Friday, 7 November 2025

UPI লেনদেন বিনামূলীয়া নহয়

২০২৫ চনৰ আগষ্ট মাহৰ পৰা ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু বহুলভাৱে ব্যৱহৃত ডিজিটেল পেমেণ্ট ছিষ্টেম — ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (UPI) —ত এক ডাঙৰ পৰিৱৰ্তন আনি থকা হৈছে। নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া (NPCI) এ অনলাইন লেনদেনক অধিক দ্ৰুত, নিৰাপদ আৰু বিশ্বাসযোগ্য কৰিবলৈ নতুন UPI লেনদেন নিয়মাৱলী ২০২৫ প্ৰৱৰ্তন কৰিছে। এই নিয়মবোৰত দৈনন্দিন সীমা, ৱালেট লেনদেনৰ মাচুল আৰু সুৰক্ষা নির্দেশনাসমূহত কেইবাটাও গুৰুত্বপূর্ণ পৰিৱৰ্তন অনা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে দেশজুৰি বৃদ্ধি পোৱা ডিজিটেল লেনদেনৰ পৰিমাণ সুচাৰুভাৱে পৰিচালনা কৰা।

আগৰ দৰে এতিয়া UPI ৰ যোগেদি ধনৰ লেনদেন কৰিলে এক নিদিষ্ট নিৰীখত মাচুল ভৰিব লাগিব।

ডিমনিটাজেশ্বনৰ ডিজিটেল লেনদেনৰ ব্যৱস্থাই বিশেষ গুৰুত্ব পাবলৈ আৰম্ভ কৰিছিল। হাতত ছপা নোট নোহোৱাকৈ সামগ্ৰী কিনা-বেচা কৰিব পৰা টো আজি তথ্য আৰু প্ৰযুক্তিৰ দিনত এক অন্যতম সংযোজন আছিল। তাৰ পাছত ক'ভিড মহামাৰীৰ পাছত ধনৰ লেনদেনৰ ক্ষেত্ৰত UPI ৰ যোগেদি কৰা লেনদেন বহু পৰিমাণে বাঢ়ি গ'ল। এতিয়া প্ৰায় সকলো মানুহেই ডিজিটেল লেনদেনৰ সৈতে পৰিচিত। কিন্তু ইয়াৰ সমান্তৰালকৈ চাইবাৰ অপৰাধী বোৰে সাধাৰণ মানুহক ঠগাই ধন আত্মসাৎ কৰা ঘটনাবোৰ আজি কালি তেনেই সুলভ হৈ পৰিছে। গতিকে UPI বা ডিজিটেল লেনদেন কৰোঁতে সম্পূৰ্ণ নিৰাপদ হয় গতিকে চৰকাৰে ২০২৫ অনা এই নীতিয়ে ইয়াক নিয়ন্ত্ৰণ কৰাত সহায়ক বুলি আশা প্ৰকাশ কৰে।

No comments:

Post a Comment

 নামৰূপত প্ৰস্তাৱিত Dimethylamine উদ্যোগ: ব্যৱহাৰ, স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ নামৰূপত Dimethylamine (DMA) উৎপাদনৰ এটা উদ্যোগ...