Sunday, 28 August 2016

মোৰ স্বপ্নৰ অসম

অসমৰ মাটি, পানী আৰু বায়ু লৈয়ে জন্ম লৈছো, ডাঙৰ হৈছো আৰু অসমতেই জীৱনৰ শেষ নি:শ্বাস ল'ম । আই অসমীৰ বিনন্দীয়া ৰূপ বাদ দি মোৰ জীৱনৰ লেখ আকিব নোৱাৰো । জন্মৰে পৰা যিখন অসম দেখি আহিছো সেইখন অসম আৰু আগুৱাই সদায়ে সুজলা সুফলা জাতিষ্কাৰ হৈ থকাটো বিচাৰো । আই অসমীৰ বুকুত যেতিয়া দৈত্য দানৱে মানুহৰ তেজেৰে ফাকুঁ খেলি দানৱীয় তৃপ্তি লভে, নীৰিহ লোকৰ, অবুজ শিশু, আই মাতৃৰ মৃত্যু হয়, তেতিয়া মই নীৰৱে কান্দো । এই কান্দোন অসমৰ সকলো হৃদয়ৰ পৰা নোহোৱা হওক । কান্দোন সৃষ্টিকাৰী সেই সকলৰ শ্ৰীঘ্ৰে নি:শেষ হোৱাটো অন্তৰৰ পৰা কামনা কৰো । পলয়ংকাৰী বানপানীয়ে বছৰে বছৰে আমাক জুৰুলা কৰি কামিহাড় ভাঙি থৈ যায় । সাৰুৱা মাটিডৰা নদীৰ বুকুত জাহ যায় । নৈ পৰীয়া আমাৰ বুকুৰ আপোন ভাই ককাইহঁতৰ পথাৰ, ঘৰ-বাৰী, গৰু, ম’হ, হাঁহ, কুকুৰাকে ধৰি, যাক লৈ আমি জীয়াই আছো সেই শেষ সম্বলখিনিও বানে উটুৱাই লৈ যায় । তাৰ পৰা আমাক স্থায়ী পৰিত্ৰাণ লাগে, বান প্ৰতিহত হ'ব লাগে । কোনো শিশুৱে যাতে এডোখৰ কাপোৰ আৰু এমুঠি ভাতৰ বাবে স্কুল এৰি ক'ৰবাত দিন মজুৰি কৰি জীয়াই থাকিব লগা নহয় তাৰ স্থায়ী সমাধান হ'ব লাগে । প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ শৈক্ষিক উত্তৰণৰ লগতে প্ৰকৃত মানবীয় প্ৰমূল্যবোধৰ শিক্ষাৰে নিজৰ লগতে আমাৰ সমাজখন সমৃদ্ধিশালী কৰি তুলিব লাগে । জাতি, ধৰ্ম, ধনী, দুখীয়া, উচ্চ-নীচ্ আদিৰ প্ৰভেদবোৰ পাহৰি অসমৰ প্ৰতিজন বাসিন্দাই অসমখনক দেশৰ ভিতৰতে এক মানবীয় প্ৰমূল্যবোধেৰে ভৰা ব্যাধিমুক্ত ৰাজ্য কৰি তোলাৰ পণ ল'ব লাগে । অন্ধবিশ্বাস, অস্পৃশ, কু-সংষ্কাৰবোৰ আতৰি নিজৰ ঐতিহ্য আৰু ঐৰ্শ্বয্যক সন্মান জনাই আমাৰ সাতামপুৰুষীয়া অসমীয়া সমাজখন পুনৰ গঢ়ি তুলিব লাগে। ক্ষমতাকেন্দ্ৰিক ৰাজনীতি বিলোপ ঘটাই ৰাজনীতি কৰা প্ৰতিজন লোকে যুগ যুগান্তৰ বাবে এখন সমৃদ্ধিশালী অসম গঢ়ি থৈ যাওক । সামাজিক ব্যাধিৰূপে গা কৰি উঠা সকলো স্তৰৰ দুৰ্নীতি অসমৰ পৰা চিৰকাললৈ নোহোৱা হওক আৰু এনে ক্ষেত্ৰত কোনো অসমীয়াই জড়িত থকাটো নিবিচাৰো । অসমীয়াই অসমীয়াৰ বাবে দুহাত মেলি অসমৰ বাবে একেলগে কাম কৰিব লাগে যাতে নৱপ্ৰজন্মৰ হাতত ৰৈ যায় এখন স্বচ্ছ আৰু বিকাশমূখী অসম । আমাৰ মাতৃ ভাষা অসমীয়াই শিক্ষানুষ্ঠান, চৰকাৰী বেচৰকাৰী কাৰ্য্যালয়, প'ষ্টাৰ বেনাৰ, ফলক আদি সকলোতে ঠাই পোৱাৰ উপৰিও প্ৰতিজন অসমৰ বাসীন্দাৰ হূদয়ৰ মণিকোঠাত স্থান লওক । যৌতুক, নাৰী হত্যা, অপসৰণ, চোৰ দকাইতিৰ দৰে সামাজৰ দুৰ্গন্ধময় পৰিৱেশবোৰ সোনকালে নিকা হ'ব লাগে । বিদ্যুৎ, যাতায়ত, ম’বাইল নেটৱৰ্ক আদি সকলো ৰাজ্যখনৰ চোকে কোণে সমভাৱে উপলব্ধ হৈ প্ৰগতিৰ নতুন ধাৰা উন্মোচিত হওক । নাৰ্য্য প্ৰাপ্তীৰ বাবে আৱেগৰ বশৱতী হৈ ভৱিষ্যত অন্ধকাৰ পথে আগুৱাই নিব খোজা আন্দোলনবোৰ বন্ধ হ'বই লাগিব আমাৰ সপোনৰ অসমখনত । বয়োজেষ্ঠ সকলো নাগৰিকে উচিত মান সহকাৰে জীয়াই থকাৰ অধিকাৰ যাতে কেতিয়াও বিনষ্ট নহয় সেয়া প্ৰতিজন অসমীয়াই হৃদয়ঙ্গম কৰা উচিত । আশা কৰো মোৰ সপোনৰ অসমখনত এদিন এইবোৰেই হ’ব ।

No comments:

Post a Comment

Roles of Scientific nomenclature

  Describing and publishing a new plant species follows the rules of the (ICN) . Taxonomists must follow a formal scientific process so th...