Saturday, 30 April 2016

Facebook & Whatsapp ভাইৰাছ

আপুনি হয়তো celebrity ৰ দৰে হ'ব বিচাৰে,
আপোনাৰ সপোনবোৰ, ভাল লগাবোৰ
celebrity ৰ দৰে জাগি উঠে,
সাইলাখ celebrity ৰ দৰে ।
Celebrity ৰ এখন ফ'টোৱে নতুবা
সাধাৰণ এষাৰি কথাই,
হাজাৰ হাজাৰ like, comment গোটাব পাৰে,
যদিও আপোনাৰ like বোৰ নাচায়,
Comment বোৰ নপঢ়ে
তথাপি আপুনি একেই like,
একেই comment দি যায়,
কাৰণ আপুনি তেওঁৰ নহ'লেও
তেওঁ আপোনাৰ প্ৰিয়,
প্ৰিয়জনক আহত কৰিব নোৱাৰি ।
Celebrity ৰ কায়দাৰে এখন এখনকৈ বহুতো ফ'টো upload কৰিছে,
ধুনীয়া ধুনীয়া কবিতা,
তিতা মিঠা অভিজ্ঞতা,
হ্মোভ, অৱজ্ঞা বোৰক,
এৰি দিয়ে ওপঙি থকা কল্পনাতীত এই মঞ্চত,
নিমিষতে বিয়পি পৰেগৈ গোটেই পৃথিৱীত ।
তাৰ পাছত like বোৰ গণিছে,
Comment বোৰ পঢ়িছে ।
কোনোবাই কয় nice pic.,
Location টো ভাল লাগিছে,
কোনোবাই কয় অলপ বেছি হ'লনেকি,
বা কেতিয়াবা কোনেও নাচায়, নপঢ়ে ।
Notification ৰ গোলকটো ৰঙা হৈ নজ্বলে,
আপোনাৰ প্ৰিয় মিঠা ৰিংটনটো বাজি নুঠে,
পৃষ্ঠাটো হৈ পৰে লৱণ নথকা আঞ্জাৰ দৰে ।
তথাপি আশাবোৰ নিহত নহয়,
ধুমুহাত বিধস্ত বৃহ্মই ডাল পাত মেলাৰ দৰে,
আপুনি আকৌ জাগি উঠে ।
আকৌ Facebook & Whatsapp ভাইৰাছটো,
সক্ৰিয় হৈ উঠে ।
আকৌ selfie, আকৌ কবিতা-গান,
মিঠা তিতা বাক্যবান,
অলপ editing, অলপ ৰং ঢালি,
পোখা মেলে আশাবোৰে ।
আশাবোৰে আকৌ এবাৰ জাগি উঠে,
এটা ৰঙীন দিনৰ বাবে,
গোলকটো ৰঙীণ হৈ পুৱাৰ সুৰুযৰ দৰে,
ৰঙা হৈ জ্বলা আশাৰে ।

No comments:

Post a Comment

চাকৰি খবৰ

Banking and Insurance Jobs 1. Punjab National Bank (PNB) ত ৫৪৫ টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰে ৮৫ টা পদ অসমৰ বাবে । ...