Showing posts with label বহাগৰ ৰং. Show all posts
Showing posts with label বহাগৰ ৰং. Show all posts

Monday, 11 April 2016

বহাগৰ ৰং

                                                             তাং-০৯২০১৬

উভতি আহিব বুলি ফাগুণে কাণে কাণে ক´লে,
তথাপি যে উন্মনা মনে একোকে নামানে ।
শিমলু তুলাৰ দৰে উৰিছে মন,
বিৰিখে বিৰিখে জিৰাইছে ভাগৰুৱা প্ৰাণ ।

প্ৰথমজাক বৰষুণতে আহিল বালিমাহীজনী,
টিক্ টিকিয়া ৰঙা দূভৰিৰ নাচোনে আনিছে সপোন সামৰি
আউলি বাউলি বৰদৈচিলা আখল ঘৰত সোমাল,
আইৰ থাপনাত শুনিলো উৰুলিৰ অমিয়া ৰোল

বহাগ আহি পদূলিৰ আলহী এতিয়া,
নঙঠা ডালৰ লাজ গুচাই মাথো পাৰভঙা সেউজীয়া
কুলিৰ মাতত কপৌ ফুলিছে বসন্ত আহিছে,
ষোড়শী ৰূপহী হিয়া উলাহত নাচিছে ।

চঞ্চলা ৰমলাই সাজি-কাঁচি যৌৱন বান্ধিছে,
তাঁতৰ শালত আছু সূতাৰ গামোচাত ভমকা ফুলিছে
এইবেলি ৰচকী ৰমলাক উলিয়াই দিয়াৰে কথা,
জতাইছে আঘোণী আই বাকচ্ এটা সোণ এতুলা ।

হলধৰ পুতেক হৰেণে যোৱা বাৰ বিহুতে,
যৌৱনা ৰমলাৰ মন চুৰ কৰিলে ।
এইবেলি বহাগৰ বাৰদিন যোৱাতে,
ৰঙালীৰ জোনে ৰমলাৰ কপালত বহি লৈ যাব হৰেণে



                           জয়ন্ত সোণোৱাল

Roles of Scientific nomenclature

  Describing and publishing a new plant species follows the rules of the (ICN) . Taxonomists must follow a formal scientific process so th...