Saturday, 4 January 2020

নবৰ্বষৰ পৰিকল্পনা


নতুন বছৰ আৰম্ভণিত মনৰ ৰামধেনুত সাতোৰঙৰ ভাজে ভাজে বহুতো সপোনে জুমুৰি দিছেহি। পাৰহৈ যোৱা দিনবোৰত ব্যৰ্থতাৰ প্ৰলোভনত হেৰাই যোৱাবোৰ আকৌ এবাৰ উলিয়াই ল'বলৈ মন যোৱা নাই। তথাপি কিছু এৰাব নোৱাৰা অথচ ভাললগা কামবোৰ আকৌ সংযোজন কৰি নতুন বছৰৰ সপোনৰ ভাৰখন গধুৰ কৰি ল'বলৈ পিছে বেয়া লগা নাই। পাৰ হৈ যোৱা বছৰটোত অপূৰ্ণ হৈ ৰোৱাবোৰক হতাশাত দলিয়াই নিদি তাত থেকি থেকি শিকাবোৰ সাহস; আৰু সফলতাৰ জখলাত এখোজ আগুৱাই যোৱাসকলৰ পৰা উৎসাহ আৰু প্ৰেৰণালৈ মই আকৌ মেলিব খোজো নতুনৰ ডেউকা। উৰি যাবলৈ মন যায় কোনোবা দূৰ দূৰণিলৈ আৰু মন যায় চৌপাশৰ ভাল লগাবোৰ বুটলি আনিবলৈ। মোৰ উপস্থিতিত যেন পৃথিৱীৰ ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম সকলো জীৱই জী থাকিবলৈ প্ৰেৰণা আৰু সমল পায় তাৰ প্ৰচেষ্টাত বিভোৰ হৈ থাকি ভাল পাম। মই প্ৰকৃতিক ভাল পাওঁ আৰু প্ৰকৃতিৰ নিবিড়তাত উমলি সুখ পাওঁ। ভাল পাওঁ প্ৰকৃতিক ভাল পোৱা মানুহবোৰক, নিদোষ আৰু অবোধ জীৱকূলক। ভাল পাওঁ প্ৰতিডাল গছ-তৰু-লতাক। অকৃত্ৰিম হৃদয়ৰ উমত জীয়াই থাকিবলৈ বিচাৰিম। দৰিদ্ৰ, নিষ্পেষিত জনৰ সমভাগী হৈ পৰিত্ৰাণৰ পথ বিচাৰি পাৰাপাৰ হ'বলৈ মন যাব।
বিশৃংখল মোৰ বদহজম, টান কথাত ৰুদ্ধ হয় মোৰ গতি, উদ্ভদালিত লোপ পায় মোৰ সৃষ্টি। কাম নকৰা মানুহ মোৰ ভাল পোৱাৰ বিপৰীত।
মোৰ জীৱন লগৰী আৰু মোৰ পৰিয়ালৰ দৰে সমানে ভাল পাওঁ মোৰ কৰ্মক্ষেত্ৰ আৰু মোৰ ছাত্ৰ-ছাত্ৰীসকলক। তেওঁ লোকৰ চকুত তিৰবিৰাই থকা আশাবোৰে জীয়াই থাকিবলৈ সাহস দিয়ে, কষ্ট কৰিবলৈ প্ৰেৰণা দিয়ে। কোনো কৃপনালি নোহোৱাকৈ বিলাই দিবৰ মন যায় মোৰ শকতি। নতুন বছৰত এইকেইটা পণ লৈ মেলি দিছোঁ লুইতৰ বুকুত মোৰ এই নৌকাৰ যাত্ৰা।

1 comment:

  1. তোমাৰ পৰা আশা কৰিলো বহুত ভাল ভাল লিখনি৷ সুন্দৰ! আগুৱাই যোৱা আমি পাঠক আছো৷

    ReplyDelete

Roles of Scientific nomenclature

  Describing and publishing a new plant species follows the rules of the (ICN) . Taxonomists must follow a formal scientific process so th...