Saturday, 14 March 2026

জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নাম

 #জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নামঃ উল্লাহৰ অন্ত নাই

Osbeckia zubeengargiana, Barnali Das & N. Nath উদ্ভিদ জগতৰ নতুন নাম । য'ত জুবিন গাৰ্গৰ নাম সংযুক্ত হৈছে । যেতিয়া জুবিন গাৰ্গৰ নাম সংযুক্ত হয় সেই খবৰ সমাজৰ কোণে কোণে বিয়পি পৰে । কিমান শক্তিশালী জুবিন নামৰ এই সত্ত্বা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক বৰ্ণালী দাস আৰু এন. নাথৰ গৱেষাণত পোৱা নতুন উদ্ভিদ প্ৰজাতিৰ নাম অসমৰ আবেগৰ নামৰ সৈতে সংযুক্ত হোৱাত মানুহৰ মাজত এতিয়া কৌতুহ'ল জন্ম হৈছে । সেইয়া স্বাভাৱিক ।

কিছুলোকে কৈছে এইটোচোন ফুটকলা গছ । দুবছৰ মান আগতেই জনোৱাহ'লে মইয়ে আৰু তথ্য দিব পাৰিলোহেঁতেন, এইটো কি নতুন সৃষ্টি ইত্যাদি ইত্যাদি কথোপকথন....

এজোপা গছক লৈ মানুহে এইখিনিও যে আলোচনা কৰিছে সেইয়াই যথেষ্ট। এইয়া হৈছে কেৱল জুবিন গাৰ্গৰ বাবেহে। কিমান শক্তিশালী জুবিন গাৰ্গ। মানুহক বৈজ্ঞানিক আলোচনা-সমালোচনা কৰিবলৈও বাধ্য কৰায়।

আচল কথাটোক লৈ আহোঁ । আমি সচৰাচৰ ফুটকলা বুলি ভৱা, ওঁঠ কলাপৰি যোৱাকৈ খোৱা ফুটকলা বিধ নহয় এইবিধ । আমি দেখা বা খোৱা ফুটকলাবিধ ইয়াত ডাঙৰ হয় বা তিনি মিটাৰ পয্যন্ত ওখ হোৱা এক গুল্মজাতীয় উদ্ভিদ । পাতবোৰ ইয়াতকৈ ডাঙৰ । মানুহ এজনৰ উচ্চতাতকৈও ওখ হয় । এইজোপা ফুটকলাৰ বৈজ্ঞানিক নাম Malastoma malabathricum L. নামেৰে পৰিচিত । Osbeckia zubeengargiana একে গোত্ৰৰ (Melastomataceae) হ'লেও প্ৰজাতিটো বেলেগ হয়।

গৌৰৱৰ কথাটো হৈ এই বাতৰি বৰ্তমান সামাজিক মাধ্যমত বিয়পি পৰিছে । বিভিন্ন লোকে, আনকি সংবাদ বা দূৰদৰ্শনৰ ফেচবুক পেইজৰ পৰাও প্ৰকাশ পাই থকা দেখা পাইছো । ভাল লাগিছে ।

কিন্তু অলপ সচেতনতা হ'লে এই আৱিস্কাৰক সন্মান জনোৱা হ'ব। কথাটো হল Osbeckia zubeengargiana Barnali Das & N. Nath এটা সৰ্ম্পূণ বৈজ্ঞানিক নাম। এই বৈজ্ঞানিক নামত দুটা অংশ থাকে । প্ৰথমটো গণ (Genus) আৰু পাছৰ অংশটো প্ৰজাতি (species) । যেতিয়া বৈজ্ঞানিক নামটো লিখা হয় গণৰ শব্দটো বৰফলা (Capital letter) আৰু তাৰ পাছৰ সকলো আখৰ সৰুফলা (small letter) হ'ব লাগে । কালিৰ পৰা যিমানবোৰ এই উদ্ভিদজোপাৰ নাম দেখা পাই আছো তাত ভুলভাৱে লিখা হৈছে । প্ৰকৃত শুদ্ধ ৰূপটো হৈছে Osbeckia zubeengargiana Barnali Das & N. Nath হে Osbeckia Zubeengargiana নহয়। নামৰ পাছত Barnali Das & N. Nath নাম লিখা হয় কাৰণ এই প্ৰজাতিটো Barnali Das & N. Nath য়ে আৱিস্কাৰ কৰিছে । টাইপ কৰিলে ইটালিক আৰু হাতেৰে লিখিলে তলত পৃথক পৃথককৈ আচ টালিব লাগে ।

কিছুলোকে কৈছে - এইয়ানো কি আৱিস্কাৰ! তেওঁলোকে এইদৰে ভৱাৰ কথাটোও স্বাভাৱিক । বেছিভাগ মানুহেই তেনেকৈ ভাৱে । কিন্তু যিসকলে অলপ বেলেগকৈ ভাৱে তেখেতলোকেহে সৃষ্টি কৰিব পাৰে । গছৰ পৰা বা ওপৰৰ পৰা কিবা বস্তু মাটিত যুগ যুগ ধৰি পৰি আহিছে আৰু পৰি থাকিব । কিন্তু নিউটন নামৰ মানুহজনৰ মূৰতেই কিয় খেলালে যে আপেলটো কিয় মাটিত পৰিল। তাৰ পাছত সেই মানুহজন পৃথিৱীৰ বিখ্যাত বিজ্ঞানী হল।
সাগৰৰ ওপৰেদি অসংখ্য মানুহে অহা-যোৱা কৰে । সাগৰ পানী নীলা দেখে । কিন্তু কিয় চি.ভি. ৰমন ছাৰে সেই নীলা ৰঙৰ মাজত বেলেগ ৰহস্যৰ উমান পালে । যাৰ বাবে আজি সমাজত বিভিন্ন ক্ষেত্ৰত সহায়ক হৈছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকদ্বয়ক অভিনন্দন জনাইছো । লগতে অসমৰ আবেগ হাৰ্টথ্ৰব জুবিন গাৰ্গক পৃথিৱী থকালৈকে স্মৰণ কৰিব পৰাকৈ তেখেতৰ নামেৰে উদ্ভিদজোপাৰ বৈজ্ঞানিক নামাকৰণ কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিছো।

No comments:

Post a Comment

জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নাম

  #জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নামঃ উল্লাহৰ অন্ত নাই Osbeckia zubeengargiana, Barnali Das & N. Nath উদ্ভিদ জগতৰ নতুন নাম । য'ত জুবিন...