তাং-০৯।০৪।২০১৬
উভতি আহিব বুলি ফাগুণে কাণে কাণে ক´লে,
তথাপি যে উন্মনা মনে একোকে নামানে ।
শিমলু তুলাৰ দৰে উৰিছে মন,
বিৰিখে বিৰিখে জিৰাইছে ভাগৰুৱা প্ৰাণ ।
প্ৰথমজাক বৰষুণতে আহিল বালিমাহীজনী,
টিক্ টিকিয়া ৰঙা দূভৰিৰ নাচোনে আনিছে সপোন সামৰি ।
আউলি বাউলি বৰদৈচিলা আখল ঘৰত সোমাল,
আইৰ থাপনাত শুনিলো উৰুলিৰ অমিয়া ৰোল ।
বহাগ আহি পদূলিৰ আলহী এতিয়া,
নঙঠা ডালৰ লাজ গুচাই মাথো পাৰভঙা সেউজীয়া ।
কুলিৰ মাতত কপৌ ফুলিছে বসন্ত আহিছে,
ষোড়শী ৰূপহী হিয়া উলাহত নাচিছে ।
চঞ্চলা ৰমলাই সাজি-কাঁচি যৌৱন বান্ধিছে,
তাঁতৰ শালত আছু সূতাৰ গামোচাত ভমকা ফুলিছে ।
এইবেলি ৰচকী ৰমলাক উলিয়াই দিয়াৰে কথা,
জতাইছে আঘোণী আই বাকচ্ এটা সোণ এতুলা ।
হলধৰ পুতেক হৰেণে যোৱা বাৰ বিহুতে,
যৌৱনা ৰমলাৰ মন চুৰ কৰিলে ।
এইবেলি বহাগৰ বাৰদিন যোৱাতে,
ৰঙালীৰ জোনে ৰমলাৰ কপালত বহি লৈ যাব হৰেণে ।
জয়ন্ত সোণোৱাল
No comments:
Post a Comment