Wednesday, 29 October 2025

গুপুতে গুপুতে

গুপুতে গুপুতে অকলে এৰি থৈ 

ক'তেনো থাকাগৈ তুমি 

হিয়াৰে কোণতে অশ্ৰু ভাগৰে 

এতিয়া নীৰৱ হৈ তুমি 

চকু মেলা সাৰ পোৱা মোৰ হোৱা 

আকৌ এবাৰ কথা কোৱা মাত দিয়া 


চেচা চেচা আঙুলি 

ইয়াতো নহয় তুমি 

গধুলি গোলাপ মোৰ 

শুই থকা জননী 

নতুন ফাগুন মোৰ 

হেৰুৱা সপোন মোৰ

তোমাৰ এই পাৰিজাত তোমাকেই সামৰি....

গুপুতে গুপুতে ....

আজি শিশু মই গোৱাটো নিষেই গান 

এখোজী দুখোজি হাত ধৰি ধৰি

চকু মুদি তুমি চকু ধেমেলিয়া

নেচালা মোলে নিদিলা সঁহাৰি 


গুপুতে গুপুতে....

জুবিন গাৰ্গে তেখেতৰ মাতৃৰ বিয়োগত ৰঙা এইটো বিষাদৰ গান।

গানটো শুনিবলৈ ইয়াত ক্লিক কৰক

No comments:

Post a Comment

নিজক নিজে নুশুনাকৈ দ্ৰুত গতিত আগবাঢ়িছে আমাৰ দেশ

আজিৰ ভাৰত নতুন ভাৰত । দ্ৰুত গতিত আগবাঢ়ি গৈছে আজিৰ ভাৰত ।  চহৰবোৰে টোপনি নাযায় , বেলিতকৈ আগতে সাৰ পাই চহৰবোৰে, মানুহবোৰে সময়তকৈও আগতে যায় ...