Tuesday, 22 September 2026

মৌ পালন এক সন্মানজনক কাম আৰু স্বাভলম্বিতাৰ সুৰ্বণ সুযোগ

সকলোৰে ঘৰত মৌ জুলৰ ব্যৱহাৰ হয়। কেতিয়াবা ঔষধৰ উপকৰণ হিচাপে, কেতিয়াবা খাদ্যৰ ব্যঞ্জনত অধিক সোৱাদযুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় । কিন্তু এই মৌৰ ব্য়ৱহাৰ যদিও আমি সকলোৱে কৰোঁ কিন্তু মৌ পালন কৰি ঘৰতে উত্পাদন কৰা কথা আমি খুউব কম সংখ্যক লোকেহে ভাৱোঁ। কেতিয়া মৌ-পালনৰ কথা মনলৈ আহিলেও ইয়াৰ বাবে উপযুক্ত জ্ঞান আৰু পালনৰ মৌলিক কৌশল নথকাহেতু আমি পিছুৱাই যাবলগীয়া হয়। আনহাতে ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ মতে প্ৰতিগৰাকী শিক্ষাৰ্থী নিজৰ পাঠ্যপুথিৰ বাহিৰেও দক্ষতা বিকাশৰ কিছুমান পাঠ্যক্ৰম নিদ্ধাৰণ কৰি দিয়া হৈছে । 

গতিকে এক বৃহত স্বাৰ্থৰ প্ৰতি ৰাখি নামৰূপ মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ মাজত ব্যৱসায় ক্ষেত্ৰখন লাভৱান হব পৰাকৈ বিভিন্ন সময়ত স্থানীয় পৰিৱেশৰ লগত খাপখোৱা প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । এইবাৰো এনে এটা পদক্ষেপ হিচাপে বৈজ্ঞানিক পদ্ধতিৰে মৌ পালন কৰাৰ এক কৰ্মশালা  অহা ২৪ চেপ্তেম্বৰত ২০২৬, মহাবিদ্যালয়ৰ চৌহদত আয়োজন কৰা হৈছে। গতিকে এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰিবলৈ আগতিয়াকৈ পঞ্জীয়ন কৰাটো খুবেই দৰকাৰী । গতিকে ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় আগ্ৰহী ৰাইজক অহা কাইলৈ দিনৰ বাৰ বজাৰ ভিতৰত তলৰ লিংকত গৈ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হল। https://forms.gle/VmDvigNKtWE5baK99

আগতীয়া পঞ্জীয়ন কৰাসকলক দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হব। মুঠ আসনৰ সংখ্যা ৪০ 

No comments:

Post a Comment

মৌ পালন এক সন্মানজনক কাম আৰু স্বাভলম্বিতাৰ সুৰ্বণ সুযোগ

সকলোৰে ঘৰত মৌ জুলৰ ব্যৱহাৰ হয়। কেতিয়াবা ঔষধৰ উপকৰণ হিচাপে, কেতিয়াবা খাদ্যৰ ব্যঞ্জনত অধিক সোৱাদযুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় । কিন্তু এই মৌৰ ব্...