এটা দিন আছিল ধন দিয়া আৰু লোৱা প্ৰথাটো আছিল নগদ ধনৰ লেনদেন। কোনে কিমান টকা কাৰ একাউণ্টত জমা কৰে বা একাউণ্টৰ পৰা উলিয়াই আনে কোনো হকা বাধা নাছিল। গাড়ী কিনা, মাটি কিনা বা বৃহৎ অংকৰ ধনৰ লেনদেন নগদ ধনেৰে হৈছিল। কেতিয়াবা অবৈধ ধন নগদ ধনেৰে হাতে হাতে গৈ মানুহৰ হাতত পৰিছিল। নগদ ধন লৈ ফুৰাত আমি কেৱল নিৰ্বাচনৰ সময়তহে কিছু নিয়ম-নীতি বলবৎ কৰা দেখিছিলো।
কিন্তু সেই দিন সলনি হ'ল। ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পিছৰে পৰা দেশত ধনৰ লেনদেনৰ ব্যৱস্থা যথেষ্ট সলনি হ'ল। বেপাৰ-বাণিজ্য, সম্পদ ক্ৰয়-বিক্ৰয় আদি সকলোতে নগদ ধনৰ বিপৰীতে ডিজিটেল লেনদেনক গুৰুত্ব প্ৰদান কৰা হয়। সন্ত্ৰাসবাদী সঘন লেনদেন, ক'লা ধনৰ লেনদেন, অবৈধ লেনদেন আদি ৰোধ কৰা উদ্দেশ্যে কৰা বিমুদ্ৰাকৰণে আজি এক সফল লক্ষ্যত উপনীত হোৱাৰ দিশত। বৰ্তমান নগদ ধনৰ লেনদেন ব্যৱস্থাটোত ভাৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে তীক্ষ্ণ দৃষ্টি ৰাখিছে। নগদ ধনৰ লেনদেনৰ ক্ষেত্ৰত মানুহে এতিয়া পৰা কিছুমান এই সম্পৰ্কীয় নীতি নিয়ম জানি লোৱাটো খুবেই জৰুৰী।
নগদ ধনৰ লেনদেন বুলি কওঁতে ইয়াত নগদ বেংকৰ পৰা ধন উলিওৱা আৰু জমা কৰা কথাটো কোৱা হৈছে। এতিয়াৰ পৰা এজন মানুহে দিনে ২ লাখতকৈ অধিক ধন নগদ জমা বা উলোৱা কৰিব নোৱাৰিব। সেইয়া লাগিলে গিফ্ট বা অন্য যি কাৰণেই নহওঁক, সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই নিয়ম। যদি কোনোবাই ২ লাখতকৈ অধিক ধনৰ লেনদেন কৰে, তেন্তে Income Tax act 269ST ৰ অধীনত সেই সমুদায় ধন জৰিমণা হিচাপে আয়কৰ বিভাগে লৈ যাব।
তাৰোপৰি নগদ ধন লেনদেনৰ নিয়ম এনে ধৰণৰ যিবোৰ দিশ Income Tax Department য়ে নিৰীক্ষণ কৰে।
১) বছৰি ১০ লাখতকৈ অধিক ধন লেনদেন হ'লে জবাবদিহি হ'ব লাগিব।
২) ৩০ লাখতকৈ অধিক ধন মাটি বাৰীৰ কিনা বেচা কৰিলে জবাবদিহি হ'ব লাগিব ।
৩) ১ লাখ টকা নগদ ধন ক্ৰেডিট কাৰ্ডৰ যোগেদি লেনদেন কৰিলে জাবাবদিহি হ'ব লাগিব।
৪) ২ লাখতকৈ অধিক ধন নগদ লেনদেন হ'লে জবাবদিহি হ'ব লাগিব।
৫) উপহাৰ হিচাপে নগদ ৫০০০০ ধন লেনদেন হ'লে জবাবদিহি হ'ব লাগিব।
No comments:
Post a Comment