কালি ফ্লাইটৰ পৰা নামি গুৱাহাটীৰ পোৱা আৰু গুৱাহাটীৰ পৰা ৰে'লেৰে আহি ঘৰ পোৱা --এই খিনি কিবা সপোন সপোন লাগি আছে । যোৱা পাচঁ বছৰ আমেৰিকাত থাকি আমাৰ অসমৰ ইমানবোৰ সমস্যাৰে ভৰা পৰিৱেশত কেনেকৈ থাকিম বুলি মনতে লৈ অহা খু-দুৱনিবোৰ অথলে গ'ল। অসমলৈ অহা দহ দিনমান আগৰে পৰাই কেনেকৈ অসমৰ পৰিৱেশৰ লগত খাপ খাই চলিম বুলি নিজকে বুজনি দি দি মানসিক ভাৱে যিদৰে নিজকে সলাই প্ৰস্তুত কৰি লৈছিলো এতিয়া তাৰ বিপৰীত ছবিখন দেখিহে প্ৰকৃততে খাপ খাব পৰা নাই।
বাহ! গুৱাহাটীত নামিয়েই কি সুন্দৰ ৰাস্তা। গাত গোটতো নায়েই আনকি ধূলিকণা এটাও দেখিবলৈ নাই। গুৱাহাটীৰ খন আমেৰিকাৰ বহু চহকী চহৰৰ সৈতে কোনো পাৰ্থক্য নোহোৱা হ'ল । মানুহ বোৰ শিক্ষিত হ'ল । আগতে গুৱাহাটীত অসমীয়া দোকানী দেখিবলৈ পোৱা নগৈছিল। বাহ! এতিয়া গোটেই ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ অসমীয়া মানুহৰ হাততেই । সকলো চাইন বৰ্ড অসমীয়াত লিখা। হোটেল, শ্বপিং ম'ল, কাপোৰ হোলচেল বেপাৰী বোৰ, বাপৰে সব অসমীয়া মানুহেই। ৰিক্সা-ঠেলা নাইয়েই। সব ইলেকট্ৰনিক ভেহিকোল । ঠেলাৰ পৰা টনা একোৱেই মানুহৰ গাৰ বল দি কৰা দেখা নাই। সাংঘাটিক পৰিবৰ্তন। ৰে'লৰ কি সেৱা!।ডবল ট্টেক, ইলেট্টিক লাইন। আগতে বাৰ ঘন্টা লগা বাট এতিয়া সাত ঘন্টাতেই পাই যায়।"""খুড়াদেউ, মোৰ লগত যাব নেকি?
---ইলেকট্ৰনিক বাহন এখন লৈ এজন সুগঢ়ি যুৱকে মাত দিলে। বাহ! কি আপুৰুগীয়া অসমীয়া শব্দ। কিমান বছৰ যে শুনা নাই। ঘপহপকৈ উঠি ল'লো।
"""খুড়াদেউ ক'ত নামিব বাৰু আপুনি?
---বাছ ষ্ট্ৰন্ড।
"""অ বাছ আস্থানত ইমান দোকমোকালিতে বাছ নাপাব, কিছু সময় অপেক্ষা কৰিব লাগিব। যি কি নহওক এনেয়ে সুধিছো, কোনখিনি ঠাই লৈ যাব লাগে আপোনাৰ?
---ঢেকীয়াগুৰি।
"""তালৈকে আমি যাওঁ নহয়, আপুনি মন কৰিলে থৈ আহিব পাৰোঁ।
---অ হয় নেকি, ব'লা তেন্তে। পিছে ভাড়া কিমান পৰিব?
"""ষাঠি টকা।
---ভাড়া দেখোন যোৱা দহবছৰ মানৰ পৰা একেই আছে!
"""হয় খুৰাদেউ, এইখন চৰকাৰ অহা পৰা সকলো ভাল হৈ গ'ল। নিৱনুৱা সংস্থাপন আৰু স্বচ্ছল জীৱন যাপন আচনিৰ জড়িয়তে আমাৰ দৰে পচিশঁ লাখ মান যুৱক যুৱতীক বিভিন্ন ধৰণৰ কৰ্মসংস্থাপন দিছে। তাৰেই এটি অংশ মোৰ এই বিজুলী চালিত বাহন খন। চৰকাৰে আমাৰ অসমীয়া ভাষাটোক জগতৰ প্ৰান্তে প্ৰান্তে বিস্তাৰিত হোৱাকৈ প্ৰচাৰ আৰু প্ৰসাৰ চলাইছে। মোৰ গাড়ীটো দেখিছেই সব অসমীয়া আখৰ। সকলো অফিচ কাছাৰীত এতিয়া অসমীয়া ভাষাতেই কাম কাজবোৰ চলে। অসমীয়া স্কুল-কলেজত এতিয়া নামভৰ্তিৰ বাবে ল'ৰা-ছোৱালী হেতা ওপৰা লাগে। আমাক অতিথি আৰু জেষ্ঠ সকলক ভাল ব্যৱহাৰ, আচৰণ কেনেকৈ কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়ে। সেই বাবে যোৱা পাচঁ বছৰত অসমলৈ তিনিশ গুণ বেছি পৰ্য্যটক আহিছে। অসমীয়া যুৱক-যুৱতীয়ে এতিয়া উগ্ৰপন্থা, আন্দোলন এৰি সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে।
---বৰ ভাল কথা। এইটো কিহৰ বিল্ডিং হ'ল ভাইটি।
"""হয়, এই অট্টালিকাটো জনস্বাস্থ আৰু কাৰিকৰী বিভাগৰ। ইয়াৰ পৰা নিতৌ তিনি-চাৰি বাৰ বিশুদ্ধ খোৱাপানী পৰ্য্যাপ্ত পৰিমাণে প্ৰতিটো পৰিয়াললৈ যোগান ধৰে।
---অ হয় নেকি, খুউব ভাল। এইটো আকৌ কিহৰ চৌপাশ, ইয়াতটো আগতে কোনোবা মাৱাৰি এজনৰ ডাঙৰ কাঠৰ মিলহে আছিল।
"""হয় খুৰাদেউ, সেইবোৰ ইতিহাস হ'ল। চৰকাৰে বন সংৰক্ষণৰ অভিযান স্বৰূপে প্ৰথমতেই বহুতো এনেধৰণৰ কাঠৰ মিল বন্ধ কৰিলে। এতিয়া কাঠ কটা মানেই একোটা ভয়ংকৰ অপৰাধ। অসমৰ বনাঞ্চল বহু বাঢ়িল। বন বিভাগৰ লোকে এতিয়া গাঁৱে ভূৱে ব্যাপক হাৰত বন সংৰক্ষণৰ বাবে সজাগতা সভা পাতে। ৰাইজ এতিয়া নিজেই সংৰক্ষক। অ খুড়াদেউ আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াই নাই নহয়; এই মিল থকা ঠাইখিনিত এতিয়া এখন চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় হ'ল। আগৰ দৰে সৰু সুৰা বা ডাঙৰ বেমাৰৰ বাবে গুৱাহাটীলৈ যাব নালাগে, সকলো সুবিধা ইয়াতেই হৈ গ'ল। ভাল ভাল ঔষধ পৰ্য্যাপ্ত পৰিমাণে অনৰবৰতে মজুত থাকে। গাঁৱৰ ভিতৰুৱা অঞ্চললৈও চৰকাৰী এম্বুলেঞ্চেৰে ফ'ন কৰিলেই ৰোগী লৈ অনা হয়।
---বৰ ভাল বুজিছা ইমানবোৰ যে পৰিৰ্বতন হ'ল কল্পনাই কৰা নাছিলোঁ।
"''''" বৰুৱা মহাশয়, আৰু কিমান দূৰলৈ যাব?
## অলপ যাম আজি।
---হেৰা ভাইটি, এইজন অমুক নহয় নে?
""""হয়, তেখেত আমাৰ সমষ্টিৰেই বিধায়ক। নতুনকৈ হ'বলগা মন্ত্ৰীসভাত তেওঁ কৃষি মন্ত্ৰী হ'ব।
---তেওঁ এনেকৈ ঘূৰিছে একো অসুবিধা নহয়নে?
"'""হয় খুৰাদেউ, আজি কালি এইবোৰ সমস্যা নোহোৱা হ'ল। সকলোকে সুবিধাবোৰ দিছে যে কাৰোবাক অপকাৰ কৰিবলৈকো কাৰো সময়েই নোহোৱা হ'ল। তেওঁ প্ৰায়েই চাইকেল লৈয়ে ঘূৰা ফুৰা কৰি ফুৰে।
---এই কথা জানি বৰ সুখ পালো ভাইটি।
""""হয় খুৰাদেউ, আৰু বহুত কিবাকিবি হৈছে। আমাৰ সেই মহাবিদ্যালয়খন যে বিশ্ববিদ্যালয়ৰলৈ উন্নীত হ'ল। আগৰ সেই শ্মশানশালী কাষৰ শ শ বিঘা বাংলাদেশীয়ে বেদখল কৰা মাটি উচ্ছেদ কৰি তাত এতিয়া এখন অভিযান্ত্ৰিক মহাবিদ্যালয় হ'ল। লগতে বহুতো বিষয়ত কৌশল বিকাশ কেন্দ্ৰ খুলি পঢ়া শুনাত বিশেষ আগবাঢ়ি নোৱাৰা সকলক প্ৰশিক্ষণ দি স্ব-নিয়োজনৰ বাট মুকলি কৰাত সহায় কৰিছে। জিলাৰ কেন্দ্ৰত এখন ডাঙৰ ষ্টেডিয়াম হ'ল, এতিয়া দুই এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলো অনুষ্ঠিত হয়। গাঁৱত ভাল শৌচালয় হ'ল। সকলোৰে ঘৰত ৰন্ধন গেছৰ ব্যৱস্থা হ'ল। ৰাস্তা বোৰ পকী হ'ল। বাৰিষা খৰালি বুলি নাই সকলো সময়তে ভিতৰুৱা গাৱঁলৈয়ো গাড়ী মটৰে যাব পৰা হ'ল।
"""" অ' খুৰাদেউ পালোহি আপোনাৰ ঠাই।
---সেই আগৰ পদূলিটোত নমাই দিয়া।
""""খুৰাদেউ নামক, আপোনাক লগ পাই বৰ ভাল লাগিল। প্ৰণাম।
***বিপিন দদাইদেউ পালেহি, আহোতে কষ্ট পালে নেকি?
---অ মধু তই, তই দেখোন বৰ শকত ধুনীয়াটো হ'লি। সেইখন গাড়ীতে আহিলো।
***অহ, চেহ দদাইদেউ, আগতেই খবৰ পোৱা হ'লে মোৰ ইলেকট্ৰনিক ৱেগ'নাৰ খনকেই লৈ গ'লো হয়।
আপুনি কষ্টই পালে চাগে, তাতে আমেৰিকাত থকা মানুহ।
---হ'ব মধু, কষ্ট পোৱা নাই। তোৰো এখন যে গাড়ী হ'ল সেইটো জানি বৰ ভাল পালো।
***চৰকাৰৰ কৃপা খুৰাদেউ।
০০অ বিনোদ পালিহি, আহ আহ।
---অ ধৰ বেগকেইটা।
০০বেগকেইটা ইমান গধুৰ যে কিবা বটল চটল আনিছ নেকি হাঁ হাঁ ।
---ব'ল, পাই লওঁ আগত সব পাবি।
০০তই আহিবি বুলি গম পাইয়ে তোৰ ঘৰটো সব ঠিক ঠাক কৰি থৈছোঁ। কিবা অসুবিধা হ'লে মোৰ ঘৰতে থাকিবি দে।
সচাকৈ গাঁওখনৰ আচৰিত সলনি হ'ল। যেনে তেনে বাহঁৰ খুটা কেইটাত আউঁজি থকা ঘৰবোৰ এতিয়া পকী ঘৰ হ'ল। কেচা ঘৰ নোহোৱা হ'ল। গাঁৱৰ ৰাস্তাটোও ডাঙৰ হ'ল, পকী হ'ল। ৰাস্তাৰ দুয়োকাষে বন আৰু কৃষি বিভাগে দিয়া নানা ধৰণৰ ফল ফুলৰ গছ, উদ্যান শইচ্ ই নদন বদন হৈ আছে। আবেলি ডেকা গাভৰু বোৰে সন্ধিয়া ইলেকট্ৰনিক ঠেলাত এঠেলা এঠেলা শাক-সবজি কঢ়িয়াই শীত তাপ নিয়ন্ত্ৰিত ৰাজ ভড়াললৈ কঢ়িয়াই নি জমা কৰে। পুৱা এইবোৰ চহৰৰ পৰা অহা ডাঙৰ ডাঙৰ মালগাড়ীৰে লৈ যায়। প্ৰতি ঘৰতে ট্টেক্টৰ, পাৱাৰটিলা, জাৰ্চি গাই, হাঁহ-কুকুৰা আদি বৈজ্ঞানিক পদ্ধতিৰে লালন পালন কৰে। গাঁৱবোৰ নদন বদন। ঘৰে ঘৰে মাছৰ পুখুৰী। ফিচাৰি বিভাগৰ পৰা মাহে মাহে প্ৰশিক্ষণ দিয়ে। গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ চেহেৰাবোৰ খুউব মৰম লগা হৈছে । আশা কৰ্মীবোৰে চৰকাৰৰ ফালৰ পৰা দিয়া আইৰণ টেবলেট, চেনিটেচন পেডবোৰ ঘৰে ঘৰে সপ্তাহে সপ্তাহে দি ফুৰে। নৱ-জাত কেচুৱা প্ৰসূতিৰ মৃত্যু নাই বুলিলেই ক'ব পাৰি। ল'ৰা ছোৱালী বোৰে গাৱঁৰ স্কুলতে পঢ়ে, সকলো স্কুললৈ যায়। স্কুলত শিক্ষকৰ অভাৱ আতৰ হ'ল। এতিয়া কি চৰকাৰী বা বেচৰকাৰী স্কুল তাৰ পাৰ্থক্য নোহোৱা হ'ল।
আজি বতৰটো বৰ বেয়া। শীতত এই গোমোঠা বতৰটোৱে বেছি ঠাণ্ডা নমাইছে। তথাপি গাওঁখন তথা অসমৰ এই পৰিৱৰ্তনবোৰ কিবা সপোন সপোন যে লাগিছে। শুই কম্বলৰ তলত মজা লোৱাহে কথা। এতিয়া অসম আমেৰিকাৰ দৰেই হৈ গৈছে। এতিয়া আমেৰিকাত থাকি যি ভাল লাগিব ইয়াতেই থাকি তাতকৈ বেছি ভাল লাগিব। পাব লগা পইচা কেইটা উঠাই আনি বাকী থকা দিনকেইটা ইয়াতে কটাব লাগিব। অ' বাপৰে গাজনি মাৰিছে। বিজুলী পোহৰ । আমেৰিকাতো গাজনিও শুনিবলৈ নোপোৱা হ'ল। কেৱল যান্ত্ৰিক কোলাহল। বৰষুণৰ পৰিমাণ বাঢ়ি গৈছে। দুৱাৰত ধপ ধপকৈ শব্দ শুনা গৈছে। লাহে লাহে চিঞৰ। বিনোদ দদাইদেউ, দৰ্জা খোলক, দৰ্জা খোলক। সাৰ পাই গ'লো। চকুকেইটা মোহাৰি মোহাৰি দুৱাৰ ফালে এখোজ দুখোজকৈ দুৱাৰখন খুলিলো।
**বিনোদ দদাইদেউ, ঠেলা খন ক'ত, ঠেলা খন দিয়ক।
---মধু, তোৰ কি হৈছে? তিতি জুৰুলি জুপুৰি!!
**দদাইদেউ সহায় কৰক, আমাৰ এই গা-টো বৰ বেয়া, আপোনাৰ ঠেলা খন বিচাৰি আহিলো। সোনকালে হাসপিতাল নিব লাগে। নহ'লে তাই----
---ঐ নেকান্দিবি, সব ঠিক হৈ যাব। আমাৰ দৰে মানুহৰ বাবে ভগৱান আছে নহয়, সব ঠিক হৈ যাব। ব'ল, ল ঠেলাখন, মইয়ো গৈ আছো।
তথাপি ইমান ৰাতি, ইমান দূৰ বাট, ঠেলা খনেৰে হাসপিতাল.......উপায় নাই
No comments:
Post a Comment