Sunday, 21 August 2016

স্বাধীনতা আৰ্তনাদ

পোনাকনে দোকমোকালিতে দূৰভাষে জনালে

সি বোলে এই কেইদিন কলৈকো নাযায়,

হাতত বুৰুজ ডাল লৈ,

নাযায় তাৰ পেইন্টিং পাঠলৈ,

মন যোৱা নাই তাৰ।

বুকুত চাপ বান্ধি ত্ৰিৰংগাত ৰং বোলাবলৈ,

গীতাৰত তাৰ সৰু সৰু আঙুলি বোলাই,

আপোন গীতটি গাবলৈ ধৰিলেই,

তাৰ উশাহবোৰ চুটি চুটি হৈ যায়,

হেৰাই যায় তাল মান।

কেকুৰিৰ চুকৰ পথাৰ খনত,

ত্ৰিৰংগৰ চিলা উৰুৱাবলৈ তাৰ অকণো হেপাঁহ নাই।

জানোছা ত্ৰিৰংগখন অচিনাকি বতাহে লৈ যায়।

আলিৰ সিমূৰৰ পুখুৰীত সাতুৰি নাদুৰি,

শৈশৱৰ অলিম্পিক জয়ৰ সপোনো দেখা নাই সি।

তাৰ লগৰীয়া হেৰুৱাৰ স্মৃতি,

আজিও মাৰ যোৱা নাই।

 

এতিয়া স্বাধীনতা দিৱসৰ বতৰ,

বেৰাৰ ভিতৰত নিৰৱে নিতালে থকাৰ বতৰ।

 

বাপেকৰ বুকুৱেদি এডাল তৃষাৰ জোং সৰকি যায়।

 

সি বাৰু কিবা বুজি উঠিছে নেকি,

সুধিব নেকি স্বাধীনতা মানে কি,

আকৌ কবনেকি পুৱাতে,

ঘৰলৈ আহা ওভতি।

 

কেনেকৈ কব তাক

তমখা তমখা মনত ত্ৰিৰংগৰ ৰং সানিবলৈ।

ভয় নাই শংকা নাই,

কেনেকৈ বুজাই কব তাক।

এইয়া যে আমাৰ বীৰ বীৰঙ্গনাই,

তেজ দি প্ৰাণ দি,

আজুৰি অনা আমাৰ সত্ত্বা।

আমাৰ স্বাধীনতা।

আমাৰ মাটি আমাৰ অধিকাৰৰ কথা,

কেনেকৈ কব,

স্বাধীনতাৰ আৰৰ পৰাধীনতাৰ কথা।

 

সমূখত দপ্ দপ্ কৈ জ্বলি থকা,

বুকুত হাহাকাৰৰ জুইকুৰাৰ কথা।

 

কিছু সময় মৌন হৈ যায়,

উত্তৰৰ মজতো উত্তৰৰ অভাৱ।

 

এই দেশৰ নিমখ খাইছো,

এই দেশৰ বতাহ খাইছো,

যাবই লাগিব ত্ৰিৰংগ উৰাবলৈ।

ত্ৰিৰংগই বতাহত উৰি উৰি নচা চাবলৈ,

দুভৰি চাপধান কৰি,

অন্তৰাত্মাক জগাই তুলি,

গাবই লাগিব আপোন সঙ্গীতটি।

 

শুনি পাব লাগিব সেই শ্বহীদৰ চিঞৰ

জয় হিন্দ জয় হিন্দ।

শুনি পাব লাগিব,

বন্দে মাতৰম বন্দে মাতৰম।

কেনেকৈ কব তাক,

সোনকালে উভতিম বুলি।

 

যোৱাৰ বাট যিমান মসৃণ,

উভতাৰ বাট সিমানেই কঠিন।

 

তথাপি চিঞৰি চিঞৰি ক

জয় হিন্দ জয় হিন্দ।

চিঞৰি চিঞৰি কম,

বন্দে মাতৰম বন্দে মাতৰম 

 

-----------সকলোলৈ স্বাধীনতা দিৱসৰ ওলগ জনাই

                জয়ন্ত  সোনোৱাল তাং- ১৪/০৮/২০১৬

No comments:

Post a Comment

What would be the ploidy of the cells of the tetrad?

The cells of a tetrad (formed during microsporogenesis in the anther) are haploid (n). Explanation: A diploid microspore mother cell (MMC, 2...