Monday, 28 March 2016

মিজু খেতিয়কসকল আত্মবিশ্বাসী হৈ উঠিছে
মিজুৰামত ১৯৬৫ চনতে চৰকাৰীভাৱে ৰবৰ খেতিৰ আৰম্ভ হৈছিল সেই অনুপাতে মিজুৰামত ৰবৰ খেতিৰ প্ৰসাৰ উত্তৰ পূৰ্ৱৰ অন্য ৰাজ্যৰ তুলনাত তেনেই কম যিটো সময়ত উত্তৰ পূৱাঞ্চলৰে এখন ৰাজ্য ত্ৰিপুৰাই প্ৰায় ৬৪৪৮০ হেক্টৰ মাটিত ৰবৰ খেতি কৰি কেৰালাৰ পাছতে ৰাষ্টীয় পৰ্য্যায়ত দিত্বীয় স্থানেৰে গৌৰৱ কঢ়িয়াই অনাৰ লগতে অৰ্থনৈতিকভাৱে সবল হৈ পৰিছে সেই সময়ত মিজুৰামৰ দৰে প্ৰচুৰ সম্ভাৱনা থকা ৰাজ্যখনত আজিৰ দিনটোত কেৱল ১৪০০ হেক্টৰ মান মাটিতহে ৰবৰ খেতিৰ ৰোপণ কৰা হৈছে চৰকাৰী তথ্যমতে মিজুৰামৰ ৫০০০০ হেক্টৰতৈ অধিক মাটি ৰবৰ খেতিৰ বাবে উপযোগী, কিন্তু আজিৰ দিনটোলৈ মাত্ৰ ০২.৮৩% উপযোগী মাটিতহে ৰবৰ খেতি কৰা হৈছে মিজুৰাম চৰকাৰে ৰাজ্যখনত ৰবৰ খেতিৰ সম্প্ৰসাৰণৰ কাৰণে ২০০৯ চনৰ পৰা উল্লেখযোগ্য ভুমিকা পালন কৰি আহিছে ইয়াৰ বাবে ক্ষুদ্ৰ খেতিয়ক সকলক চৰকাৰৰ ফালৰ পৰা ৰবৰৰ পুলি যোগান ধৰাৰ উপৰিও বাগান খনৰ যাবতীয় আনুসাঙ্গিক খৰচৰ বাবে অৰ্থনৈতিকভাৱে সহায় কৰি আহিছে কিন্তু ইমানখিনি চৰকাৰী সাৰ্হায্য পোৱাৰ পাছতো মিজুৰামত কিয় ৰবৰৰ খেতি আশা কৰা ধৰণেৰে প্ৰসাৰ হোৱা নাই ?
২০১১ চনৰ পৰা মিজুৰামত কাম কৰা সুবিধা পাইছো অপ্ৰিয় হলেও সত্য যে মিজুৰামত আমাৰ দৰে যিকোনো সম্প্ৰসাৰণৰ কাম কৰাটো যথেষ্ট কষ্টকৰ ভৌগোলিক অবয়ৱৰ লগতে যাতায়তৰ সু-ব্যৱস্থা নথকাহেতু সকলো ঠাইলৈ প্ৰয়োজনীয় সময়ত গৈ পোৱাটো অসম্ভৱ বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে বেছিভাগ সময়তে প্ৰায়বোৰ ঘাইপথউপপথ বন্ধ হৈ পৰাৰ উপক্ৰম হয় সেইবাবে যথাসময়ত খেতিয়ক সকলৰ কাষ চাপি খেতিৰ দিহা-পৰাৰ্মশ দিয়াটো সম্ভৱ হৈ নুথে কিন্তু খেতিয়কৰ সহযোগ আৰু কাম কৰাৰ আগ্ৰহ থাকিলে যিকোনো পৰিস্থিতিৰ সন্মুখীন হলেও তাক আওকান কৰিব পাৰি ঠিক এনে এটা পৰিস্থিতিতে বৰ্তমানলৈ কাম কৰি থকা হৈছে ইয়াৰ উপৰিও বেছিভাগ খেতিয়কৰ মাজত ৰবৰ খেতিৰ প্ৰতি থকা অবিশ্বাস অথবা ইয়াৰ পৰা ভৱিষ্যতে কেনেধৰণৰ লাভালাভ হব, এনেধৰণৰ অলেখ ধাৰণাই জুমুৰি আছে
ইয়াৰ মাজতে বৰ্তমান বহু খেতিয়কে আত্মবিশ্বাসেৰে ৰবৰ খেতি কৰি উতপাদনৰ দুৱাৰদলিত ভৰি থৈছেহি   ইয়াৰ ভিতৰত কলাছিৱ (Kolasib)জিলাৰ পৰা ২৮০ কিঃ মিঃ নিলগৰ লুংলে (Lunglei) জিলাৰ পুঃ কলজিকাৰ কথা সাউত্কৈ মনলৈ আহিল ২০০৯ চনত ৰোপণ কৰা ৰবৰ এতিয়া উত্পাদনৰ সময় পালেহি ইয়াৰ উপৰিও তেখেতৰ বাগানৰ ওচৰে পাজৰে আৰু কেইবাখনো বাগান পৈণত হৈ পৰিছে পুঃ কলজিকা কেৱল ৰবৰ খেতিয়কে নহয় সেই ঠাইৰ ৰবৰ খেতিয়কসকলৰ স্থানীয় পৰাৰ্মশদাতাও লুংলে জিলাত ৰবৰ খেতিৰ বিস্তাৰণত তেখেতৰো অৰিহণা উল্লেখযোগ্য ৰবৰ বৰ্ডৰ যিকোনো ব্যক্তি লুংলেলৈ (Lunglei)গলে নিঃৰ্স্বাথভাৱে অতিথি আৰ্প্যায়ণ কৰাটো যেন তেখেতৰ অৰ্ঘোষিত দায়িত্ব এনেলোকৰ স্নেহ আৰু আদৰে উখ উখ টিলা বগাই ভাগৰি পৰা দূখ-যান্ত্ৰণাবোৰ পাহৰাই দিয়ে ইয়াৰ উপৰিও কলাছিৱ জিলাৰ হৰৰ্টকি (Hortoki), খামৰাং (Khamrang), বুচাংফাই (Buchangphai), মেইদম (Maidum) আদি ঠাইত খেতিয়কে ইতিমধ্যে উতপাদনৰ আনন্দ উপভোগ কৰিছে উল্লেখযোগ্যভাৱে কব পাৰি যে মিজুৰামৰ কিছুমান ঠাই যেনেখামৰাং, হৰ্টকি, কানহমুন (Kanhmun), বৰাই (Bawrai), জল্নুৱাম (Zawlnuam), লেংপুই (Lengpui), ৰাংগতে (Rangte), টুইৰিয়েল (Tuirial) আদি ঠাইত অতি সন্তোষজনকভাৱে ৰবৰ গছৰ বৃদ্ধি দেখা পোৱা গৈছে এই কথাবোৰ বিভিন্ন সভা, কমৰ্শালাত আদিত খেতিয়ক সকলক মনাকৃষ্ট আৰু আত্মবিশ্বাস সবল কৰি তুলিবলৈ বৰ্ণনা কৰা হৈছে
মিজুৰামত ৰবৰ খেতিৰ অনবিস্তাৰৰ অন্যতম কাৰণ হৈছে ৰবৰৰ পুলিৰ অভাৱ আজিলৈকে মিজুৰামত খেতিয়ক সকলৰ এক শতাংশ অভাৱ পূৰণ কৰিব পৰাকৈ ৰবৰৰ নাৰ্ছাৰি গঢ়ি উঠা নাই চৰকাৰীভাৱে কলাছিৱ জিলাৰ ভাইৰেংটে(Vairengte) নামৰ ঠাইটুকুৰাত গঢ়ি তুলা হৈছে যদিও উপযুক্ত আঁচনি নথকাহেতু সেয়াও নামমাত্ৰ মাঁথো ৰবৰ খেতিয়ক সকলে ৰবৰৰ পুলিৰ বাবে সম্পূণভাৱে বহিঃৰাজ্য ওপৰত নিভৰ কৰিব লগা হয় ইয়াৰ ভিতৰত ৯০% ত্ৰিপূৰাৰ পৰা অনা হয় বাকী ১০% অসম তথা মণিপূৰৰ জিৰিবাম নামৰ ঠাইৰ পৰা অনা হয় তৰোপৰি গুণগত মানদণ্ড কথা নকলোৱেবা
যি কি নহওক মিজুৰামত ৰবৰৰ খেতিৰ যাত্ৰা সফল হবলৈ প্ৰথমে নিজৰ মাটিত খেতিয়কৰ অভাৱ পূৰণ কৰিব পৰাকৈ পুলি নাৰ্ছাৰি কৰিব লাগিব চৰকাৰে বৃহত বৃহত চকুত লগা আঁচনি তৈয়াৰ কৰি সময় আৰু ধন অপচয় কৰাতকৈ উপযুক্ত কাৰিকৰী জ্ঞান লৈ সংবৰ্দ্ধভাৱে কৃষকসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ দি খেতিয়ক সকলক সাৰ্হায্য প্ৰদান কৰিলে বেছি ফলপ্ৰচু হব
বৰ্ত্তমান সময়ত ৰবৰ মিজুৰামৰ বহুল চৰ্চিত খেতি যেনিয়ে যাঁও ৰবৰৰ বিষয়ে আলচ কৰা শুনো খেতিয়ক সকলে বুজি উঠিছে যে পৰম্পৰাগতভাৱে কৰি অহা ঝুম খেতি আৰু বেছি দিনলৈ কৰিব পৰা নাযাব দিনক দিনে বাঢ়ি অহা জনসংখ্যা আৰু পাৰিপাশ্বিকতাৰ পৰিৱৰ্তনৰ বাবে ঝুম খেতি কৰা মাটিৰ পৰিসৰ কমি আহিছে সেইবাবে সৰবৰাহী ব্যক্তি সকলে ৰবৰৰ খেতিৰ দিশে ধাৱমান হৈছে তৰোপৰি মিজুৰামৰ পাৰিপাশ্বিকতাত অস্থায়ী ঝুম খেতিৰ বিকল্প হিচাপে স্থায়ী খেতি ৰবৰয়েই উৰ্ত্তম হব আশা কৰিছো অতি সোনকালে মিজুৰামৰ ৰবৰ উপযোগী মাটিবোৰ ৰবৰ গছেৰে সেউজীয়া বসন পিন্ধাৱ গাৱৰ দুখীয়া আৰু কৰ্মোউদ্যম খেতিয়কসকলে প্ৰাকৃতিক ৰবৰৰ ক্ষেত্ৰখনত হোৱা অভাৱ পূৰণত অন্য ৰাজ্যৰ দৰে আগভাগ লব
জয়ন্ত সোণোৱাল

No comments:

Post a Comment

Role of Climate in Soil Development

Climate plays a pivotal role in the formation and development of soil. It influences various soil properties and processes through key clima...