Monday, 27 October 2025

জোনাকে কাণে কাণে আহি ক'লে

জুবিন গাৰ্গৰ এটি ধুনীয়া গীত

####################

জোনাকে কাণে কাণে আহি ক'লে 

নিবিড় অবুজ ভাষাৰে 

তুমি মোৰ মাথোঁ মোৰ

নিৰৱে জ্বলি থকা তৰাবোৰে 

বাৰে বাৰে ক'ব খোজে 

তুমি মোৰ মাথোঁ মোৰ 


ফুলৰ পাহে পাহে মেঘৰ আৰে আৰে 

তুমি আছা প্ৰীতি হৈ মোৰ বাবেই নিৰৱে

প্ৰীতি জুৰি আছা তুমি বিয়পি 

বুকুভৰি আছে মাথোঁ মোৰ দুখ নোপোৱাৰ 

জোনাকে......


তুমি অহাৰ বাবেই ফুলে হিয়াৰ পাহি

মৰমৰে সাগৰত তুমি থাকা ওলমি

প্ৰীতি জুৰি আছা তুমি বিয়পি 

বুকুভৰি আছে মাথোঁ মোৰ দুখ নোপোৱাৰ 

জোনাকে.....

No comments:

Post a Comment

জোনাকে কাণে কাণে আহি ক'লে

জুবিন গাৰ্গৰ এটি ধুনীয়া গীত #################### জোনাকে কাণে কাণে আহি ক'লে  নিবিড় অবুজ ভাষাৰে  তুমি মোৰ মাথোঁ মোৰ নিৰৱে জ্বলি থকা তৰাব...