Monday, 31 May 2021

ৰঙীণ বেলুনবোৰে কিয় উৰে

 এখন শিশু উদ্যানৰ একোণত এজন লোকে বেলুন ফুলাই বিক্ৰী কৰি আছিল । নানা ৰঙী বেলুনবোৰ সুন্দৰ কৈ এডাল ৰচীৰে খুটা এটাত বন্ধা আছিল । সেই শ শ বেলুনৰ মাজৰ পৰা এটা বেলুন আৰ্কস্মিকভাৱে চিগি আকাশলৈ উৰি গ'ল, উৰি গৈ এটা সময়ত দৃষ্টিৰে পৰিসীমা অতিক্ৰম কৰিলেগৈ। নাতি দূৰৈত ৰৈ থকা কণমানি এজনীয়ে বেলুনবোৰ চাই আছিল, উৰি গৈ নোহোৱা হোৱা বেলুনটোও চাই আছিল। বেলুন টো উৰি যোৱা দেখি দৌৰি আহি মানুহজনক ক'লে----

Uncle: এই ৰেড কালাৰ বেলুনটোও উৰিব নেকি? 
----অ মাজনী, এইটোও উৰিব ।
Uncle: এই গ্ৰীন কালাৰ বেলুটো একা?
---- সেইটোও উৰিব মাজনী ।
Uncle: অ' সেই পিংক কালাৰ বেলুনটোও উৰিব নেকি?
        তাই শিশু মনটোৱে এটা এটাকৈ প্ৰতিটো বেলুনৰ কথা সুধি গৈ থাকিল ......
শেষত মানুহজনে ক'লে--
মাজনী, আকাশত বেলুন উৰিবলৈ বেলুনৰ কালাৰৰ ওপৰত নিৰ্ভৰ নকৰে নহয়, বেলুনটোত ভৰাই ৰখা গেছৰ ওপৰতহে নিৰ্ভৰ কৰে ।
(Story based on motivational speaker Mr. Gauri Paul Das). 

No comments:

Post a Comment

চাকৰি খবৰ

Banking and Insurance Jobs 1. Punjab National Bank (PNB) ত ৫৪৫ টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰে ৮৫ টা পদ অসমৰ বাবে । ...