Thursday, 5 May 2016

বিউটি পাৰ্লাৰবোৰ জীৱিকা উপায় হওক



মানৱ সভ্যতাৰ ক্ৰমবিৱৰ্তনৰ ইতিহাসত সৌনৰ্ন্দ্য চৰ্চাৰ বিভিন্ন সময়ত বিভিন্ন পদ্ধতি সমূহৰ বিষয়ে পঢ়িবলৈ পোৱা যায় । মানুহৰ জীৱন ধাৰণৰ অন্য দিশসমূহৰ লগতে অতীজৰে পৰা সৌনৰ্ন্দ্য চৰ্চা চলি আহিছে । আগতে অৱশ্যে ই ব্যৱসায় ভিত্তিক নাছিল । কিন্তু যোৱা দুই দশকৰ পৰা সৌনৰ্ন্দ্য চৰ্চাৰ ব্যাপক হাৰত বৃদ্ধি পায় আৰু তাৰ লগে লগে সৌনৰ্ন্দ্য চৰ্চাৰ সৈতে জৰিত অনুষ্ঠান-প্ৰতিষ্ঠানো গঢ় লৈ উঠেআজিৰ সৌনৰ্ন্দ্য চৰ্চা একোটা বিলিয়ন ডলাৰৰ ব্যৱসায় ।
ধুনীয়া হৈ থাকিবলৈ সকলোৱে মন যায়গতিকে সকলো মানুহে ধুনীয়া হৈ থাকিব পৰাকৈ সকলো খিনি ব্যৱস্থা সাধ্য অনুসৰি যোগাৰ কৰি লয়ধনী-দুখীয়া সকলো লোকৰে সৌনৰ্ন্দ্য চৰ্চাৰ বাবে একোটা মাহেকীয়া বাজেট থাকে ।
বত্তৰ্মান বিশ্ব ব্যাপি ব্যাহ্যিক সৌনৰ্ন্দ্য চৰ্চাই ব্যাপক সমাদৰ লাভ কৰিছে । সৌনৰ্ন্দ্য চৰ্চাই আজি কেৱল কাৰোবাক ধূনীয়াকৈ সজাই পৰাই তোলাতে সীমাৱদ্ধ হৈ থকা নাই, লগতে ই নিয়োগ সৃষ্টি কৰিছে । আমেৰিকা দৰে দেশত দেশৰ মূঠ নিয়োগ সৃষ্টিৰ ২০%  সৌনৰ্ন্দ্য চৰ্চাৰ সৈতে জৰিত । আমেৰিকাত ব্যাহ্যিক সৌনৰ্ন্দ্যবৰ্দ্ধনৰ লগতে কিছু শাৰিৰীক ব্যায়াম শিকোৱা হয় যাতে দেহৰ ভিতৰৰ পৰাও সৌনন্দয্য বৰ্ন্ধনত সহায় হয় । ভাৰততো সৌনৰ্ন্দ্য চৰ্চাই বিশেষ গুৰুত্ব লাভ কৰিছে ।
সৌনৰ্ন্দ্য চৰ্চাই আমাৰ দৰে দেশত গুৰুত্ব লাভ কৰাতো অতি শুভলক্ষণ । আমাৰ অসমৰ দৰে ঠাইত সৌনৰ্ন্দ্য চৰ্চাই কেৱল সুন্দৰ-সুন্দৰীৰেই সৃষ্টি কৰা নাই, লগতে সৃষ্টি কৰিছে বহুতৰে কৰ্ম সংস্থাপনৰ পথ । বৰ্ত্তমান কেৱল ডাঙৰ ডাঙৰ চহৰতেই নহয়, সৰু সৰু নগৰ সমূহতো বিউটি পাৰ্লাৰ গঢ় লৈ উঠিছে । এনে ক্ষেত্ৰত এচাম লোকে জীৱিকা পথ প্ৰশষ্ট কৰাৰ উপৰিও সময় আৰু সমল হাততে নোপোৱা সকলৰ বাবে সুবিধা হৈছে । অৱশ্যে মাজে মাজে দুই এটা অবৈধ ঘটনা নঘটা নহয় । কিছুমান অসাধু লোকৰ দ্বাৰা সৃষ্ট এনে ঋণাত্মক দিশবোৰ পৰিহাৰ কৰিলে বিউটি পাৰ্লাৰ সমূহ এসময়ত আৰু বেছি লাভজনক ব্যৱসায় হব । গতিকে নিৱনুৱা সংস্থাপনৰ ক্ষেত্ৰত বিউটি পাৰ্লাৰ সমূহ আৰ্শীবাদ স্বৰুপ ।

No comments:

Post a Comment

নদীৰ পানী ক’ৰ পৰা আহে?

এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে?  আচলতে নদী নিজে...