Showing posts with label Blogger. Show all posts
Showing posts with label Blogger. Show all posts

Thursday, 12 June 2025

খণ্ড ৬- ব্লগাৰত কেনেকৈ মেনু চেটিং কৰা হয়

আমি আগৰ খণ্ডটোত কেনেকৈ পষ্ট লিখা হয় তাৰ বিষয়ে জানিলো। আজিৰ খণ্ডটোত কেনেকৈ পেজ (Page) সৃষ্টি কৰি মেনু (Menu) বা টেবচ্ (Tabs) ছেটিং কৰা হয় সেই বিষয়ে আলোচনা কৰিম। পষ্ট হৈছে ফেইচবুকত লিখা পষ্টৰ দৰেই। নতুন পষ্ট এটা লিখি এৰি দিয়াৰ লগে লগে পুৰণাটো তললৈ গুচি যায় বা ফন্ট স্ক্ৰীণৰ পৰা লুকাই যায়। ফেইচবুকত লিখা পুৰণা পষ্ট বিচাৰি আমি পুৰণি তাৰিখলৈ গৈ খুচৰিব লাগে। ফেইচবুকৰ ই এটা আমনি দায়ক তথা সময় অপব্যৱহাৰ কৰা কাম। ব্লগাৰতো নতুন পষ্ট বা লিখনি প্ৰকাশ কৰাৰ পাছত পুৰণিটো ইতিহাস হিচাপে পুৰণি তাৰিখত সোমাই পৰে। কিন্তু ইয়াক আমি হাততে পাব পৰাকৈ থব পাৰো। ইয়াৰ বাবে আমি পেজত লিখিব পাৰো নতুবা নতুন টেবচ্ (Tabs) তৈয়াৰ (create) কৰি লিষ্ট আকাৰে পঢ়ূৱৈৰ বাবে সহজে পাব পৰা কৰি থব পাৰোঁ। এইটো কৰিলে ই হুবহু এটা প্ৰিমিয়াম ধৰণৰ ৱেবচাইটৰ দৰেই হৈ পৰে। আপুনি যদি ভালকৈ শিকি ছেটিং কৰি লব পাৰিলে তেন্তে লাখ টকা খৰচ কৰি কোনো প্ৰফেচনেল ৱেব ডিজাইনৰ নোহোৱাকৈ আপুনি এটা ৱেবচাইটৰ মালিক হব পাৰে। উদাহৰণ হিচাপে আপুনি এই কেইটা ৱেবচাইটত ক্লিক কৰি চাব পাৰে যিকেইটা Blogger.com ত তৈয়াৰ কৰিছে। প্ৰথমে https://jayantas.blogspot.com ব্লগটো। এইটো এজন শিক্ষকৰ ব্লগ যত শিক্ষকজনে ছাত্ৰী-ছাত্ৰীৰ বাবে কিছু পঢ়াৰ টোকা দিয়াৰ উপৰিও তেখেতৰ দক্ষতা আৰু ৰুচি অনুসৰি বিভিন্ন বিষয়ত লিখে আৰু এই মাধ্যমেৰে প্ৰকাশ কৰে। এইটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানৱ সম্পদ বিকাশ কেন্দ্ৰ (Human Resource Development Centre) ৰ দ্বাৰা তৈয়াৰী আৰু ইয়াত কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক সকলৰ বিভিন্ন প্ৰশিক্ষণ সৰ্ম্পকীয় জাননী প্ৰচাৰ কৰি সৰ্বভাৰতীয় পৰ্য্যায়ত বহুল ব্যৱহৃত এটা ব্লগ।  https://guhrdc.blogspot.com. ঠিক তেনেকৈ এই দুটা ব্লগো ডিব্ৰুগড় জিলাৰ সৰ্বশিক্ষা মিচনে ব্যৱহাৰ কৰি থকা অতি গুৰুত্বপূৰ্ণ ব্লগ http://ssadibrugarh.blogspot.com আৰু                https://mdmdibrugarh.blogspot.com. ইয়াৰ পৰাই আপুনি অনুমান কৰিব পাৰিছে যে Blogger.com বিনামূলীয়াকৈ তৈয়াৰ কৰা ব্লগো কিমান ডাঙৰ কামত ব্যৱহাৰ কৰিব পাৰি। আপোনাৰ নিজৰ এটা হোৱাত সমস্যা কি? তেন্তে আহক আৰু পলম নকৰি আমি কেনেকৈ পেজত লিখা হয় আৰু ইয়াক কেনেকৈ মেনু বা টেবচ্লৈ নিব পাৰি তাক শিকোঁ।

প্ৰথমে আপুনি পষ্ট লিখিবলৈ যেনেকৈ ব্লগাৰৰ ডাচ্বৰ্ডত গৈ কৰিছিল ঠিক তেনেকৈ একে ধৰণেৰে বাওঁফালে থকা বিভিন্ন হেডিংৰ মাজত থকা Page ত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে একেবাৰে ওপৰত New Page অপচনটোত ক্লিক কৰিব। তাৰ লগে লগে এটা ব্লেংক পেজ ওলাব আৰু তাতে পষ্ট লিখোতে যেনেদৰে লিখিছিল তেনেকৈ লিখিব পাৰিব। এই পেজটো স্থায়ী হব। আপুনি ইয়াক টেবচ্ নি স্থায়ী তথ্য ৰাখিব পাৰিব। যেতিয়াই দৰকাৰ হয় নতুন তথ্য সংযোজন কৰিব পাৰিব বা পুৰণিবোৰ আঁতৰাই দিব পাৰিব।  সহজভাৱে বুজিবলৈ তলৰ ছবি খনলৈ মন কৰক।


ইয়াৰ পাছত তলৰ ছবিত দেখুৱাৰ দৰে কৰক-






তাৰ পাছত তলত দেখুওৱাৰ দৰে পেজটো দেখা পাব আৰু তাত পষ্ট লিখোঁতে যিদৰে লিখিছিল তেনেকৈ লিখি যাব।

কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথাটো হল আপুনি পষ্ট লিখি প্ৰচাৰ কৰাৰ লগে লগে যিদৰে পঢ়ূৱৈৰ হাতত পাইছিল, পেজত লেখা দেখা নাপাব যেতিয়ালৈকে আপুনি এই পেজবোৰ নিদিষ্ট টেবচ্লৈ লৈ নাযাব বা পেজবোৰৰ নিদিষ্ট link টো শ্বেয়াৰ নকৰে। এতিয়া আমি এই ছেটিং কেনেকৈ কৰে সেইটো শিকোঁ আহক।

তাৰ আগতে কি কি ধৰণৰ পেজ আপোনাৰ ৱেবচাইটত লাগিব সেইটো নিশ্চিত কৰিব। অৱশ্যে পাছতো ইডিট কৰিব পৰা যায়। যদি আপুনি শিক্ষক তেন্তে ক্লাছৰ প্ৰতি একোটাকৈ পেজ বনাব পাৰে, যদি আপুনি কাপোৰৰ ব্যৱসায় কৰে তেন্তে Gents Corner, Ladies Corner, Baby Care etc. আপোনাৰ প্ৰয়োজন অনুসৰি কৰিব পাৰে। এই দৰে আপোনাৰ দৰকাৰী পেজ কেইটাৰ টাইটল দি বাকী ব্লেংক কৰি পেজ কেইটা তৈয়াৰ কৰি লব পাৰিব।


ওপৰৰ ছবি খন মন কৰিলেই কেনেকৈ পেজকেইটা তৈয়াক কৰা হল বুজি পাব।  ইয়াৰ পাছত এই পেজবোৰ মানুহৰ মাজলৈ নিবলৈ কি কৰিব লাগিব সেইটো জানো আহক।

ইয়াৰ পাছত আপুনি Pages ৰ তলতে থকা Layout অপচনটোত ক্লিক কৰিব।


আহক আমি কাচটমাইজ কৰি থকা ব্লগটো বতমানৈ দেখিবলৈ কেনেকুৱা হৈছে এবাৰ চাই লওঁ। ইয়াৰ বাবে তলৰ ছবিখনত দেখুউৱাৰ দৰে একেবাৰে তলত থকা View Blog ত ক্লিক কৰিব।

যিহেতু এতিয়ালৈকে আমি কোনো কন্টেন প্ৰকাশ কৰা নাই গতিকে আমাৰ বৰ্তমানলৈকে আমি তৈয়াৰ কৰি থকা ব্লগটো দেখিবলৈ তলত দেখুৱাৰ দৰে হৈছে।

আমি ইতিমধ্যে তৈয়াৰ কৰা  Gents Corner, Ladies Corner, Baby Care এই পেজকেইটা ওপৰৰ ফালে Tabs হিচাপে ৰাখিম। গতিকে এইটো কাম কেনেকৈ কৰা হয় চাওঁ আহক।

এইটো কৰিবলৈ তলত দেখুওৱাৰ দৰে Layout অপচনটোক ক্লিক কৰিব লাগিব।


তাত ক্লিক কৰাৰ লগে লগে তলৰ ছবিখনত দেখুওৱাৰ দৰে দেখা পাব। অৱশ্যে থিম লৈ ইয়াৰ ডাচ্বৰ্ডত বেলেগ ধৰণেৰে দেখা পাব। তথাপি পেজবোৰ টেবচ্ত স্থাপন কৰা ধৰণ একেই। 

ওপৰৰ ছবিখনত দিয়া বিভিন্ন অপ্চনবোৰৰ ভিতৰত Page List (Top) ত ক্লিক কৰি কৰিব লাগিব। অৱশ্যে থিম লৈ পেজ ছেটিংৰ অপ্চনবোৰ অলপ বেলেগ হয়। তথাপি ভিতৰৰ ছেটিংবোৰ একেধৰণেৰে কৰিব লাগে। মই ওপৰত দেখুউৱা ছবিখন Emporio Porcelain থিম খনৰ হয়। ইয়াত পেজবোৰ টেবত অন্তভুক্ত কৰিবলৈ তেনেই সহজ। কিন্তু কিছুমান থিম যেনে Simple Theme ত অলপ বেলেগ হয়। তলত দেখুউৱাৰ দৰে হয়-

ওপৰত দেখুওৱা অপ্চনত ক্লিক কৰিলে আমি ইতিমধ্যে প্ৰস্তুত কৰি থোৱা পেজবোৰ নিদিষ্ট টেবচ্ (মেনু) ত অন্তভুক্ত কৰিব পাৰিম। ইয়াৰ পাছৰ পৰ্য্যায়টো চাওঁ আহক-

ADD A NEW ITEM ত ক্লিক কৰাৰ পাছত আপুনি ইতিমধ্যে তৈয়াৰ কৰি থোৱা পেজবোৰ দেখা পাব। আৰু যি কেইটা পেজ মেনু বা টেবচ্ ত অন্তভুক্ত কৰিম বুলি ভাৱিছে সেই কেইটা চিলেক্ট কৰিব পাৰিব। তলৰ ছবি কেইছন চাওক- 


ইয়াৰ পাছত আপুনি পেজবোৰ চিলেক্ট কৰি মেনু বা টেবচ্ত অন্তভুক্ত কৰিব পাৰোঁ।

এইদৰে আপুনি তৈয়াৰ কৰা আৰু মেনুত ৰাখিবলৈ সিদ্ধান্ত লোৱা আটাইকেইটা পেজ অন্তভুক্ত কৰিব পাৰিব। পেজবোৰ মেনুত অন্তভুক্ত কৰাৰ পাছত আপোনাৰ ৱেবচাইটৰ Home পেজত আপুনি অন্তভুক্ত কৰা পেজবোৰ মেনু বা টেবচ আকাৰে তলৰ ছবি খনৰ দৰে দেখিব।

ইয়াৰ পাছৰ খণ্ডত মেনু বা টেবচ্ বাটনবোৰৰ কাচটমাইজ কৰা, ৱেবচাইটৰ হম পেজ ছেটিং, পেজত লিখা, কন্টেন লিচ্টিং কৰা আদি দৰকাৰী কথাবোৰ শিকিম।

Thursday, 5 June 2025

খণ্ড ৫ঃ ব্লগাৰত প'ষ্ট কেনেকৈ লিখে?



ব্লগাৰত প'ষ্ট লিখিবলৈ তেনেই সহজ। যদি আপুনি মোৰ আগৰ 'ষ্টবোৰৰ পৰা ইতিমধ্যে আলোচনা কৰা কথাখিনি শিকিলে তেন্তে ইয়াৰ পাছত এতিয়া প'ষ্ট লিখিবলৈ আৰম্ভ কৰক। যদি আপোনাৰ সময়ৰ অভাৱ তেন্তে মই কেনেকৈ অতি কম খৰচত এটা ব্লগ আমাৰ ফালৰ পৰা ডিজাইন কৰি দিয়া হয় তাৰ অৰ্ডাৰৰ বাবে বিতং দিয়া হৈছে। অৱশ্যে আপুনি অলপ কষ্ট কৰি নিজেও সুন্দৰকৈ আপোনাৰ ব্লগটো সজাই ল'ব পাৰিব। প্ৰথম অৱস্থাত কিছু জটিল যেন লাগিলেও পাছত ই একেবাৰে সহজ হৈ পৰিব। মই আগতেই উল্লেখ কৰিছো যে যি সকল উদ্যমীলোক, যাৰ কৰ্মৰাজি ডিজিটেল মাধ্যমত সকলোৱে পাব পৰাকৈ প্ৰকাশ কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে ইয়াতকৈ সঠিক মাধ্যম নাই। বিশেষকৈ হাইস্কুল বা হাইয়াৰ ছেকেণ্ডেৰী স্কুলবোৰে এই ব্লগাৰৰ যোগেদি এক সুন্দৰ ডিজিটেল পাব্লিচিটি দিব পাৰে। যিহেতু এই শিতানত স্কুলবোৰৰ পুঁজি আৱন্টন নাথাকে গতিকে বিনামূলীয়াকৈ উপলব্ধ এই মাধ্যমৰ সুবিধাসমূহ ল'ব পাৰিব। গতিকে Blogger.com ত বিনামূলীয়া ব্লগৰ দ্বাৰা যথেষ্টখিনি কাম কৰিব পাৰে। যি কি নহওক, আহক আজি Blogger.com ত কেনেকৈ প'ষ্ট লিখিব পাৰি তাৰ বিষয়ে শিকোঁ।

ব্লগাৰত  'ষ্ট লিগিবলৈ প্ৰথমে আপোনাৰ Blogger ডাচ্বডত যাব লাগিব। আপোনাৰ ই-মেইলৰ দ্বাৰা লগইন কৰাৰ পাছত তলৰ ছবিখনত দেখুওৱাৰদৰে দেখা পাব।

তাৰ পিছত বাওঁফালে থকা বাটন বোৰলৈ মন কৰিব। একেবাৰে ওপৰত +NEW POST বাটনত ক্লিক কৰাৰ লগে লগে আপুনি 'ষ্ট লিখিব পৰাকৈ খালী পেজটো দেখা পাব। প্ৰথমে আপুনি আপোনাৰ প'ষ্টটোৰ টাইটল লিখিব লাগিব।

তাৰ পাছত তলত খালী হৈ থকা পেজখনত লিখিব পাৰিব। এই খিনিতে মন কৰিব টাইপ কৰোতে দৰকাৰ হোৱা প্ৰায়খিনি দৰকাৰী আহিলা (Tools) পেজটোৰ ওপৰৰ বাৰত পাব। একেবাৰে ওপৰৰ বাওঁফালে ↶undo restore↷ দুডাল কাড় চিহ্নৰে দেখুোৱা থাকিব। আপুনি লিখা 'ষ্টটো undo কৰি বেক যাব পাৰিব বা redo কৰি পুনৰ টাইপ কৰা আখৰবোৰ টাইপিং পেজলৈ ঘূৰাই আনিব পাৰিব।

তাৰ পাছতে Aআখৰ লিখা বাটন ক্লিক কৰি আখৰৰ ফ্ৰন্টবোৰ নিবাচন কৰিব পাৰিব। এই দৰে আপুনি প্ৰত্যক্ষভাৱে অনলাইনত থাকি আপোনাৰ 'ষ্টটো লিখিব পাৰিব। ব্লগাৰত লিখিবলৈ যে কেৱল অনলাইনত থাকিহে কৰিব পাৰি তেনে নহয়। তাৰ পৰিৰ্বতে অফলাইনত টাইপ কৰি কপি কৰি ব্লগাৰৰ পেজত পোষ্ট কৰিব পাৰি। এনে কৰিলে বেছি ভাল হয় আৰু বানানকে ধৰি বাক্যবোৰ ভালদৰে সজোৱাৰ লগতে প'ষ্টটো নিঁখুত কৈ লিখিব পাৰি।

 আখৰৰ আকাৰ নিৰ্বাচন কৰিবলৈ TT ত তলৰ ছবিখনত দিয়া ধৰণে নিৰ্বাচন কৰিব লাগে। তলৰ ছবিখন চালে অধিক স্পষ্ট হব। মূল লেখাটোৰ সাধাৰণ আখৰবোৰ Normal আকাৰতে লিখিব লাগে।  

ইয়াৰ  পিছৰ বাটুন Paragraph ক্লিক কৰি নানা ধৰণৰ সুবিধাবোৰৰ কথা  জানিব পাৰি। আপোনাৰ লেখাটোৰ বাবে মূখ্য হেডিং (Major Heading) আপোনাৰ পষ্ট টাইটলটোৱে হব। গতিকে লেখাটোৰ মাজত যদি দ্বিতীয় পৰ্য্যায়ৰ হেডিং (Sub-heading, Minor Heading etc) আদি দিব বিচাৰে তেন্তে নিৰ্বাচন কৰি (Selection) কৰি তাক কৰি লব পাৰিব। তাৰ পাছত আকৌ টেক্স খিনি Normal বা paragraph কৰি লিখি যাব পাৰিব। যদি আপোনাৰ লেপটপ বা কম্পউটাৰ আছে তেন্তে MS-Office Word ত টাইপ কৰিও কৰিব পাৰে। এনে কৰিলে আপোনাৰ ইন্টানেটৰ দাতা বাচিব লগতে ৰিভিজন কৰি লেখাটো আৰু ভাল কৰিবলৈ সুবিধা হব।

আপোনাৰ লেখাৰ মাজত যদি কোনো শব্দ বা বাক্য বল্ড (Bold) কৰিব লগা হয় তেন্তে শব্দ বা বাক্যশাৰী নিৰ্বাচন কৰি B আখৰটোত ক্লিক কৰিলেই সকলো বল্ড হৈ যাব। যদি ইটালিক (italic) কৰিব বিচাৰে তেন্তে শব্দ বা বাক্যশাৰী নিৰ্বাচন কৰি  i  আখৰটোত ক্লিক কৰিলেই সকলো ইটালিক (italic)  হৈ যাব।  যদি আন্দাৰলাইন (Underline) কৰিব বিচাৰে তেন্তে শব্দ বা বাক্যশাৰী নিৰ্বাচন কৰি  U আখৰটোত ক্লিক কৰিলেই সকলো আন্দাৰলাইন (Underline) যুক্ত  হৈ যাব। যদি কোনো বাক্য বা শব্দৰ ওপৰত কটাৰ দৰে লাইন দিব লাগে তেন্তে শব্দ বা বাক্যটো নিৰ্বাচন কৰি U আখৰটোৰ সোফালে থকা চিহ্নটোত ক্লিক কৰিলেই শব্দ বা লাইনটোৰ ওপৰত কটা লাইন ডাল দেখা পাব।

আখৰৰ ৰং সলনি কৰিবলৈ আখৰবোৰ নিৰ্বাচন কৰি A ক্লিক কৰিলেই ৰম সলনি হৈ যাব। ঠিক তেনেকৈ কোনোবা পেৰেগ্ৰাফৰ বেকগ্নাউন্ডৰ ৰং সলনি কৰিবলৈ কলমটোৰ দৰে থকা চিহ্নটোত ক্লিক কৰিলেই বেকগ্নাউন্ডৰ ৰং সলনি হৈ যাব। তলৰ ছবিখনত এই সুবিধাকেইটা ভালদৰে মন কৰক।


আপুনি আপোনাৰ ব্লগাৰৰ পষ্ট  লিখা খালী এখন পেজ লৈ কিছুমান টেক্স লৈ ওপৰৰ ছবিত দেখুৱাৰ দৰে প্ৰেকটিচ কৰিব অতি সহজে সকলো কৰিব পাৰিব।

ইয়াৰ পাছত আমি আৰু দুটামান কথা ষ্ট  লিখোতে দৰকাৰ হয় জানি লওঁ আহক।

আপুনি লিখা টেক্সখিনিৰ লাইনবোৰ ছেটিং কৰিব লাগিব। তাৰবাবে তলত দিয়া ছবিখন চাওক।



ইয়াৰ পাছতো আৰু বহুতো অপ্চন আছে পেজটো ছেটিঙৰ বাবে। পৰৱৰ্তী সময়ত সেইখিনি আলোচনা কৰিম। এতিয়া আপুনি লিখা পষ্ট যদি সৰ্ম্পূণ হৈছে তেন্তে একেবাৰে সোঁফালে থকা Publish button টোত ক্লিক কৰিব।

Publish button টোত ক্লিক কৰাৰ পাছত screen ত জাননী হিচাপে তলত দেখুউৱা মেছেজটো দেখিব। আপুনি Confirm কৰি আপোনাৰ পষ্ট টো Publish কৰিব পাৰিব।



Sunday, 18 May 2025

খণ্ড ১- পাতনি (Introduction to Blogger)


এটা সময় আছিল য´ত কোনো এজন ব্যক্তিয়ে নিজাকৈ এটা ৱেবচাইট তৈয়াৰ কৰাটো সহজ নাছিল। অৱশ্যে প্ৰক্ৰয়াটো ইমানো জটিল নাছিল। কিন্তু বহু কথা সাধাৰণ ভাৱে জনাৰ সুবিধা নথকা বা তথ্যৰ উৎস নজনাৰ বাবে ই জটিল যেন লাগিছিল। অৱশ্যে এতিয়াও সকলো প্ৰকাৰৰ ৱেবচাইট তৈয়াৰ কৰিবলৈ ইমান সহজ নহয়। ইয়াক তৈয়াৰ কৰিবলৈ প্ৰফেচনেল ব্যক্তিৰ সহায় লব লগা হয়।

কিন্তু আজি মই কম্পিউতাৰৰ কডিং জ্ঞান নথকাকৈও গুগলৰ বিনামূলীয়া সেৱাৰ দ্বাৰা blog বা সৰু ৱেবচাইট কেনেকৈ তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। লগতে যথাসম্ভৱ ৱেবচাইট এটা তৈয়াৰ কৰিবলৈ সহায় হোৱাকৈ ভিডিঅ দিবলৈ চেষ্টা কৰিম

প্ৰথমে জানি লওঁ আহক গুগলে আগবঢ়োৱা বিনামূলীয়া সেৱা সমূহৰ বিতৰত অন্যতম এটা হৈছে ব্লগাৰৰ (Blogger), তাৰ বিষয়ে। ব্লগাৰ (Blogger) হৈছে গুগলে আগবঢ়োৱা এক বিনামূলীয়া সেৱা যাৰ দ্বাৰা আমি বেৱচাইট তৈয়াৰ কৰি আমি ব্যক্তিগত, প্ৰতিষ্ঠানীয় নতুবা ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পাৰো। আনকি এই ব্লগাৰ (Blogger) ত বিভিন্ন তথ্য, কবিতা, প্ৰৱন্ধ আদি লিখি গুগলৰ বিজ্ঞাপন প্ৰৰ্দশন কৰিও ধন উৰ্পাজন কৰাৰো সুবিধা আছে।

যিসকললোকে নিয়মীয়াকৈ ফেচবুক বা অন্য সামাজিক মাধ্যমত লিখে তেওঁলোকৰ বাবে এই ব্লগ তৈয়াৰ কৰাটো উত্তম চইচ্ হ'ব। Facebook ৰ দৰে মাধ্যমত লিখা বহুতো গুৰুত্বপূৰ্ণ লেখা কেতিয়াবা বিচাৰি উলিয়াবলৈ বহুত খুচৰিব লগীয়া হয়। কিন্তু ব্লগাৰত লিখি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি থ'লে সোনকালে বিচাৰি উলিয়াব পাৰি। ভাল লিখনি হ'লে পাঠকে নিজে আহি যেতিয়াই মন যায় ভাল লগা লেখাসমূহ পঢ়িব পাৰে। তাৰোপৰি ৩০ টা মান ভাল লেখা লিখি গুগলৰ পৰা AdSense approval সহজে পাব পাৰি। ইয়াৰ দ্বাৰা ধন উৰ্পাজন কৰিব পাৰি। এই ব্লগ শিক্ষকতা বৃত্তিৰ লগত জৰিতসকলৰ বাবেই খুবেই উপকাৰী। আজি অনলাইন আৰু ডিজিটেল ব্যৱস্থাত শিক্ষাপ্ৰদান কৰা ক্ষেত্ৰখন বিশ্বজুৰি বহলাই নিব পাৰি। নিজৰ দখলত থকা বা বিষয়বস্তুৰ ওপৰত নিজৰ প্ৰতিভা অনুসৰি জ্ঞান বিস্তাৰ কৰি সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীৰ বাবে পঢ়াৰ টোকা প্ৰদান কৰিব পাৰি। গতিকে পলম নকৰি আজিয়েই আপোনাৰ নিজৰ ব্লগ তৈয়াৰ কৰক আৰু লাহে লাহে ভাৰ্চুৱেল পৃথিৱীত নিজৰ অস্তীত্ব সবল কৰি তোলক।

আজি এই প্ৰথম খণ্ডৰ পৰৱৰ্তী অংশত কেনেকৈ ব্লগ তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। আপুনি যদি আমাৰ এই যাত্ৰাৰ সহযোগী হব বিচাৰে তেনেহলে নিয়মীয়াকৈ আমাৰ ব্লগ https://jayantas.blogspot.com চাব আৰু লগতে ব্লগৰ একেবাৰে তলৰ সোঁ-ফালে থকা Follow লিংকটো ক্লিক কৰি আমাক উৎসাহিত কৰিব। কিবা শুধিব লগা থাকিলে তলত সুধিব পাৰিব।

See the next part

Tools and Implements in Horticultural works

Plough Implements Implements (Tools) used for preparation of Land Modern machines and tools have made growing flowers easier and more profit...