নিজৰ সন্তানৰ ভৱিষ্যতক লৈ সকলো পিতৃ-মাতৃৱে চিন্তিত হয় । এই চিন্তাই বেছিকৈ ভাৰাক্ৰান্ত কৰে যেতিয়া সন্তানে মেট্ৰিক পাছ কৰে । যদিও কোৱা হয় ভৱিষ্যতে পঢ়া-শুনা কৰিবলৈ মেট্ৰিকৰ ফলাফলৰ ইমান গুৰুত্ব নাই । কথাটো যদিও মানুহে মুখে মুখে আলচ্ কৰে কিন্তু ইয়াৰ পাছত কি পঢ়িব তাক নিৰ্ণয় কৰিবলৈ এই মেট্ৰিকৰ ফলাফলটোকে অগ্ৰাধিকাৰ দিয়া হয় । মেট্ৰিক পাছ কৰাৰ লগে লগে বিভিন্ন দিশত শিক্ষা-গ্ৰহণ কৰিব পাৰে । ইয়াৰ ভিতৰত মানুহে প্ৰাধান্য দিয়ে বিজ্ঞান, কলা বা বাণিজ্য বিষয়ত । যদি ভৱিষ্যতে বিজ্ঞান পঢ়ি কেৰিয়াৰ গঢ়া কথা ভাৱে তেন্তে উচ্চতৰ মাধ্যমিক শাখাটোত বিজ্ঞানেই পঢ়িব লাগিব । ঠিক তেনেকৈ কলা বা বাণিজ্য ক্ষেত্ৰত পঢ়িবলৈ সেই পাঠ্যক্ৰমৰ যোগেদিয়েই আগুৱাব লাগিব। আৰু এই আটাইকেইটাৰ যিকোনো এটা বিষয় লৈ পঢ়িবলৈ প্ৰথমে সকলোৱে মেট্ৰিকৰ মাকশ্বীট খনকে ভিত্তি হিচাপে লয় ।
ধৰাহওক, কোনো এজন ছাত্ৰই বিজ্ঞান পঢ়িবলৈ বিচাৰে । তাৰ বাবে প্ৰথমে মেট্ৰিকত পোৱা গণিত আৰু বিজ্ঞানৰ নম্বৰকে প্ৰথমে চোৱা হয় । যদি এই বিষয় দুটাত ভাল নম্বৰ পাইছে তেন্তে ধৰি লোৱা হয় যে ল'ৰাটোৱে বিজ্ঞান পঢ়িলে সফলতা অৰ্জন কৰিব পাৰিব। কথাটো ঠিক অমূলক নহয় । গণিত আৰু বিজ্ঞানৰ মৌলিক জ্ঞানখিনি হাই স্কুলতে পোৱা যায় আৰু যি সকল ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰ ভালদৰে হাই স্কুলতে গ্ৰহণ কৰিলে তেওঁলোকৰ কাৰণে উচ্চতৰ মাধ্যমিক শাখাত বিজ্ঞান পঢ়িবলৈ সহায়ক হয়। কিন্তু এইটো কথাও সচা যে বিজ্ঞান আৰু গণিতত বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়েও কলা বা বাণিজ্য শাখাত পঢ়ে । সেইটো তেওঁলোকে মনত পুহি ৰখা কেৰিয়াৰ বাবে নিজৰ পচণ্ডৰ শাখাত অধ্যয়ন কৰে । আৰু এইটোও নহয় যে বিজ্ঞান আৰু গণিতত ভাল নম্বৰ পালেই যে সকলো ল'ৰা-ছোৱালীয়ে উচ্চতৰ মাধ্যমিক শাখাত ভাল ফলাফল দেখুৱাব পাৰিব!
No comments:
Post a Comment