জন্মৰ লগে লগেই মানুহৰ জীৱনত আৰম্ভ হয় আন এক নীৰৱ যাত্ৰা— সেয়া মৃত্যু। অথাৎ যাৰ জন্ম হয় তেওঁ লগত লৈ আহে মৃত্যু। এই সত্যক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কোনেও পৰাস্ত কৰিব পৰা নাই আজিলৈকে। পৃথিৱীৰ সকলো শক্তি, বিজ্ঞান-প্ৰযুক্তি, ধন-সম্পত্তি আৰু ঐশ্বৰ্যও এই একমাত্ৰ সত্যৰ আগত অসহায়। মৃত্যু মানেই নহয় জীৱনৰ অন্ত, ই জীৱনৰ পূৰ্ণতাহে; সৃষ্টিৰ এক কঠোৰ নিয়ম।
এই যাত্ৰাৰ বাবে কোনো আয়োজন নাথাকে। কাৰো পৰা নাহে নিমন্ত্ৰণ পত্ৰ, বা জনোৱা নহয় আগতিয়াকৈ ইয়াৰ বাবে দিন-ক্ষণ। এই যাত্ৰাৰ বাবে নালাগে প্ৰথম শ্ৰেণীৰ বিলাসী আসন, নালাগে বিলাসী সামগ্ৰী, নালাগে অট্টালিকা বা অসীম ধন-সম্পদ। যি মুহূৰ্তত সেই আহ্বান আহে, তেতিয়া সকলো এৰি, সকলো ত্যাগ কৰি, অনিচ্ছাসত্ত্বেও অকলেই ওলাই যাবই লাগিব। সেই ক্ষণত হাতত ধৰি ৰখা আপোনজনৰ হাত এৰি যায়, বুকুত সাঁচি ৰখা মৰম-ভালপোৱাও স্মৃতিত পৰিণত হয়। ক্ষমতা, প্ৰতিপত্তি, অহংকাৰ, সন্মান—সকলো পৃথিৱীতেই ৰৈ যায়। লগত যায় কেৱল কৰ্মৰ চানেকি আৰু মানুহৰ হৃদয়ত কিছু স্মৃতি, ভাল বা বেয়াৰ।
সেইবাবেই জীৱন কেৱল জীয়াই থকাৰ নাম নহয়; জীৱন হৈছে কেনেকৈ জীয়াই থাকিলোঁ তাৰ নাম। আমি কিমান ধন সঞ্চয় কৰিলোঁ, কিমান ডাঙৰ ঘৰ সাজিলোঁ বা কিমান উচ্চ আসনত বহিলোঁ—মৃত্যুৱে তাৰ কোনো হিচাপ নলয়। মৃত্যুৱে কেৱল নীৰৱে সুধে—তুমি কিমানজনৰ মুখত হাঁহি বোৱাইছিলা? কিমানজনৰ দুখ ভাগ কৰি লৈছিলা? তোমাৰ উপস্থিতিয়ে পৃথিৱীখন অলপ হ'লেও সুন্দৰ কৰিছিলনে?
জীৱনক মহৎ কৰি তুলিবলৈ ডাঙৰ কামৰ প্ৰয়োজন নহয়। এটা সঁচা হাঁহি, আন্তৰিক মাত-কথা, বিপদত আগবঢ়োৱা এখন সহায়ৰ হাত, কষ্টত থকা এজন মানুহৰ কাষত থিয় হৈ দিয়া এধানি সাহস—এইবোৰেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ সঞ্চয়। মানুহৰ মাজত এজন সঁচা মানুহ হৈ জীয়াই থকাটোৱেই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। অহংকাৰবিহীন মন, বিনয়ী ব্যৱহাৰ, ক্ষমা কৰাৰ মহানুভৱতা আৰু নিঃস্বাৰ্থ সেৱাৰ মানসিকতাই মানুহক মৃত্যুৰ পিছতো অমৰ কৰি ৰাখে।
প্ৰকৃতিয়ে আমাক প্ৰতিদিনে এই শিক্ষাই দিয়ে। গছ এজোপাই নিজৰ ফল নিজে নাখায়, নদীয়ে নিজৰ পানী নিজে নাখায়, সূৰ্যই নিজৰ বাবে পোহৰ নিদিয়ে। সিহঁতৰ অস্তিত্ব আনৰ কল্যাণৰ বাবে। মানুহৰ জীৱনো তেনেকুৱাই হ'ব লাগে। যিমান দিন জীয়াই থাকোঁ, সিমান দিন আনৰ জীৱনত অলপ হ'লেও পোহৰ বিলাব পাৰিলেই জীৱন সাৰ্থক।
মৃত্যুৰ ভয় কেৱল তেওঁলোকৰ মনত বেছি, যিসকলে জীৱনক কেৱল নিজৰ বাবেই জীয়াই থাকে। কিন্তু যিসকলে মানুহৰ হৃদয়ত ঠাই লয়, যিসকলে মৰম, দয়া, সহানুভূতি আৰু সৎকৰ্মৰ বীজ সিঁচি যায়, তেওঁলোক কেতিয়াও প্ৰকৃত অৰ্থত মৰি নাযায়। তেওঁলোক জীয়াই থাকে মানুহৰ স্মৃতিত, আশীৰ্বাদত আৰু তেওঁলোকৰ আদৰ্শত।
এদিন আমিও যাম। এই পৃথিৱীৰ সকলো যাত্ৰাৰ দৰে এই যাত্ৰাও নিশ্চিত। কিন্তু যোৱাৰ আগতে যদি এনেকুৱা জীৱন এটা গঢ়ি তুলিব পাৰোঁ, য'ত কোনোবাই আমাৰ নাম উচ্চাৰণ কৰি ক'ব পাৰে—“তেওঁ এজন ভাল মানুহ আছিল; তেওঁৰ উপস্থিতিয়ে বহু জীৱন স্পৰ্শ কৰিছিল”—তেন্তে সেইটোৱেই হ'ব জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি।
সেয়েহে আহক, অহংকাৰৰ সিংহাসনৰ পৰা নামি মানুহৰ হৃদয়ত ঠাই লওঁ। ধন-সম্পদৰ গৌৰৱত নহয়, সৎকৰ্মৰ সুবাসত জীৱনক সুগন্ধিত কৰোঁ। কাৰণ মৃত্যুৰ সেই নীৰৱ যাত্ৰাত লগত নাযায় কোনো সম্পত্তি, কোনো উপাধি, কোনো প্ৰতিপত্তি—লগত যায় কেৱল এটা সুন্দৰ জীৱনৰ সুবাস, সৎকৰ্মৰ পোহৰ আৰু অগণন হৃদয়ৰ আশীৰ্বাদ।
সঁচাকৈয়ে, মানুহৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ পৰিচয় ধন-সম্পদ নহয়; সৰ্বশ্ৰেষ্ঠ পৰিচয় হৈছে—"এজন ভাল মানুহ"। সেই পৰিচয়েই মৃত্যুকো শান্ত, সৌন্দৰ্যময় আৰু অৰ্থপূৰ্ণ কৰি তোলে।
No comments:
Post a Comment