“এটা সময় আছিল, চৰকাৰী কৰ্মচাৰীয়ে ৪-৫
মাহলৈ দৰমহা নাপাইছিল, কথাটো ভাৱিলে ভয় লাগি যায় । এতিয়া মাহৰ শেষ হওঁতেই বেংকৰ
একাউন্টত দৰমহা আহি যায়” ।
এই কেইদিনত হয়তো আপুনি কেইটামান টেলিভিশ্বন্
চেনেলত দিনটোত প্ৰায় ১০০ বাৰকৈ ওপৰৰ বিজ্ঞাপনটো দেখিছে বা শুনিছে । আপুনি যদি
চৰকাৰী চাকৰিয়াল নহয়, হয়তো ভাৱিছে সঁচাকৈ চাকৰি এটা থকা হলে কোনো চিন্তা নোহোৱাকৈ
চলিব পাৰিলোহেঁতেন, হয়তো ভাৱিছে চাকৰিয়াল সকলৰ জীৱনটো বৰ আৰম্বৰপূৰ্ণ । কিন্তু
আপোনাৰ ধাৰণা কিমান সঁচা শুনিলে আচৰিত নহৈ নোৱাৰিব । চাকৰিয়াল সকলে কৰ্ম কৰি মাহৰ
শেষত পোৱা দৰমহা কেইটা যদি এখন চৰকাৰে বিজ্ঞাপন দি জনাব লগীয়া হয়, তেনে এখন চৰকাৰৰ
ভাৱমূৰ্তি, দক্ষতা বা সাধাৰণ জনতাৰ ওপৰত ভূমিকা কি হব । এইয়া যেন চৰকাৰখনে
কৰ্মচাৰী সকলৰ ওপৰত নিদিবলগীয়া অতিৰিক্ত ধনহে দিছে ! যি কি নহওক, বিজ্ঞাপনটো
আংশিকভাৱে সঁচা হলেও বিজ্ঞাপনটোৰে ৰাইজক চৰকাৰখনৰ অন্য কিবা ব্যৰ্থতাৰ ঢাকিবলৈ কৰা
প্ৰয়াস যেনহে লাগে । কিন্তু বিজ্ঞাপনটোত আজি ৮-১০ মাহ ধৰি দৰমহা উলিয়াই দিব নোৱাৰা
এচাম স্কুল - কলেজ শিক্ষকৰ বিলৈ এবাৰ সংযোগ কৰি দিয়া হলে চৰকাৰখনে যে মিছাৰ আশ্ৰয়
লোৱা নাই সেইটো সকলোৰে জ্ঞাত হলহেঁতেন ।
অসম চৰকাৰৰ চাকৰি মানেই কৰ্ট-কাছাৰীৰৰ হাজাৰ পয়মাল
। বহু বছৰ ধৰি বন্ধ হৈ থকা স্কুল -কলেজ শিক্ষকৰ পদ সমূহ মুকলি কৰা হৈছিল । বহু
মেধাৱী প্ৰাৰ্থীয়ে চাকৰিত যোগদান কৰিবলৈ চেষ্টা কৰিছিল যদিও চৰকাৰখনৰ দূৰদৰ্শীহীনতা
আৰু অপৰিপক্কতাৰ বাবেই আকৌ কলেজ শিক্ষকৰ নিযুক্তি বন্ধ কৰি ৰাখিব লগা হৈছে । ইয়াৰ
মাজতে যিকেইজন প্ৰাৰ্থীয়ে কলেজৰ পৰা অতি
স্বচ্ছ-ভাৱে নিৰ্ব্বাচিত হৈয়ো, তাৰ পাছত শিক্ষা সঞ্চালয়কৰ কাৰ্য্যালয়ৰ এচাম
বিষয়া-কৰ্মচাৰীৰ কু-কৰ্ম বাবে নিৰ্দ্ধাৰিত সময়ত কলেজত যোগদান কৰা সুবিধা নাপায় ।
এই মেৰপাকত সোমাব নিবিচৰা বা সঞ্চালয়কৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে বিচৰা ধৰণে
সন্তুষ্ট কৰিব নোৱাৰা বাবে বহু মেধা প্ৰাথীয়ে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা, মিজুৰাম
আদি ৰাজ্যত নিযুক্তি পায় গুচি যোৱা অনেক উদাহৰণ আছে । অতি পৰিতাপৰ কথা যে ইমানবোৰ
বেঁকাবেকি বাটেৰে আহি চাকৰিত যোগদান কৰাৰ পাছত আকৌ মাহেকীয়া দৰমহাকেইটাৰ বাবে ৮-১০
মাহ পৰ্য্যন্ত অপেক্ষা কৰিব লগা হয় বা শিক্ষকে পাঠদানৰ পৰা বিৰত থাকি পেটৰ ভোকৰ
তাড়নাত ডি.পি.য়াই বা সচিবালয়ৰ উচ্চ শিক্ষা আৰু অৰ্থ বিভাগত গৈ তাত-বাজি কৰিব লগা
হয় ।
ইমানবোৰ অনিয়ম-বেমেজালিৰে কোনোৰকমে চলি থকা
চৰকাৰখনে মিছা বিজ্ঞাপনবোৰ ৰাইজৰ আগত দাঙি ধৰাতো প্ৰাসঙ্গিক বুলেই কব পাৰি কিয়নো
বজাৰত যেতিয়া কোনো বস্তুৰ চাহিদা কমি যায় তাক গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিজ্ঞাপনৰ
দৰকাৰ হয় । বৰ্ত্তমান চৰকাৰ খন ইয়াৰ ব্যক্তিক্ৰম নহয় । সঁচা কথাতো এয়ে যে যোৱা
বছৰৰ জুলাই-আগষ্ট মাহতে বহু আশালৈ কলেজত যোগদান কৰা বহু শিক্ষকে আজিলৈকে দৰমহাৰ
মূখ দেখা নাই । যুক্তিহীনভাৱে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই মাহৰ পাছত মাহ
ইচ্ছাঅনুসৰি কাৰোবাৰ টেবুলত ফাইল পেলাই থৈ দিয়াটো যেন পৰম্পৰাগত নিয়মত পৰিণত হৈছে
। বিষয়া-কৰ্মচাৰীৰ এনে অসত্ প্ৰবৃতিবোৰ সময়ে সময়ে ফাদিল হোৱাৰ পাছতো ৰাইজ আশ্বস্ত
হব পৰাকৈ আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল । এজন শিক্ষকে সৰ্ম্পূণ
বৈধভাৱে চাকৰিত যোগদান কৰা পাছতো চৰকাৰৰ গাফিলতিৰ বাবে প্ৰাপ্য পাৰিশ্ৰমিকৰ(বেতন!)
পৰা অনৰ্থক ভাৱে কেইবামাহো বঞ্চিত হব লগা হয় ।
এখন দায়িত্বশীল চৰকাৰে শিক্ষাৰ দায়িত্ব বুজিব লাগে
আৰু শিক্ষাৰে সমাজখন আগুৱাই নিব খোজা চৰকাৰে কোনো দ্ধিধাবোধ নোহোৱাকৈ সকলো সমস্যাৰ
লগতে শিক্ষা বিভাগৰ সমস্যা বোৰো সময়মতে সমাধান কৰিব লাগে, যিটো লক্ষণ আজিলৈকে অসমৰ
কোনো এখন চৰকাৰে কৰা দেখা নগল বা কৰিব নিবিছাৰিলে । যেতিয়া শিক্ষকসকল নিজেই আৰ্থিক,
মানসিক আৰু সামাজিক ভাৱে সুস্থিৰ নহয়, তেন্তে কেনেকৈ দেশৰ মানৱ সম্পদ গঢ় দিব
পাৰিব । এনে শিক্ষকে কি উচ্ছাহত শিক্ষাদান
কৰিব পাৰিব । এফালে সমাজে দিয়া উচ্চ সন্মান আনফালে মনৰ মাজত চলি থকা সংকটৰ ধুমূহা
।
অসমত
এখন অতি কাৰ্য্যক্ষম চৰকাৰৰ দৰকাৰ হৈছে । অসম আগুৱাই যাবলৈ চৰকাৰী যন্ত্ৰটোৰ আমূল
পৰিৰ্বতন কৰিবই লাগিব । সকলো কামৰে একোটা নিদ্ধাৰিত সময় থকাতো অতিকে দৰকাৰ আৰু সময়
মতে কাম শেষ কৰিব নোৱাৰা বিষয়া-কৰ্মচাৰীৰ ওপৰত বিধিগত ব্যৱস্থা লোৱাটো জৰুৰী হৈ
পৰিছে । নহলে অসম সকলো ফালৰ পৰা বহুদূৰ পিছুৱাই ৰব ।
জয়ন্ত সোণোৱাল
No comments:
Post a Comment