বহুত দিনৰ মূৰত আথে বেথে সি আহি মোৰ ভাড়াতীয়া ঘৰ পালেহি। এমোনা জহা চাউল, ডাঙৰ ডাঙৰ কচু আলু, নিজে কৰা বাৰীৰ খেতি আৰু যে ক'ত কি?? পিছে এইবোৰ বস্তুতকৈয়ো তাৰ আপোনভোলা স্বভাৱটো আৰু গাঁৱৰ গাঁৱৰ ভাৱটোলৈ গৌৰৱ কৰা অনুভৱটোয়ে মোক বেছিকৈ আনন্দ দিয়ে। সি কি কি খেতি কৰিছে, কি বিক্ৰী কৰি কিমান ধন পালে, অহা বছৰ কি কি কৰিব তাৰ দীঘলীয়া তালিকাখন কৈ যায়, মই শুনি যাওঁ।
--ঐ বন্ধু, মোৰ ম'বাইল ৰিছাৰ্জ শেষ হৈ গ'ল, ইয়াৰ ওচৰত ক'ত পায়, ক চোন, পালোহি বুলি খবৰটো দিয়াই নাই!---নম্বৰটো দে।
নম্বৰটো দি সি গা ধোবলৈ বাৰ্থৰুমলৈ গ'ল । মই ইতিমধ্যে তাৰ ম'বাইলটো ৰিছাৰ্জ কৰি দিলো।
--ঐ বন্ধু, ব'ল অলপ ওলাই যাওঁ, লগতে ৰিছাৰ্জ টো কৰি ল'ব লাগিব।
---কিবা অলপ খাই ল' মই বনাই থৈছোঁ।
--ঘৰলৈ ফ'নটো কৰিব লাগিছিল, আইয়ে চিন্তা কৰি থাকিব, বেচেৰীয়ে আকৌ মোক ফ'ন কৰিবই নেজানে নহয়, মইহে কৰিব লাগিব।
--- ফ'নটো কৰি ল'
--বেলেঞ্চ নাই নহয়।
---ধেইৎ মোৰটোৰ পৰা কৰিব নোৱাৰ নেকি, তোৰটো ৰিছাৰ্জ কৰি দিলো।
--ঐ, তই কেনেকৈ মোৰটো ৰিছাৰ্জ কৰিলি, তই ওলাই গৈ ইমান জল্দি আহিলি যে, দুকান ওচৰতে ন?
--- গাধ, আজি কালি এইবোৰ ৰিছাৰ্জ কৰিবলৈ দুকান যাব লাগে নেকি হা, ম'বাইলৰ পৰাই কৰিব পাৰি।
-- অ সেইটো জনাই নাছিলোঁ।
---ঐ এইখিনি খাই ল, তাৰ পাছত ওলাই যাম।
-- এই কি এইখিনি, পেলুটো নিচিনা যে!!
---ধেই, খা পেলু নহয়, নীডলচ্।
--ওঁ হো, ভাল লগা নাই, তই এইবোৰে খাই থাক নেকি অ । তোৰ যে যিহে কাম ভাত বনাই খাবলৈ সময় বা ক'ত! ৰ' আইয়ে দিয়া টোপোলাটোকে খুলো।
সি তাৰ মোনাখনৰ পৰা পলিথিনেৰে মোলৈ বুলি বান্ধি অনা টোপোলাটো খুলিলে আৰু সি অনা টেকেলিটোৰ পৰা খাটি দৈৰ সৈতে সান্দহ পেট ভৰাই দুয়োটাই খালো। বহু দিনৰ মূৰত তৃপ্তিৰে পুৰণি যুতি লৈ মন ভৰি গ'ল।
---ঐ কি বজাৰ কৰোঁ, আজি বজাৰ তোৰ মতে হ'ব।
--ৰ' বজাৰখন গোটেই খন চাই লওঁ।
---ঐ ঘূৰিয়েই থাকিব নে কিবা ল'বি!
--মই ভাৱিছো বজাৰত যিবোৰ ওলাইছে মোৰ মোনাখনতো এইবোৰেই আছে, হ'ব ব'ল তই এসপ্তাহ বজাৰ নকৰিলেও হ'ব।
তাৰ কথামতে একো নোলোৱাকৈ ঘৰ পালো।
--ঐ বন্ধু অহা মাহত চেন্নাই যাব লাগে, আই তলপেটতো বিষাই থাকে। ইয়াত দেখাইছো, ঔষধ ধেৰ ধেৰ দিয়ে, খায়ো, ভালহে নহয়। গতিকে এবাৰ গৈ আহো বুলি ভাৱিছো।
---অ তইতো সেইকথা এদিনো কোৱা নাই, ক কেতিয়া যাবি। সময় মিলাব পাৰিলে মইয়ো যাম তোৰ লগত।
--হে চাহাব, নেলাগে তোৰ নিজৰে আজৰি নাই, মোৰ কাৰণে সময় নষ্ট কৰিব নালাগে, মই পাৰিম। তই খালি কাইলৈ মোৰ লগত ৰে'ল ষ্টেচন গৈ ৰে'লৰ খবৰ খাটিবোৰ লৈ দিলেই হ'ব।
---হ'ব বাৰু, কেতিয়া যাবি ভালদৰে মিলাই মিলি ক' ।
--ঐ গাধ ৰাতি নুশুৱ, এতিয়া দেৰিলৈকে শুই থাক, ৰে'ল ষ্টেচন যাব লাগে উঠ উঠ।।।
---ঐ ৰ' অলপ শুই লওঁ।
--আজি মই বনাইছো, তোৰ ঘৰত, কেনেকুৱা লাগিছে, খা।।
---চু-চু-পা-ৰ, তই সদায়ে থাকি যা না, মোক বনাই বনাই খোৱাবি!!
--তোৰদৰে আমাৰ ভাগ্যত নহ'ল যে এই বোকা পানী নগচাকৈ ভৰি মোহাৰি মোহাৰি খাবলৈ।
---হ'ব আৰু তোৰ পুৰাণ নেমেলিবি, এনেকুৱা লাইফ্ অৰ্থ নাই। আনৰ হুকুম মতে কৰা, বহা, উঠা--এইবোৰ ভাল নলগা হৈছে। তোৰ দৰে মাটি বাৰী অলপ বেছি থকা হ'লে গাৱঁতে খেতি বাতি কৰি থাকিলোগৈ হয়।
--হ'ব তই ঠাট্টা কৰিবলৈ আৰম্ভ কৰি দিলি।
---ধেইৎ সঁচা কথা। এই বাহিৰৰ পৰা আৰাম যেন লগা আমাৰ দৰে চাকৰি কৰা সকল সঁচায়ে অসুখী। এই ডাঙৰ ডাঙৰ ঘৰবোৰ দেখিছ যে তাত এজাক অসুখী মানুহে বাস কৰে। এই মানুহৰ ঘন দেখিছ যে তাৰ মাজৰ এজনে আনজনক চিনি নাপায়। এই ঘৰ আৰু সেই ঘৰ মানুহ দেখিছ নহয় সিহঁতৰ মাজত কোনো দিন আহ-জাহ নহয়। এই খেলপথাৰ খন দেখিছ নহয় তাত দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীয়ে খেলিব নাযায়। এইবোৰ সব অসমীয়া মানুহ, কিন্তু অসমীয়া ক'বলৈ লাজ পায়। ল'ৰা ছোৱালী বোৰে ভঙা ভঙা অসমীয়া কয়। এই অসমীয়া মানহবোৰ দেখিছ নহয় সিহঁতৰ ল'ৰা-ছোৱালীয়ে অসমীয়া স্কুলত পঢ়িবলৈ নাযায়।
---কি অবাক হৈ চাই আছ যে, ভাত খা।
--নহয়, মানে তোৰ কথোবোৰো কিবা ইংৰাজীত কোৱা যেন লাগিছে, মই বুজিয়েই পোৱা।
---নেপাবি, সেয়েহে তই আৰু কেইবাদিনো থাকিব লাগিব, যেতিয়া বুজিবি তেতিয়া যাবিগৈ।
--গৰজ পৰিছে, এইবোৰ বুজিবলৈ। আইজনীলৈ মনত পৰে। কাইলৈ যাবই লাগিব।
---এতিয়া বুজিলি, মোৰো মনত পৰে, খুউব বেছিকৈ। তহঁতৰ দৰে বন্ধুবোৰক বৰকৈ মনত পৰে। এই ৰঙীণ যেন দেখা, বিজুলীৰ পোহৰত চকমকাই থকা চহৰখন বিষাক্ত হয়। ইয়াত মানুহে বিষ বিক্ৰী কৰে, মানুহে বিষ কিনি খায়, মানুহে মানহক বেচে, কিনে।
--হ'ব, তোৰ পুৰাণ বন্ধ কৰ। যাব লাগে।
---ক'লৈ?
--ৰে'ল ষ্টেচন।
---তই ইয়ালৈ নিজে আহিছ, আকৌ এইখিনি কষ্ট দিব নোৱাৰো নহয়!
--মানে?
---এইয়া ল'।
--কি এইখন?
---ৰে'লৰ টিকট, তোৰ আৰু আমাৰ আইৰ চেন্নাইলৈ যোৱা আৰু অহা টিকট। আৰু ধন লাগিলে ক'বি মই দিম, পাৰিলে যাম।
--তই কেনেকৈ কৰিলি এইখিনি, তইতো ওলাই যোৱাই নাছিলি!
---ৰ্মুখ ক'ৰবাৰ। আজিকালি সেই তোৰ ম'বাইলটো ৰিছাৰ্জ কৰাৰ দৰে ঘৰতে থাকি ৰে'ল টিকট, ফ্লাইটৰ টিকট্, টি.ভি. ৰিছাৰ্জ, বস্তু কিনা বেচা সকলো কৰিব পাৰি। মই তোৰ কাৰণে চেন্নাইত থকাৰ ব্যৱস্থাও কৰি দিলো। মোৰ এজন বন্ধু তাত থাকে। তোক আৰু আইক ষ্টেচনৰ পৰাই লৈ যাব, মেডিকেলত দেখুৱাব। তই একো টেনচন নল'বি।
--পৃথিৱীখন যে এনেকৈ সলনি হৈছে আমি গমেই নাপাওঁ। ইমানবোৰ পৰিৱৰ্তন, অথচ আমি সেই পুৰণি কায়দাতে চলি আছো। আজি দিনত নিজকে কিবা অপ্ৰাসংগিক যেন লাগিছে অ' বন্ধু। আমিবোৰে যেন ক'ৰবাত বিছিন্ন হৈ পৰিছোঁ আৰু ভৱিষ্যতে যেন আমি এই যুগৰ বোজা হৈ পৰিম।
---নহয় বন্ধু। শিপাক এৰি জানো গছ ডাঙৰ হ'ব পাৰে। পক্ষী যিমানেই ওপৰলৈ নুউৰক কিয় আকৌ পৃথিৱীলৈ নামি আহিবই লাগিব। মানুহ প্ৰকৃতিৰ সন্তান। প্ৰকৃতিৰ পৰা বিছিন্ন হৈ মানুহে বেছি দিন থাকিব নোৱাৰে বা প্ৰকৃতিয়ে আকৌ মানুহক ঘূৰাই আনিব নিজৰৰ বুকুলৈ।
বৰ্তমান সময়ত মানুহৰ দুটা শ্ৰেণী সৃষ্টি হৈছে। এটা শ্ৰেণীয়ে আধুনিক সা-সুবিধাৰে সু-সজ্জিত হৈছে আনটোয়ে নূন্যতম সুবিধাৰ পৰা বঞ্চিত হৈ সময়ৰ সোতত অপ্ৰাসংগিক হোৱাৰ আশংকা হৈছে। ধনী চামে ধনৰ বলত নিজৰ ল'ৰা-ছোৱালীক ভাল স্কুল-কলেজত পঢ়াইছে আনহাতে দুখীয়া বা দুৰ্বল শ্ৰোণীয়ে পৰম্পৰাগত শিক্ষা লাভ কৰি আধুনিক তথ্য-প্ৰযুক্তিৰ পৰা বঞ্চিত হৈছে। এসময়ত হয়তো এই কথাবোৰে সমাজৰ এচাম লোকক সময়ৰ জোখাৰে অপ্ৰাসংগিক কৰি তুলিব যিটো এক ভয়াবহ সামাজিক সমস্যা হ'ব।
No comments:
Post a Comment