Wednesday, 22 July 2026

Cockroach Janata Party - (CJP) কেনেকৈ গঢ়ি উঠিল?

ককৰোচ জনতা পাৰ্টী (CJP) ২০২৬ চনৰ মে' মাহত এক ব্যংগাত্মক (satirical) অনলাইন গণ-আন্দোলন হিচাপে আৰম্ভ হৈছিল। ই কোনো নিবন্ধিত ৰাজনৈতিক দল নহয়। মুখ্য ন্যায়াধীশে কিছু নিবনুৱা যুৱক-যুৱতীক "ককৰোচ" বুলি উল্লেখ কৰাৰ পিছত সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত অভিজিৎ দীপকে এই আন্দোলনৰ সূচনা কৰে। আন্দোলনটোৱে "ককৰোচ" শব্দটোকেই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ আৰু কঠিন পৰিস্থিতিতো টিকি থকাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰে।

ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ মূল কাৰণসমূহ হ'ল—

  • ছ'চিয়েল মিডিয়া, বিশেষকৈ Instagram আৰু X-ত ভাইৰেল প্ৰচাৰ।
  • মিমিকি, ব্যংগ আৰু হাস্যৰসৰ জৰিয়তে যুৱ সমাজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰে।
  • চাকৰিৰ অভাৱ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা আদি সমস্যাত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱা যুৱক-যুৱতীৰ পৰা ব্যাপক সমৰ্থন লাভ কৰে।
  • বিশেষকৈ NEET পৰীক্ষাক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদৰ ফলত অনলাইন আন্দোলনটো ৰাজপথৰ গণ-আন্দোলনলৈ ৰূপান্তৰিত হয়।
বৰ্তমান দেশৰ ৰাজধানী দিল্লীৰ যন্ত্ৰৰ -মন্ত্ৰৰত CJPৰ উদ্যোগত ব্যাপক গণ-আন্দোলন চলি আছে। এই আন্দোলনে কেৱল ভাৰতবৰ্ষতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ভাৰতীয়ই এই আন্দোলনত অংশগ্ৰহণ কৰি Cockroach Janata Party ক সমৰ্থন জনোৱা দেখা গৈছে।

তিনিমাহৰ আগতে গঠন হোৱা CJP য়ে অতি কম সময়ৰ ভিতৰত ভাৰতবৰ্ষত নৱ-প্ৰজন্মৰ কণ্ঠস্বৰূপ হৈ পৰা এই অৰাজনৈতিক সংগঠনটোৱে দেশৰ জনতাৰ ব্যাপক সহাৰি লাভ কৰিছে ।

No comments:

Post a Comment

50 Current Affairs & General Knowledge MCQs (2025–2026 level) suitable for APSC, UPSC, SSC, Banking, Railway, Assam Police, and other competitive examinations.

1. Which city hosted the 2025 AI Action Summit?  A. New Delhi B. Paris C. London  D. Tokyo Answer: B 2. Which country became the newest memb...