰা ৫০ বছৰ বয়সত থাকে, তেন্তে তেওঁৰ
পৰামৰ্শ হৈছে – যিবোৰ কামত আপুনি আগতেই নিপুণ, সেই কামবোৰতহে মনোযোগ দিয়ক।” এই সময়ছোৱাত নতুনকৈ কিবা
শিকি সফলতা লাভ কৰিবলৈ যথেষ্ট পলম হৈ যায়।
মা
য়ে কৈছিল “যেতিয়া ৫০ ৰ পৰা ৬০ বছৰ
বয়স হ’ব, তেতিয়া সময় খৰচ কৰক
যুৱপ্ৰজন্মক প্ৰশিক্ষণ দিয়াত, তেওঁলোকক বিকাশ কৰাত,।” ৬০ বছৰৰ পিছত, আপোনাৰ
নাতি-নাতনীৰ সৈতে থাকি জীৱনটো উপভোগ কৰক।” জীৱনৰ শেষৰ এই
সময়খিনি মানসিকভাৱে সুস্থিৰ হৈ থকাটো খুবেই দৰকাৰী বুলি মা এ কৈছিল।
মা-এ
কৈছিল, ২০ আৰু ৩০ বছৰীয়া লোকসকল “সকলোতকৈ সৌভাগ্যবান” কাৰণ তেওঁলোকে জীৱনত বহুত কিবা
কিবি শিকিব পৰাকৈ সময় আৰু সুবিধা থাকে। গতিকে জীৱনৰ এই সময়ছোৱাত যদি ভাল কাম শিকি
লোৱা হয় ইয়াৰ প্ৰভাৱ গোটেই জীৱনটোতে পৰিব। জীৱনটো সমৃদ্ধিশালী কৰি তুলিব।
মা-এ
কৈছিল – আপোনাৰ লক্ষ্য আৰু আশা
আপোনাৰ নিজৰ ভিতৰৰ পৰা স্থিৰ কৰক। তেওঁ এই কথা কৈছিল যে, তেওঁৰ
১০ বছৰৰ লক্ষ্য কল্পনা কৰাটো তেওঁৰ বাবে এক সফল পদ্ধতি আছিল।
তেখেতে
কৈছিল “যুৱ অৱস্থাত — আৰু এতিয়াও — মই কেতিয়াও ভৱাও নাছিলো যে মই
এতিয়াৰ দৰে হ'ম,” কিন্তু মোৰ কৰ্ম ফলত
আজি এইয়া হৈছো। “যেতিয়া মই অতীতলৈ চাইছো, মই যিবোৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ, সেয়া মোৰ বাবে
আশীৰ্বাদ হ’ল।”
মা
এ জীৱনত বহু বাৰ বিফল হৈছিল। এটা চাকৰি যোগাৰ কৰিবলৈ ৩০ ৰো অধিকবাৰ আবেদন কৰি
সাক্ষাৎকাৰত বহিছিল, কিন্তু সকলোতে বঞ্চিত হৈছিল। KFC-ৰ চাকৰিৰ বাবে ২৪ জনৰ সৈতে সাক্ষাৎকাৰত অংশ ল’লে,
২৩ জনক লোৱা হ’ল, আৰু
একমাত্ৰ বঞ্চিত হোৱা প্ৰাৰ্থীজন আছিল তেওঁ, মানে জেক মা। তথাপি তেওঁ হতাশ হৈ ভাগি
পৰা নাছিল। চেষ্টা সদায়ে অব্যাহত আছিল।
মা
এ আৰু কৈছিল, তেওঁ এগৰাকী “পুলিচ” হোৱাৰ বাবে ৫ গৰাকী ব্যক্তিৰ সৈতে আবেদন
কৰিছিল, কিন্তু তেওঁৰ বাহিৰে বাকী আটাইকেইজনে চাকৰি পালে,
তেওঁৰ নাম বাদ পৰিল। আৰু এটা আমোদজনক ঘটনা ঘটিছিল মাৰ লগত। তেওঁ আৰু তেওঁৰ ককাইয়েক
এজনে ৪-ষ্টাৰ হোটেলত ৱেটাৰ হ’বলৈ আবেদন কৰিছিল। দুয়ো দুই
ঘণ্টা ধৰি দীঘল শাৰীত অপেক্ষা কৰি সাক্ষাৎকাৰত বহিল। কিন্তু তেওঁৰ ককাইয়েকক চাকৰি
দিয়া হ’ল, আৰু তেওঁ পুনৰ বঞ্চিত হ’ল।
সকলো
পিতৃ-মাতৃৰ স্বাভাৱিক স্বভাৱৰ দৰেই তেওঁৰ বিফলতাক লৈ তেওঁৰ মাকে তেওঁৰ বাবে বহুত দুখ
পাইছিল, কিন্তু তেওঁ অকনো ভাগি
পৰা নাছিল। মা য়ে ভাৱি লৈছিল এই সকলোবোৰ তেওঁৰ বাবে এক প্ৰশিক্ষণৰ পাঠ্যক্ৰম।
প্ৰতিটো বিফলতাৰ পৰাই মা য়ে শিকিছিল সফলতাৰ মন্ত্ৰ। অসমীয়াত এষাৰ কথা আছে মানুহে
দেখি শিকে আৰু থেকি শিকে- সেয়াই যেন হৈছিল মা ৰ জীৱনত।
যদিও
তেওঁ ৩০ বছৰৰ আগলৈ নিজকে বিফল বুলি অনুভৱ কৰিছিল, তথাপি
মা এ ভাগি পৰা বাদেই দুগুণ উদ্যমেৰে কাম কৰিছিল, নিজক প্ৰস্তুত কৰিছিল। তেওঁ নিজৰ
মাজত প্ৰতিযোগিতা কৰিছিল। তেওঁ পৰৰ্ৱতী ১০ বছৰত কি কি কাম কৰি কেনেকৈ কি কি লাভ
কৰিব খোজে সেই লক্ষ্য পূৰণৰ বাবে সকলো কৰিছিল।
মাই
আৰু কৈছিল “আপুনি যিমান বুদ্ধিমান নহওঁক,
ভুল হবই,”। “আপুনি ভুলৰ
পৰা শিকিব, সেইবাবে সেই ভুল পুনৰ নহ’ব।
যদি সেই ভুল বা কষ্ট আকৌ আহে, তেতিয়া আপুনি কেনেদৰে
সন্মুখীন হ’ব, কেনেদৰে মোকাবিলা কৰিব –
সেইটো শিকিব সেই ভুলৰ পৰা।” তেওঁৰ মতে ভুল
কৰাটো ভুল নহয়, ভুলৰ পৰা মানুহে শিকে। ভুলৰ পৰা শিকিব জনা মানুহ বহুত বেছি
শক্তিশালী হয়।
আমি
জীৱনত সফলতা লাভ কৰিবলৈ প্ৰথমে কাম কৰাৰ সুদৃঢ় মন এটা গঢ়িব লাগিব। মনটো যেতিয়া
দৃঢ় হয় বিফলতাই আমাক পফভ্ৰষ্ট কৰিব নোৱাৰে বা সফলতাই আমাক উন্মাদ কৰিব নোৱাৰে। এই
দৃঢ় মন গঢ় দিবলৈ আমি এজন ভাল ব্যক্তিক অনুসৰণ কৰিব পাৰো, সুবিধা পালে কথা পাতিব
পাৰোঁ। ভাল ব্যক্তিজন আপোনাৰ পিতৃ-মাতৃ, শিক্ষক, ভাল মালিকো হ’ব পাৰে যাৰ ওচৰত আমি নিৰাপদ অনুভৱ কৰোঁ, কৰ্মস্পৃহাই আৰ্কষিত কৰে, ভাল
পৰামৰ্শই মনত আশাৰ বীজ ৰোপণ কৰে। কেতিয়াবা ভাল বন্ধুও জীৱনত সফল হোৱাত সহায় কৰে।
গতিকে
জীৱনত সফল হ’বলৈ আমি নিজেই আমাৰ নিজৰ
মাজৰ পৰা নিজক প্ৰথমে জগাই তুলিব লাগিব। সৰু সৰু সফলতাই এদিন জীৱনটো ডাঙৰ এখন
ক্ষেত্ৰলৈ লৈ যায়। সফলতাই আকাশ চুমি যায়।
No comments:
Post a Comment