মানৱ সভ্যতাৰ ক্ৰমবিৱৰ্তনৰ ইতিহাসত সৌনৰ্ন্দ্য
চৰ্চাৰ বিভিন্ন সময়ত বিভিন্ন পদ্ধতি সমূহৰ বিষয়ে পঢ়িবলৈ পোৱা যায় । মানুহৰ জীৱন
ধাৰণৰ অন্য দিশসমূহৰ লগতে অতীজৰে পৰা সৌনৰ্ন্দ্য চৰ্চা চলি আহিছে । আগতে অৱশ্যে ই ব্যৱসায়
ভিত্তিক নাছিল । কিন্তু যোৱা দুই দশকৰ পৰা সৌনৰ্ন্দ্য চৰ্চাৰ ব্যাপক হাৰত বৃদ্ধি
পায় আৰু তাৰ লগে লগে সৌনৰ্ন্দ্য চৰ্চাৰ সৈতে জৰিত অনুষ্ঠান-প্ৰতিষ্ঠানো গঢ় লৈ উঠে । আজিৰ সৌনৰ্ন্দ্য চৰ্চা একোটা বিলিয়ন ডলাৰৰ ব্যৱসায় ।
ধুনীয়া হৈ থাকিবলৈ সকলোৱে মন যায় । গতিকে সকলো মানুহে ধুনীয়া হৈ থাকিব পৰাকৈ সকলো খিনি
ব্যৱস্থা সাধ্য অনুসৰি যোগাৰ কৰি লয় । ধনী-দুখীয়া সকলো লোকৰে সৌনৰ্ন্দ্য চৰ্চাৰ বাবে একোটা
মাহেকীয়া বাজেট থাকে ।
বত্তৰ্মান বিশ্ব ব্যাপি ব্যাহ্যিক সৌনৰ্ন্দ্য
চৰ্চাই ব্যাপক সমাদৰ লাভ কৰিছে । সৌনৰ্ন্দ্য চৰ্চাই আজি কেৱল কাৰোবাক ধূনীয়াকৈ
সজাই পৰাই তোলাতে সীমাৱদ্ধ হৈ থকা নাই, লগতে ই নিয়োগ সৃষ্টি কৰিছে । আমেৰিকা দৰে
দেশত দেশৰ মূঠ নিয়োগ সৃষ্টিৰ ২০% সৌনৰ্ন্দ্য চৰ্চাৰ সৈতে জৰিত । আমেৰিকাত
ব্যাহ্যিক সৌনৰ্ন্দ্যবৰ্দ্ধনৰ লগতে কিছু শাৰিৰীক ব্যায়াম শিকোৱা হয় যাতে দেহৰ
ভিতৰৰ পৰাও সৌনন্দয্য বৰ্ন্ধনত সহায় হয় । ভাৰততো সৌনৰ্ন্দ্য চৰ্চাই বিশেষ গুৰুত্ব
লাভ কৰিছে ।
সৌনৰ্ন্দ্য চৰ্চাই আমাৰ দৰে দেশত গুৰুত্ব লাভ
কৰাতো অতি শুভলক্ষণ । আমাৰ অসমৰ দৰে ঠাইত সৌনৰ্ন্দ্য চৰ্চাই কেৱল
সুন্দৰ-সুন্দৰীৰেই সৃষ্টি কৰা নাই, লগতে সৃষ্টি কৰিছে বহুতৰে কৰ্ম সংস্থাপনৰ পথ । বৰ্ত্তমান
কেৱল ডাঙৰ ডাঙৰ চহৰতেই নহয়, সৰু সৰু নগৰ সমূহতো বিউটি পাৰ্লাৰ গঢ় লৈ উঠিছে । এনে
ক্ষেত্ৰত এচাম লোকে জীৱিকা পথ প্ৰশষ্ট কৰাৰ উপৰিও সময় আৰু সমল হাততে নোপোৱা সকলৰ
বাবে সুবিধা হৈছে । অৱশ্যে মাজে মাজে দুই এটা অবৈধ ঘটনা নঘটা নহয় । কিছুমান অসাধু
লোকৰ দ্বাৰা সৃষ্ট এনে ঋণাত্মক দিশবোৰ পৰিহাৰ কৰিলে বিউটি পাৰ্লাৰ সমূহ এসময়ত আৰু
বেছি লাভজনক ব্যৱসায় হব । গতিকে নিৱনুৱা সংস্থাপনৰ ক্ষেত্ৰত বিউটি পাৰ্লাৰ সমূহ
আৰ্শীবাদ স্বৰুপ ।
No comments:
Post a Comment