Friday, 24 July 2026

ভাৰতৰ যুৱশক্তি: দক্ষতা, উচ্চ শিক্ষা আৰু কৰ্মসংস্থাপনৰ মাজেৰে জনমিতিক সুবিধাৰ বাস্তৱায়ন

বৰ্তমান ভাৰত এক ঐতিহাসিক সন্ধিক্ষণত উপনীত হৈছে। বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যাৰ দেশ হিচাপে ভাৰতৰ হাতত এনে এক জনমিতিক সুবিধা (Demographic Dividend) আছে, যি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে দেশক বিশ্বৰ অন্যতম অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। কিন্তু এই সম্ভাৱনা কেৱল জনসংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে; ই নিৰ্ভৰ কৰে এই যুৱশক্তিক কিমান গুণগত শিক্ষা, দক্ষতা আৰু উৎপাদনশীল কৰ্মসংস্থাপনৰ সৈতে সংযুক্ত কৰিব পৰা যায় তাৰ ওপৰত।

ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয়ে (NSSO) প্ৰকাশ কৰা Periodic Labour Force Survey (PLFS) ২০২৩–২৪-এ ভাৰতৰ শ্ৰম বজাৰৰ এক আশাব্যঞ্জক ছবি দাঙি ধৰাৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ কথাও স্পষ্টভাৱে উন্মোচন কৰিছে।

সমীক্ষাটোত দেখুৱাইছে যে বিগত কেইবাবছৰৰ তুলনাত ভাৰতৰ শ্ৰম বজাৰত উল্লেখযোগ্য উন্নতি হৈছে। ১৫ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ শ্ৰমশক্তি অংশগ্ৰহণৰ হাৰ (Labour Force Participation Rate – LFPR) বৃদ্ধি পাই ৬০.১ শতাংশ হৈছে। একেদৰে কৰ্মৰত জনসংখ্যাৰ অনুপাত (Worker Population Ratio – WPR) বৃদ্ধি পাই ৫৮.২ শতাংশ হৈছে আৰু সামগ্ৰিক নিৱনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস পাইছে। এই তথ্যসমূহে দেশৰ অৰ্থনীতি অধিক লোকক কৰ্মসংস্থাপনৰ সুযোগ দিবলৈ সক্ষম হোৱাৰ ইতিবাচক ইংগিত বহন কৰে।

কিন্তু ভাৰতৰ যুৱসমাজৰ ক্ষেত্ৰত চিত্ৰখন কিছু ভিন্ন। ১৫–২৯ বছৰ বয়সৰ যুৱসকলৰ শ্ৰমশক্তি অংশগ্ৰহণৰ হাৰ ৪৬.৫ শতাংশ, আনহাতে কৰ্মৰত যুৱৰ অনুপাত ৪১.৭ শতাংশ। অৰ্থাৎ প্ৰায় অর্ধেক যুৱই কৰ্মবজাৰত অংশগ্ৰহণ কৰিলেও সকলোৱে কৰ্মসংস্থান লাভ কৰা নাই। অধিক উদ্বেগজনক বিষয় হৈছে যে এই বয়সৰ গোটত নিৱনুৱাৰ হাৰ ১০.২ শতাংশ, যি সামগ্ৰিক  হাৰতকৈ তিনিগুণতকৈও অধিক। নগৰাঞ্চলৰ যুৱক-যুৱতীসকলে বিশেষকৈ অধিক সমস্যাৰ সন্মুখীন হৈছে আৰু নগৰাঞ্চলৰ যুৱ মহিলাসকলৰ নিৱনুৱা হাৰ ২০.১ শতাংশ

এই পৰিসংখ্যাই এটা গুৰুত্বপূৰ্ণ বাস্তৱতা প্ৰকাশ কৰে। সমস্যাটো কেৱল চাকৰিৰ সংখ্যা কম হোৱাতেই সীমাবদ্ধ নহয়; সমস্যাৰ মূল কাৰণ হৈছে উচ্চ শিক্ষা আৰু কৰ্মবজাৰৰ প্ৰয়োজনীয়তাৰ মাজত ক্ৰমবৰ্ধমান ব্যৱধান।

ভাৰতত উচ্চ শিক্ষাৰ প্ৰসাৰ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। নতুন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন হৈছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে বহু উদ্যোগ প্ৰতিষ্ঠানে অভিযোগ কৰে যে ডিগ্ৰীধাৰী স্নাতকসকলৰ মাজত কৰ্মক্ষেত্ৰত প্ৰয়োজনীয় দক্ষতাৰ অভাৱ আছে। এই পৰিস্থিতিয়ে স্পষ্টকৈ বুজাই দিয়ে যে আজিৰ বিশ্বত কেৱল ডিগ্ৰী লাভ কৰিলেই সফলতা নিশ্চিত নহয়।

আধুনিক উদ্যোগসমূহে এনে যুৱক বিচাৰে, যিসকলৰ তাত্ত্বিক জ্ঞানৰ লগতে ব্যৱহাৰিক দক্ষতা, ডিজিটেল সাক্ষৰতা, সমস্যা সমাধান ক্ষমতা, যোগাযোগ দক্ষতা, দলীয় নেতৃত্ব, উদ্ভাৱনী চিন্তাধাৰা আৰু উদ্যোগী মনোভাৱ আছে। দুখৰ বিষয় যে আমাৰ বহু শিক্ষানুষ্ঠান এতিয়াও মুখস্থ-ভিত্তিক শিক্ষাৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাই।

PLFS-ৰ এই ফলাফলসমূহে দক্ষতা বিকাশ (Skill Development)-ক অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা স্পষ্ট কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-এ ইতিমধ্যে বহুমুখী শিক্ষা, ব্যৱসায়িক শিক্ষা, Internship, Apprenticeship, Experiential Learning আৰু দক্ষতাভিত্তিক পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কিন্তু এই নীতিৰ সফলতা তেতিয়াহে নিশ্চিত হ'ব যেতিয়া ইয়াৰ বাস্তৱায়ন প্ৰতিটো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত ফলপ্ৰসূভাৱে সম্পন্ন হ'ব।

আজিৰ সময়ত দক্ষতা বিকাশক পৃথক প্ৰশিক্ষণ হিচাপে নেদেখি উচ্চ শিক্ষাৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিব লাগিব। প্ৰতিজন স্নাতক শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমৰ অংশ হিচাপে উদ্যোগত প্ৰশিক্ষণ, Internship, Apprenticeship, Entrepreneurship Development Programme, Digital Skill Training আৰু Project-based Learning লাভ কৰাৰ সুযোগ পোৱা উচিত।

বৰ্তমান বিশ্ব Artificial Intelligence, Data Science, Robotics, Biotechnology, Renewable Energy, Cyber Security আৰু Green Technology-ৰ যুগত প্ৰৱেশ কৰিছে। এই নতুন ক্ষেত্ৰসমূহত দক্ষ জনশক্তিৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। সেয়ে বিশ্ববিদ্যালয়সমূহে সময়োপযোগী পাঠ্যক্ৰম প্ৰস্তুত কৰি শিক্ষাৰ্থীক ভৱিষ্যতৰ কৰ্মবজাৰৰ বাবে সাজু কৰিব লাগিব।

আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে উদ্যোগিতা। PLFS-এ দেখুৱাইছে যে বিশেষকৈ গ্ৰামাঞ্চলত স্ব-নিয়োজিত (Self-employed) লোকৰ সংখ্যা যথেষ্ট বেছি। এই বাস্তৱতাই স্পষ্টকৈ বুজায় যে চৰকাৰৰ Startup India, Skill India, Digital India আৰু MSME-ভিত্তিক আঁচনিসমূহে অধিক শক্তিশালী ৰূপত আগবাঢ়িব লাগিব। বিশেষকৈ বিশ্ববিদ্যালয়সমূহত Innovation Centre, Incubation Centre আৰু Entrepreneurship Cell অধিক সক্ৰিয় কৰিব লাগিব, যাতে যুৱসকলে কেৱল চাকৰি বিচৰা নহয়, নতুন কৰ্মসংস্থাপনো সৃষ্টি কৰিব পাৰে।

মহিলা কৰ্মসংস্থানৰ বিষয়টোও বিশেষ গুৰুত্বৰ দাবীদাৰ। যদিও মহিলাৰ শ্ৰমশক্তি অংশগ্ৰহণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে, তথাপিও নগৰাঞ্চলৰ শিক্ষিত মহিলাসকলৰ বেকাৰত্ব উদ্বেগজনক। সুৰক্ষিত কৰ্মপৰিবেশ, নমনীয় কৰ্মব্যৱস্থা, শিশুৰ যত্নৰ সুবিধা, ডিজিটেল কৰ্মসংস্থান আৰু মহিলা উদ্যোগপতিক অধিক উৎসাহ প্ৰদান কৰিলে এই সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি।

উত্তৰ-পূৰ্বাঞ্চলৰ দৰে অঞ্চলৰ ক্ষেত্ৰত এই বিষয়বোৰ অধিক গুৰুত্বপূৰ্ণ। অসমৰ দৰে ৰাজ্যত জৈৱ বৈচিত্ৰ্য, কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ, জৈৱ-প্ৰযুক্তি, পৰিবেশ সংৰক্ষণ, ইক' টুৰিজম, বনজ সম্পদ আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বিশাল সম্ভাৱনা আছে। এই সম্ভাৱনাসমূহক লক্ষ্য কৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে দক্ষতাভিত্তিক পাঠ্যক্ৰম আৰম্ভ কৰিব পাৰিলে স্থানীয় যুৱসমাজে নিজ ৰাজ্যতেই নতুন কৰ্মসংস্থাপনৰ পথ মুকলি কৰিব পাৰিব।

ভাৰতৰ এই জনমিতিক সুবিধা চিৰস্থায়ী নহয়। বিশ্বৰ বহু উন্নত দেশে এসময়ত একেধৰণৰ সুবিধা লাভ কৰিছিল, কিন্তু বৰ্তমান তেওঁলোক বৃদ্ধ জনসংখ্যাৰ সমস্যাৰ সন্মুখীন। ভাৰতৰ হাতত এই সুযোগ সীমিত সময়ৰ বাবেহে আছে। গতিকে আজিৰ যুৱসমাজক গুণগত শিক্ষা, আধুনিক দক্ষতা, গৱেষণা, উদ্ভাৱন আৰু উৎপাদনশীল কৰ্মসংস্থাপনৰ সৈতে সংযুক্ত কৰাটো ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হ'ব লাগিব।

PLFS ২০২৩–২৪-ৰ মূল বাৰ্তা স্পষ্ট—ভাৰতৰ শ্ৰম বজাৰ উন্নতিৰ পথত আছে, কিন্তু এই উন্নতি স্থায়ী কৰিবলৈ গুণগত উচ্চ শিক্ষা, দক্ষতা বিকাশ, বিশ্ববিদ্যালয়-উদ্যোগ সহযোগিতা, উদ্ভাৱন, উদ্যোগিতা আৰু অধিক কৰ্মসংস্থাপনমুখী উন্নয়ন নীতি গ্ৰহণ কৰাটো অনিবাৰ্য।

ভাৰতৰ ওচৰত জনসংখ্যা আছে, প্ৰতিভা আছে, সম্ভাৱনা আছে। এতিয়া প্ৰয়োজন হৈছে এনে এখন শিক্ষা আৰু উন্নয়ন ব্যৱস্থা গঢ়ি তোলাৰ, যিয়ে প্ৰতিজন যুৱক-যুৱতীক কেৱল ডিগ্ৰীধাৰী নহয়, দক্ষ, আত্মবিশ্বাসী, উদ্ভাৱনী আৰু কৰ্মসংস্থান সৃষ্টিকাৰী নাগৰিক হিচাপে গঢ়ি তুলিব। যদি এই লক্ষ্য বাস্তৱায়িত হয়, তেন্তে ভাৰতৰ যুৱশক্তিয়েই একবিংশ শতিকাত দেশক বিশ্ব নেতৃত্বৰ আসনত অধিষ্ঠিত কৰিব। অন্যথা, আজিৰ এই সুবৰ্ণ সুযোগেই ইতিহাসৰ এক হেৰাই যোৱা সম্ভাৱনালৈ পৰিণত হ'ব।

লেখক:
ড° জয়ন্ত সোনোৱাল
সহকাৰী অধ্যাপক আৰু মুৰব্বী, উদ্ভিদ বিজ্ঞান বিভাগ
নামৰূপ মহাবিদ্যালয়, অসম

No comments:

Post a Comment

ভাৰতৰ যুৱশক্তি: দক্ষতা, উচ্চ শিক্ষা আৰু কৰ্মসংস্থাপনৰ মাজেৰে জনমিতিক সুবিধাৰ বাস্তৱায়ন

বৰ্তমান ভাৰত এক ঐতিহাসিক সন্ধিক্ষণত উপনীত হৈছে। বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যাৰ দেশ হিচাপে ভাৰতৰ হাতত এনে এক জনমিতিক সুবিধা (Demographic Divid...