Sunday, 21 August 2016

স্বাধীনতা আৰ্তনাদ


পোনাকনে দোকমোকালিতে দূৰভাষে জনালে

সি বোলে এই কেইদিন কলৈকো নাযায়

হাতত বুৰুজ ডাল লৈ

নাযায় তাৰ পেইন্টিং পাঠলৈ

মন যোৱা নাই তাৰ

বুকুত চাপ বান্ধি ত্ৰিৰংগাত ৰং বোলাবলৈ

গীতাৰত তাৰ সৰু সৰু আঙুলি বোলাই

আপোন গীতটি গাবলৈ ধৰিলেই

তাৰ উশাহবোৰ চুটি চুটি হৈ যায়

হেৰাই যায় তাল মান

কেকুৰিৰ চুকৰ পথাৰ খনত

ত্ৰিৰংগৰ চিলা উৰুৱাবলৈ তাৰ অকণো হেপাঁহ নাই

জানোছা ত্ৰিৰংগখন অচিনাকি বতাহে লৈ যায়

আলিৰ সিমূৰৰ পুখুৰীত সাতুৰি নাদুৰি

শৈশৱৰ অলিম্পিক জয়ৰ সপোনো দেখা নাই সি

তাৰ লগৰীয়া হেৰুৱাৰ স্মৃতি

আজিও মাৰ যোৱা নাই


এতিয়া স্বাধীনতা দিৱসৰ বতৰ

বেৰাৰ ভিতৰত নিৰৱে নিতালে থকাৰ বতৰ



বাপেকৰ বুকুৱেদি এডাল তৃষাৰ জোং সৰকি যায়

সি বাৰু কিবা বুজি উঠিছে নেকি

সুধিব নেকি স্বাধীনতা মানে কি

আকৌ কবনেকি পুৱাতে

ঘৰলৈ আহা ওভতি



কেনেকৈ কব তাক

তমখা তমখা মনত ত্ৰিৰংগৰ ৰং সানিবলৈ

ভয় নাই শংকা নাই

কেনেকৈ বুজাই কব তাক

এইয়া যে আমাৰ বীৰ বীৰঙ্গনাই

তেজ দি প্ৰাণ দি

আজুৰি অনা আমাৰ সত্তা

আমাৰ স্বাধীনতা

আমাৰ মাটি আমাৰ অধিকাৰৰ কথা

কেনেকৈ ক

স্বাধীনতাৰ আৰৰ পৰাধীনতাৰ কথা

সমূখত দপ্ দপ্ কৈ জ্বলি থকা

বুকুত হাহাকাৰৰ জুইকুৰাৰ কথা



কিছু সময় মৌন হৈ যায়

উত্তৰৰ মজতো উত্তৰৰ অভাৱ



এই দেশৰ নিমখ খাইছো

এই দেশৰ বতাহ খাইছো

যাবই লাগিব ত্ৰিৰংগ উৰাবলৈ

ত্ৰিৰংগই বতাহত উৰি উৰি নচা চাবলৈ

দুভৰি চাপধান কৰি

অন্তৰাত্মাক জগাই তুলি

গাবই লাগিব আপোন সঙ্গীতটি

শুনি পাব লাগিব সেই শ্বহীদৰ চিঞৰ

জয় হিন্দ জয় হিন্দ

শুনি পাব লাগিব

বন্দে মাতৰম বন্দে মাতৰম



কেনেকৈ কব তাক

সোনকালে উভতিম বুলি



অহাৰ বাট যিমান মসৃণ

উভতাৰ বাট সিমানেই কঠিন



তথাপি চিঞৰি চিঞৰি ক

জয় হিন্দ জয় হিন্দ

চিঞৰি চিঞৰি ক

বন্দে মাতৰম বন্দে মাতৰম

-----------সকলোলৈ স্বাধীনতা দিৱসৰ ওলগ জনাই

            জয়ন্ত  সোণোৱাল তাং- ১৪/০৮/২০১৬


No comments:

Post a Comment

চাকৰি খবৰ

Banking and Insurance Jobs 1. Punjab National Bank (PNB) ত ৫৪৫ টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰে ৮৫ টা পদ অসমৰ বাবে । ...