Showing posts with label দিনটোৰ আৰম্ভণি মন্ত্ৰ. Show all posts
Showing posts with label দিনটোৰ আৰম্ভণি মন্ত্ৰ. Show all posts

Sunday, 21 February 2021

দিনটোৰ আৰম্ভণি মন্ত্ৰ

                 যিদৰে দিনটোৰ প্ৰখৰ ৰদত ওলাবলৈ ৰাতিপুৱাৰ কোমল ৰদকনৰ প্ৰয়োজন, দিনটোৰ কাম আৰম্ভ কৰিবলৈ পুৱাতে কিছু খাদ্যৰ প্ৰয়োজন, ঠিক তেনেকৈ দিনটো সফল আৰু ফলপ্ৰসু কৰি তুলিবলৈ নিতৌ আমি কেইটামান কথা প্ৰতি গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। জীৱনটো সফল কৰি তুলিবলৈ প্ৰতিদিনে এটি এটিকৈ সৰু সৰু কামবোৰ কৰি যোৱাৰ প্ৰয়োজন-

১। দিনটো কৃতজ্ঞতা ভৰা এটা মানসিতাৰে আৰম্ভা কৰা- যোৱা নিশাটো কালিৰ শেষ নিশা আছিল আৰু আজি পুৱা  বিৰিঙি উঠা মোৰ মিঠা হাহিঁটো কালি কৰা ভাল কামৰে ফল। আজি যিখিনি পালো কালি লগ পোৱা সকলো মানুহৰ উসাহ, প্ৰেৰণা আৰু সহায়ৰ ফল—তোমাৰ হৃদয়খন কৃতজ্ঞতাৰে উপচাই দিয়া, মন ভাল লাগি যাব, নতুন কৰাৰ উদ্যম বাঢ়িব। পুৱা শুই উঠি কেৱল মবাইল, লেপটপ, টেবলেট, চাৰ্জ কৰিলে নহব, চাৰ্জ কৰিব লাগিব আমাৰ মন মগজু আৰু হৃদয়ক। ধনাত্মক চিন্তশীল ব্যক্তিৰ মাজতে ধনাত্মক কামবোৰ হয়। ধনাত্মক চিন্তা চৰ্চাই আমাৰ মানসিকতা, বিবেগ, আবেগ আদি সকলো শক্তিশালী কৰে।

২। ধনাত্মক লক্ষ্যৰ বাবে প্ৰস্তাৱ লোৱা- কোনো মানুহ এশ শতাংশ শুদ্ধ নহয়। কিন্তু সকলো মানুহেই যথেষ্ট শুদ্ধ, ভাল; যদিওব অতি শুদ্ধ, অতি ভাল নহবও পাৰে। আমি বেয়াখিনি এৰি ভাল কথাবোৰে আগুৱাই যাব লাগিব। এদিন ভালৰ পৰিমাণ বাঢ়ি গৈ অতি ভাল হব। শুদ্ধ পথেৰে আগুৱাব লাগিব, এদিন সকলো পথ শুদ্ধ হব। দিনটো ধনাত্মক কথা, চিন্তা, কামেৰে আগবাঢ়িব লাগে, ঋণাত্মক সকলো বাদ দিব লাগে। যেতিয়া কেৱল ঋণাত্মক কথাবোৰকে ভাৱি থকা হয়, আলোচনা কৰা হয়- তেতিয়া আনৰ প্ৰতি ঋণাত্মক চিন্তাই ভৰি পৰে, আনৰ দোষবোৰ বিচাৰি থাকোতেই সময়বোৰ পাৰ হৈ যায়। নিজৰ অমূল্য সময়বোৰ নষ্ট হয়। গতিকে ঋণাত্মক চিন্তা-চৰ্চা পৰিহাৰ কৰি আগবাঢ়িব লাগে।

৩। নিজৰ কৰ্ম-আচনিক বিশ্বাস কৰা- কৰ্মই ধৰ্ম। এই মহান বাক্যশাৰীক সাৰোগত কৰি বিশ্বাসেৰে আগবাঢ়িব লাগে। আজিৰ দিনটোত কি অমূল্য বস্তুক মই প্ৰাধান্য দিছো সেইটো পাবলৈ বিশ্বাস আৰু সততাৰে আগবাঢ়িব লাগিব। আজি দিনটো কেনেকৈ মই সফল কৰিম তাৰ আচনি তৈয়াৰ কৰি কৰ্মত বিশ্বাসেৰে আগবাঢ়িলে  লক্ষ্যত উপনীত হব পাৰি।

৪। আজি কৰা সৰু সৰু কামবোৰেই সফলতাৰ মণি-মুকুতা - খৰালি শুকাই থকা ঘৰৰ কাষৰ পুখুৰীটো যিদৰে বৰষুণৰ অলপ অলপ পানীৰে এদিন পৰিপূৰ্ণ হৈ পৰে, ঠিক তেনেকৈ আজি কৰা এটি এটি সৰু সৰু ভাল কামেৰে এদিন জীৱনটো পৰিপূৰ্ণ কৰি তুলিব। গতিকে ভাল কাম সৰু বুলি পেলাই নথৈ আজিয়েই কৰিবলৈ সংকল্পবদ্ধ হব লাগে। সৰু সৰু কামবোৰ নকৰাকৈ ডাঙৰ কামবোৰ কৰিব পৰা নাযায়।

৫। আনৰ প্ৰতি সহায়- আমাৰ সমাজত আমাতকৈও দুৰৱস্থাত থকা অনেক মানুহ আছে। কোনোবা ভোকাতুৰ, কোনোবা নিসংঙ্গ, কোনোবা সৰ্বহাৰা আদি। কোনোবা আমাৰ দৈনন্দিন জীৱন যাত্ৰাত প্ৰতিদন্দী, কোনোবা হিংসাপৰায়ণ আদি। কিন্তু আমি মানুহ হিচাপে এই সকলোৰে প্ৰতি সহানুভূতি, মৰম আৰু কিছু ত্যাগী মনোভাৱ থকা উচিত। আনক দিলেহে নিজেও আনৰ পৰা পায়। পৰাপক্ষত সাৰ্মথ্য অনুসৰি পবিত্ৰ মনেৰে আনক দিব পাৰিলে মন প্ৰফুল্লিত হৈ পৰে।

            আমি মনত ৰখা উচিত যে প্ৰতিটো পুৱাই যথেষ্ট প্ৰত্যাহ্বান বা সম্ভাৱনা লৈ আহে আৰু প্ৰতি দিনৰ অন্তত আমাক কিছু দি যায়- আমি কেৱল ইয়াক উপলদ্ধি কৰি চাব লাগে।

Roles of Scientific nomenclature

  Describing and publishing a new plant species follows the rules of the (ICN) . Taxonomists must follow a formal scientific process so th...