Sunday, 18 May 2025

খণ্ড ১- পাতনি (Introduction to Blogger)


এটা সময় আছিল য´ত কোনো এজন ব্যক্তিয়ে নিজাকৈ এটা ৱেবচাইট তৈয়াৰ কৰাটো সহজ নাছিল। অৱশ্যে প্ৰক্ৰয়াটো ইমানো জটিল নাছিল। কিন্তু বহু কথা সাধাৰণ ভাৱে জনাৰ সুবিধা নথকা বা তথ্যৰ উৎস নজনাৰ বাবে ই জটিল যেন লাগিছিল। অৱশ্যে এতিয়াও সকলো প্ৰকাৰৰ ৱেবচাইট তৈয়াৰ কৰিবলৈ ইমান সহজ নহয়। ইয়াক তৈয়াৰ কৰিবলৈ প্ৰফেচনেল ব্যক্তিৰ সহায় লব লগা হয়।

কিন্তু আজি মই কম্পিউতাৰৰ কডিং জ্ঞান নথকাকৈও গুগলৰ বিনামূলীয়া সেৱাৰ দ্বাৰা blog বা সৰু ৱেবচাইট কেনেকৈ তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। লগতে যথাসম্ভৱ ৱেবচাইট এটা তৈয়াৰ কৰিবলৈ সহায় হোৱাকৈ ভিডিঅ দিবলৈ চেষ্টা কৰিম

প্ৰথমে জানি লওঁ আহক গুগলে আগবঢ়োৱা বিনামূলীয়া সেৱা সমূহৰ বিতৰত অন্যতম এটা হৈছে ব্লগাৰৰ (Blogger), তাৰ বিষয়ে। ব্লগাৰ (Blogger) হৈছে গুগলে আগবঢ়োৱা এক বিনামূলীয়া সেৱা যাৰ দ্বাৰা আমি বেৱচাইট তৈয়াৰ কৰি আমি ব্যক্তিগত, প্ৰতিষ্ঠানীয় নতুবা ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পাৰো। আনকি এই ব্লগাৰ (Blogger) ত বিভিন্ন তথ্য, কবিতা, প্ৰৱন্ধ আদি লিখি গুগলৰ বিজ্ঞাপন প্ৰৰ্দশন কৰিও ধন উৰ্পাজন কৰাৰো সুবিধা আছে।

যিসকললোকে নিয়মীয়াকৈ ফেচবুক বা অন্য সামাজিক মাধ্যমত লিখে তেওঁলোকৰ বাবে এই ব্লগ তৈয়াৰ কৰাটো উত্তম চইচ্ হ'ব। Facebook ৰ দৰে মাধ্যমত লিখা বহুতো গুৰুত্বপূৰ্ণ লেখা কেতিয়াবা বিচাৰি উলিয়াবলৈ বহুত খুচৰিব লগীয়া হয়। কিন্তু ব্লগাৰত লিখি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি থ'লে সোনকালে বিচাৰি উলিয়াব পাৰি। ভাল লিখনি হ'লে পাঠকে নিজে আহি যেতিয়াই মন যায় ভাল লগা লেখাসমূহ পঢ়িব পাৰে। তাৰোপৰি ৩০ টা মান ভাল লেখা লিখি গুগলৰ পৰা AdSense approval সহজে পাব পাৰি। ইয়াৰ দ্বাৰা ধন উৰ্পাজন কৰিব পাৰি। এই ব্লগ শিক্ষকতা বৃত্তিৰ লগত জৰিতসকলৰ বাবেই খুবেই উপকাৰী। আজি অনলাইন আৰু ডিজিটেল ব্যৱস্থাত শিক্ষাপ্ৰদান কৰা ক্ষেত্ৰখন বিশ্বজুৰি বহলাই নিব পাৰি। নিজৰ দখলত থকা বা বিষয়বস্তুৰ ওপৰত নিজৰ প্ৰতিভা অনুসৰি জ্ঞান বিস্তাৰ কৰি সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীৰ বাবে পঢ়াৰ টোকা প্ৰদান কৰিব পাৰি। গতিকে পলম নকৰি আজিয়েই আপোনাৰ নিজৰ ব্লগ তৈয়াৰ কৰক আৰু লাহে লাহে ভাৰ্চুৱেল পৃথিৱীত নিজৰ অস্তীত্ব সবল কৰি তোলক।

আজি এই প্ৰথম খণ্ডৰ পৰৱৰ্তী অংশত কেনেকৈ ব্লগ তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। আপুনি যদি আমাৰ এই যাত্ৰাৰ সহযোগী হব বিচাৰে তেনেহলে নিয়মীয়াকৈ আমাৰ ব্লগ https://jayantas.blogspot.com চাব আৰু লগতে ব্লগৰ একেবাৰে তলৰ সোঁ-ফালে থকা Follow লিংকটো ক্লিক কৰি আমাক উৎসাহিত কৰিব। কিবা শুধিব লগা থাকিলে তলত সুধিব পাৰিব।

See the next part

No comments:

Post a Comment

POST-FERTILISATION : STRUCTURES AND EVENTS

          Following double fertilisation, events of endosperm and embryo development, maturation of ovule(s) into seed(s) and ovary into fru...